এভিভা লাইফ ইঞ্চুৰেন্স কোম্পানী ইণ্ডিয়া লিমিটেডে ‘এভিভা স্মার্ট ৰিটার্ন অব্ প্রিমিয়াম টার্ম প্লেন’ মুকলি কৰিছে। ইয়াৰ জৰিয়তে প্ৰতিষ্ঠানটোৱে নিজৰ সুৰক্ষা পৰ্টফলিঅ’ৰ সম্প্ৰসাৰণ কৰি এনে এক টার্ম ইঞ্চুৰেন্সৰ প্ৰস্তাৱ আগবঢ়াইছে, য’ত পলিচীৰ নিয়ম আৰু চর্তাৱলী সাপেক্ষে পলিচীধাৰীজন মেচ্যৰিটীপৰ্যন্ত জীয়াই থাকিলে পৰিশোধ কৰা মুঠ প্রিমিয়াম ঘূৰাই দিয়া হ’ব। এই প্লেনত ১০ৰ পৰা ৩০ বছৰ পৰ্যন্ত পলিচীৰ ম্যাদ আৰু যোগ্যতা সাপেক্ষে ৫ লাখ টকাৰ পৰা ৫০ লাখ টকালৈকে জীৱনৰ সুৰক্ষা প্ৰদান কৰা হৈছে। ১৮ৰ পৰা ৬০ বছৰ বয়সৰ ব্যক্তিয়ে এই প্লেনত নামভৰ্তি কৰিব পাৰিব আৰু সৰ্বাধিক মেচ্যৰিটীৰ বয়স ৭৫ বছৰ নিৰ্ধাৰণ কৰা হৈছে। প্ৰিমিয়ামসমূহ মাহেকীয়া, তিনিমহীয়া, ৬ মহীয়া বা বাৰ্ষিক ভিত্তিত পৰিশোধ কৰিব পৰা যাব।
এই বিকল্পত বৈকল্পিক আকস্মিক দুৰ্ঘটনা আৰু গুৰুতৰ ৰোগৰ ৰাইডাৰৰ সুবিধাও প্ৰদান কৰা হৈছে। ইয়াৰ উপৰিও গ্ৰাহকসকলে নিজৰ পত্নী আৰু/বা সন্তানৰ বাবে পলিচীৰ লাভালাভ সুৰক্ষিত কৰিবলৈ মেৰীড ৱমেনছ প্ৰপাৰ্টী এক্ট (এমডব্লিউপিএ)ৰ অধীনত সুৰক্ষা বাছনি কৰিব পাৰিব। পলিচীৰ চৰ্ত সাপেক্ষে, ছাৰেণ্ডাৰ ভেল্যু(সমৰ্পণ মূল্য)ৰ ৮০% পৰ্যন্ত পলিচী ঋণৰ সুবিধা উপলব্ধ হ’ব, আনহাতে প্ৰচলিত আইন অনুসৰি কৰ ৰেহাইৰ লাভালাভসমূহো প্ৰযোজ্য হ’ব।গুৱাহাটী মহানগৰীত এই শুভাৰম্ভণিয়ে দীৰ্ঘম্যাদী বিত্তীয় পৰিকল্পনাৰ সৈতে জীৱন সুৰক্ষা বিচৰা গ্ৰাহকসকলৰ বাবে আন এটা বিকল্প যোগ কৰিছে। একাধিক প্ৰিমিয়াম পৰিশোধৰ সময়সীমা আৰু পলিচীৰ ম্যাদৰ উপলব্ধতাই সমগ্ৰ অসমৰ বিভিন্ন বিত্তীয় প্ৰতিশ্ৰুতি আৰু সুৰক্ষাৰ প্ৰয়োজনীয়তা থকা পৰিয়ালসমূহক নমনীয়তা প্ৰদান কৰিব পাৰে।
এভিভা লাইফ ইঞ্চুৰেন্সৰ চিইঅ’ আৰু এমডি অচিত ৰাথে এই বিষয়ে কয় যে এই প্ৰস্তাৱে জীৱন সুৰক্ষাক প্ৰযোজ্য প্ৰিমিয়ামৰ এক নিৰ্দিষ্ট ৰিটাৰ্নৰ সৈতে একত্ৰিত কৰিছে। মুখ্য বিতৰণ বিষয়া ৰজত শ্ৰীবাস্তৱে কয় যে, ২০৪৭ চনৰ ভিতৰত “সকলোৰে বাবে বীমা” পদক্ষেপৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি এই অফাৰে কোম্পানীটোৰ সুৰক্ষা পৰ্টফলিঅ’ শক্তিশালী কৰিব আৰু বিভিন্ন চেনেল তথা বজাৰত ব্যাপক গ্ৰাহকৰ অংশগ্ৰহণক সমৰ্থন কৰিব।
