মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত দিল্লীত প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আহি আৰক্ষীৰ জিম্মাত থকাৰ সময়তে এক ব্যক্তিগত শোকৰ সন্মুখীন হ’ল ককৰোচ জনতা পাৰ্টীৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকে। শনিবাৰে পুৱা মহাৰাষ্ট্ৰৰ হিংগোলী জিলাৰ সন্তুক পিম্পৰীস্থিত নিজ বাসভৱনত শেষ নিশ্বাস ত্যাগ কৰে দীপকেৰ আইতাক সাবিত্ৰীবাই দীপকেয়ে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৫ বছৰ।
পৰিয়ালৰ ঘনিষ্ঠ সূত্ৰই প্ৰকাশ কৰা অনুসৰি, বিগত কিছুদিন ধৰি বাৰ্ধক্যজনিত অসুস্থতাত ভুগি আছিল সাবিত্ৰীবাই দীপকে। বিশেষভাৱে মন কৰিবলগীয়া যে দিল্লী বিমানবন্দৰত অৱতৰণ কৰা বিমানখনৰ ভিতৰৰ পৰাই দীপকেক আৰক্ষীয়ে আটক কৰাৰ মাত্ৰ কেইঘণ্টামান পিছতেই এই বিয়োগৰ খবৰ আহে। মুম্বাইৰ পৰা সতীৰ্থ সৌৰভ দাস আৰু আশুতোষ ৰাংকাক লগত লৈ যন্তৰ মন্তৰৰ প্ৰতিবাদ কাৰ্যসূচীত অংশ ল’বলৈ আহিছিল যুৱ নেতাগৰাকী।
ইফালে, ছত্ৰপতি সম্ভাজীনগৰত বাস কৰা দীপকেৰ পিতৃ ভগৱান দীপকে আৰু মাতৃ অনিতা দীপকে আইতাকৰ মৃত্যুৰ বাতৰি পাই তাৎক্ষণিকভাৱে হিংগোলীলৈ ৰাওনা হয়। দিল্লী আৰক্ষীৰ জিম্মাত থকাৰ বাবে পৰিয়ালৰ এই দুখবৰ অভিজিৎ দীপকেই এতিয়ালৈকে পাইছেনে নাই, সেয়া এতিয়াও নিশ্চিত হোৱা নাই। অৱশ্যে শোকৰ বাতৰি পোৱাৰ পিছত আৰক্ষীয়ে তেওঁক সম্ভাজীনগৰলৈ যোৱাৰ ব্যৱস্থা কৰাৰ সম্ভাৱনা আছে বুলিও এক সূত্ৰই প্ৰকাশ কৰে।
আনহাতে, দিল্লীত প্ৰতিবাদৰ হুংকাৰৰ পিছতেই মহাৰাষ্ট্ৰৰ ছত্ৰপতি সম্ভাজীনগৰস্থিত দীপকেৰ বাসভৱনতো আৰক্ষীয়ে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলে। অঞ্চলটোৰ ৱালুজ এলেকাত থকা দীপকেৰ ঘৰৰ চৌহদত পূৰ্বতে মাত্ৰ এজন নিৰাপত্তাৰক্ষী নিয়োজিত হৈ আছিল যদিও নতুন দিল্লীৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি জিলা সদৰৰ পৰা অতিৰিক্তভাৱে ২০ জনীয়া আৰক্ষীৰ এটা দল মোতায়েন কৰা বুলি জানিবলৈ দিয়ে স্থানীয় আৰক্ষী বিষয়াই। ভোটাৰ তালিকা সংশোধন প্ৰক্ৰিয়া আৰু প্ৰ-পত্ৰ ৬ সম্পৰ্কীয় অনিয়মৰ অভিযোগ তুলি মুখ্য নিৰ্বাচন আয়ুক্তৰ পদত্যাগৰ দাবীত চিজেপিয়ে এই আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছিল।
