কেৰালামৰ ইডুক্কি জিলাৰ ভাট্টাভাদাৰ কোট্টাকাম্বুৰত দেওবাৰে ব্যাপক ভূমিস্খলন আৰু ক্ষন্তেকীয়া বানে বিধ্বংসী ৰূপ ধাৰণ কৰে ৷ এই ভয়াবহ প্ৰাকৃতিক দুৰ্যোগত কমেও ছয়জন লোক নিহত হোৱাৰ বিপৰীতে পৰ্যটককে ধৰি আন কেইবাজনো লোক নিৰুদ্দেশ হৈ আছে ৷ধাৰাসাৰ বৰষুণৰ বাবে বতৰ বিজ্ঞান বিভাগে আজি অৰ্থাৎ সোমবাৰে কোট্টায়ম, ইডুক্কি, এৰ্নাকুলাম, থ্ৰিছুৰ, মালাপ্পুৰম, পলাক্কাডকে ধৰি ছয়খন জিলাত য়েল্ল’ এলাৰ্ট জাৰি কৰিছে । বতৰ বিজ্ঞান বিভাগে ঘণ্টাত ৪০ কিলোমিটাৰ পৰ্যন্ত বেগেৰে প্ৰচণ্ড বতাহ বলিব বুলিও সকীয়াই দিছে ।বিশেষকৈ পাহাৰীয়া অঞ্চলত বৰষুণৰ পৰিমাণ তীব্ৰতৰ হৈ থকাৰ বাবে জনসাধাৰণক অত্যন্ত সাৱধানতা অৱলম্বন কৰিবলৈ কৰ্তৃপক্ষই আহ্বান জনাইছে । পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰী ভি ডি সাথীছানে বিষয়াসকলক পৰিস্থিতি নিৰীক্ষণ কৰিবলৈ নিৰ্দেশ দিছে ।
কেৰালামত ক্ষন্তেকীয়া বান, ভূমিস্খলনত ৬জনৰ মৃত্যু
