ভাৰতৰ নিৰ্বাচন আয়োগে দেশৰ ১৭ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত ভোটাৰ তালিকাৰ ‘বিশেষ সংক্ষিপ্ত সংশোধনী’ ( এছ এছ আৰ) চলোৱাৰ নিৰ্দেশ জাৰি কৰিছে। এই প্ৰক্ৰিয়াৰ অধীনত ২০২৭ চনৰ ১ জানুৱাৰীলৈকে ১৮ বছৰ বয়স সম্পূৰ্ণ কৰা সকলো যোগ্য যুৱক-যুৱতীয়ে ভোটাৰ তালিকাত নিজৰ নাম পঞ্জীয়ন বা অন্তৰ্ভুক্ত কৰিব পাৰিব। সংশোধনীৰ আওতালৈ অহা ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহ হৈছে আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, অসম, বিহাৰ, ছত্তীশগড়, গোৱা, গুজৰাট, কেৰালা, লক্ষদ্বীপ, মধ্যপ্ৰদেশ, মণিপুৰ, পুডুচেৰী, পঞ্জাৱ, ৰাজস্থান, তামিলনাডু, উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড আৰু পশ্চিম বংগ।
যিবোৰ ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চলত বৰ্তমান ভোটাৰ তালিকাৰ এছ আই আৰ চলি আছে বা অলপতে সম্পূৰ্ণ হৈছে, সেইবোৰ ৰাজ্যৰ বাবে ‘বিশেষ সংক্ষিপ্ত সংশোধনী’ ( এছ এছ আৰ)ৰ সময়সূচী পিছত পৃথকভাৱে ঘোষণা কৰা হ’ব।পূৰ্বৰ ভোটাৰ তালিকাত থকা ভুল-ভ্ৰান্তি (যেনে- নাম, ঠিকনা, বয়স ইত্যাদি) শুধৰণি কৰা আৰু মৃত বা স্থানান্তৰিত ভোটাৰৰ নাম কৰ্তন কৰি তালিকাখন শুদ্ধ কৰাটো ইয়াৰ উদ্দেশ্য। ২০২৭ চনৰ ১ জানুৱাৰীৰ উপৰিও, ২০২৭ চনৰ ১ এপ্ৰিল, ১ জুলাই আৰু ১ অক্টোবৰত ১৮ বছৰ পূৰ্ণ হ’বলগীয়া যুৱক-যুৱতীসকলেও আবেদন জমা দিব পাৰিব, যাতে বয়স পূৰ্ণ হোৱাৰ লগে লগে তেওঁলোকৰ নাম সংযোজিত হয়।
উল্লেখ্য যে ২০২৭ চনত পাঁচখন গুৰুত্বপূৰ্ণ ৰাজ্য—উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড, পঞ্জাৱ, মণিপুৰ আৰু গোৱাত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব। এই পাঁচোখন ৰাজ্যতে এই এছ এছ আৰ প্ৰক্ৰিয়া চলোৱাৰ নিৰ্দেশ দিয়া হৈছে।৪০৩ খন আসনৰ উত্তৰ প্ৰদেশৰ বিধানসভাৰ কাৰ্যকাল ২০২৭ চনৰ ২২ মে’ত সমাপ্ত হ’ব।মণিপুৰ (৬০ আসন), গোৱা (৪০ আসন), পঞ্জাৱ (১১৭ আসন) আৰু উত্তৰাখণ্ড (৭০ আসন) ৰ বিধানসভাৰ কাৰ্যকাল ২০২৭ চনৰ মাৰ্চ মাহৰ বিভিন্ন তাৰিখে শেষ হ’ব।
