চিএছআইআৰ-নেচনেল ইনষ্টিটিউট ফৰ ইণ্টাৰডিচিপ্লিনেৰী ছায়েন্স এণ্ড টেকন’লজী (চিএছআইআৰ-এনআইআইএছটি) আৰু টাটা কনজিউমাৰ প্ৰডাক্টছ লিমিটেড(টিচিপিএল)-এ যুটীয়াভাৱে থিৰুৱনন্তপুৰমৰ থন্নাক্কলস্থিত বায়’ ৩৬০ লাইফ ছায়েন্সেছ পাৰ্কৰ চিএছআইআৰ-এনআইআইএছটি উদ্ভাৱন, প্ৰযুক্তি আৰু উদ্যোগী হাবত চেণ্টাৰ অব্ এক্সেলেন্স ফৰ ফুড ফৰ্টিফিকেচন ইনোভেচন, ৰিচাৰ্চ এণ্ড ট্ৰেইনিং (চিইএফআইআৰটি) স্থাপনৰ বাবে সহযোগিতা কৰিছে। ২০২৬ চনৰ ২৫ ছেপ্টেম্বৰত নতুন দিল্লীত অনুষ্ঠিত ৮৫ সংখ্যক চিএছআইআৰৰ প্ৰতিষ্ঠা দিৱস উদযাপনৰ সময়ত কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি তথা ভূ বিজ্ঞান মন্ত্ৰী (স্বতন্ত্ৰ দায়িত্বপ্ৰাপ্ত) ড° জিতেন্দ্ৰ সিং আৰু চিএছআইআৰৰ সঞ্চালক প্ৰধান ড° এন কালাইচেলভিৰ উপস্থিতিত এখন বুজাবুজিৰ চুক্তিৰ জৰিয়তে এই সহযোগিতাক আনুষ্ঠানিক ৰূপ দিয়া হয়।
চিইএফআইআৰটি-এ খাদ্য পুষ্টিকৰণৰ গৱেষণা, উদ্ভাৱন আৰু প্ৰশিক্ষণৰ বাবে এক ৰাষ্ট্ৰীয় মঞ্চ হিচাপে কাম কৰিব। ই প্ৰটিন সমৃদ্ধ আৰু বিশেষ পুষ্টি উপাদানযুক্ত সামগ্ৰীৰ লগতে শস্য, নিমখ, গাখীৰ আৰু ভোজ্য তেল আদিৰ দৰে প্ৰধান খাদ্যসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰিব। ইয়াৰ উপৰিও এই কেন্দ্ৰটোৱে পুষ্টিৰ স্থিৰতা, গুণগত মান নিশ্চিতকৰণ, জৈৱ-উপলভ্যতা, প্ৰযুক্তিৰ বিকাশ, সম্প্ৰসাৰণ আৰু বাণিজ্যিকীকৰণৰ গৱেষণাত সহায় কৰিব।
গুৱাহাটী তথা সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত এই পদক্ষেপৰ বিশেষ প্ৰাসংগিকতা থাকিব পাৰে, কাৰণ বৰ্তমান চহৰীয়া আৰু উদীয়মান গ্ৰাহকসকলৰ মাজত পুষ্টিবৰ্ধিত তথা গুণগত খাদ্য সামগ্ৰীৰ চাহিদা ক্ৰমান্বয়ে বৃদ্ধি পাইছে। বৈজ্ঞানিকভাৱে প্ৰমাণিত এনে পুষ্টিকৰ খাদ্যৰ সহজ উপলব্ধতাই উত্তৰ-পূৰ্বাঞ্চলত উদ্যোগ আৰু পুষ্টি-কেন্দ্ৰিক সামগ্ৰী বিকাশৰ বাবে ন ন সুযোগৰ সৃষ্টি কৰিব পাৰে।
চিএছআইআৰ-এনআইআইএছটিৰ সঞ্চালক ড° চি আনন্দৰামাকৃষ্ণন আৰু টিচিপিএলৰ গ্লবেল মুখ্য গৱেষণা আৰু উন্নয়ন বিষয়া বিকাশ গুপ্তাই দীৰ্ঘম্যাদী খাদ্য পুষ্টিকৰণ সেৱাৰ বিকাশৰ ক্ষেত্ৰত উদ্যোগ আৰু শৈক্ষিক প্ৰতিষ্ঠানৰ মাজত থকা এনে সহযোগিতাৰ গুৰুত্বৰ কথা দোহাৰে।
চিএছআইআৰ-এনআইআইএছটি আৰু টাটা কনজিউমাৰ প্ৰডাক্টছৰ যৌথ উদ্যোগত খাদ্য পুষ্টিকৰণ কেন্দ্ৰ স্থাপন
