টাটা এআইএ লাইফ ইঞ্চুৰেন্সে টাটা এআইএ শুভ এছআইপি মুকলি কৰিছে, যি হৈছে এক ইউনিট-লিংকড ইঞ্চুৰেন্স প্লেন (ইউএলআইপি)। ই বজাৰ-সংলগ্ন সম্পদ সৃষ্টি, পৰিয়ালৰ সুৰক্ষা আৰু অৱসৰকালীন পৰিকল্পনাক এটা একক দীৰ্ঘম্যাদী বিত্তীয় সেৱাৰ ভিতৰলৈ লৈ আহিছে। কোম্পানীটোৱে জনোৱা অনুসৰি জীৱনৰ বিভিন্ন পৰ্যায়ত সলনি হোৱা বিত্তীয় অগ্ৰাধিকাৰসমূহৰ সৈতে খাপ খুৱাকৈ এই সেৱা প্ৰস্তুত কৰা হৈছে। শুভ এছআইপি-এ বজাৰ-সংলগ্ন বিনিয়োগৰ সুযোগ প্ৰদান কৰে, যাৰ লগতে পলিচীৰ প্ৰযোজ্য নিয়ম আৰু চৰ্ত সাপেক্ষে লয়েল্টি এডিচন আৰু মেচ্যৰিটী বুষ্টাৰ পোৱা যায়। ইয়াৰ সুৰক্ষামূলক বৈশিষ্ট্যসমূহৰ ভিতৰত ১ গুণ, ২ গুণ আৰু ৩ গুণ বিকল্পৰ সৈতে ‘ৱেইভাৰ অৱ প্ৰিমিয়াম’ সুবিধা অন্তৰ্ভুক্ত আছে। আনহাতে, ‘ফেমিলী ইনকাম কণ্টিনিউৱেচন বেনিফিট’ৰ উদ্দেশ্য হৈছে নিৰ্ভৰশীল ব্যক্তিসকলক অতিৰিক্ত মাহেকীয়া উপাৰ্জন প্ৰদান কৰা। এই প্লেনখনত আংশিক ধন উলিওৱা আৰু এটা স্বয়ংক্ৰিয় আংশিক ধন উলিওৱাৰ সুবিধাও আছে।
অৱসৰকালীন পৰিকল্পনাৰ বাবে ‘ৰিটায়াৰমেণ্ট/হোল লাইফ’ বিকল্পই পলিচিধাৰীক এটা অৱসৰকালীন পুঁজি গঢ়ি তোলাৰ সুযোগ দিয়ে আৰু ৬০ বছৰ বয়সৰ পৰা এটা স্বয়ংক্ৰিয় চিষ্টেমেটিক উইড্ৰৱেল প্লেন (এছডব্লিউপি) বাচনি কৰাৰ সুবিধা দিয়ে, য’ত এক নিৰ্দিষ্ট পৰিমাণ বা ফাণ্ডৰ ভেল্যুৰ এটা শতাংশ বা পৰিমাণ ধন উলিাব পাৰি। ‘নমিনী কণ্টিনিউৱেচন ৰাইটচ’ৰ জৰিয়তে মনোনীত ব্যক্তিয়ে ফাণ্ড সলনি কৰা, ট্ৰেন্সফাৰ আৰু আংশিক ধন উলিওৱাকে ধৰি অনুমোদিত পলিচী কাৰ্যাৱলী পৰিচালনা কৰিব পাৰে। ইয়াৰ নিষ্পত্তিৰ বিকল্পসমূহ ১৫, ২০, ২৫ বা ৩০ বছৰৰ বাবে উপলব্ধ। গুৱাহাটী মহানগৰীত পলিচীবজাৰৰ জৰিয়তে ইয়াৰ ডিজিটেল উপলব্ধতাই বীমা-সংলগ্ন বিনিয়োগ সেৱাৰ পৰিসৰ বৃদ্ধি কৰিব পাৰে, কিয়নো গ্ৰাহকসকলে ক্ৰমান্বয়ে সম্পদ সৃষ্টি, পৰিয়ালৰ সুৰক্ষা আৰু অৱসৰকালীন পৰিকল্পনাৰ বাবে একত্ৰিত পদ্ধতিৰ সন্ধান কৰিছে।
টাটা এআইএ লাইফ ইঞ্চুৰেন্সৰ পাৰ্টনাৰশ্বিপ ডিষ্ট্ৰিবিউচন এণ্ড গ্ৰুপ বিজনেছৰ চীফ বিজনেছ অফিচাৰ জিলানী বাছাই কয় যে, এই সেৱা মুকলিৰ উদ্দেশ্য হৈছে ব্যক্তিসকলক প্ৰতিটো জীৱনৰ পৰ্যায়ত নিজৰ পৰিকল্পনাসমূহ পুনৰ নতুনকৈ তৈয়াৰ নকৰাকৈয়ে নিজৰ নিজৰ বিত্তীয় যাত্ৰা আগবঢ়াই নিয়াত সহায় কৰা। পলিচীবাজাৰ.কমৰ লাইফ ইঞ্চুৰেন্সৰ চীফ বিজনেছ অফিচাৰ বিবেক জৈনে এই বিষয়ে কয় যে, এই অংশীদাৰিত্বই গ্ৰাহকসকলক দীৰ্ঘম্যাদী বিত্তীয় সেৱা অন্বেষণ কৰিবলৈ এটা ডিজিটেল প্লেটফৰ্ম প্ৰদান কৰিব।
