আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা চলাই নিহত ৰামানুজ গোস্বামী; মৃতদেহ চমজি ল’বলৈ অস্বীকাৰ পৰিয়ালৰ

আৰক্ষীৰ বাহনৰ পৰা পলায়নৰ চেষ্টা চলাই নিহত হ’ল পত্নীহত্যাকাৰী ৰামানুজ গোস্বামী। গুৱাহাটীৰ বশিষ্ঠপুৰত সংঘটিত লোমহৰ্ষক ৰিয়া তালুকদাৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত আছিল পেছাত কেব চালক ৰামানুজ। গৌৰীপুৰত আজি নিহত ২৫ বছৰীয়া পত্নী ৰিয়া তালুকদাৰ গোস্বামীৰ আদ্যশ্ৰাদ্ধ অনুষ্ঠিত হোৱাৰ দিনটোতে পুৱতি নিশা সংঘটিত হয় এই ঘটনা। সোমবাৰে পুৱতি নিশা প্ৰায় তিনি বজাত স্বাস্থ্য পৰীক্ষা আৰু ৰক্ত পৰীক্ষাৰ বাবে হাতীগাঁও থানাৰ পৰা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ লৈ যোৱাৰ সময়তে নৰকাসুৰ পাহাৰৰ সমীপত এই ঘটনা ঘটে।

আৰক্ষীৰ তথ্য অনুসৰি, চিকিৎসালয়লৈ লৈ যোৱাৰ মুহূৰ্ততে আৰক্ষীৰ বাহনৰ পৰা নামি নৰকাসুৰ পাহাৰৰ পৰা তললৈ জাপ মাৰি পলাই যাবলৈ চেষ্টা কৰে ৰামানুজে। আৰক্ষীয়ে দাবী কৰা মতে, চলন্ত বাহনৰ পৰা জঁপিয়াই পলায়নৰ চেষ্টা কৰাৰ সময়ত শিলত খুন্দা মাৰি গুৰুতৰ ৰক্তক্ষৰণ হয় অভিযুক্তজনৰ। ইয়াৰ পিছত পুৱতি নিশা ৩.৪৫ বজাত ৰামানুজক জিএমচিএইচলৈ লৈ যোৱা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে।

উল্লেখ্য যে, যোৱা ৩ ছেপ্টেম্বৰত বশিষ্ঠপুৰৰ ‘অঞ্জলি গৃহ’ নামৰ আৱাসিক এপাৰ্টমেণ্টৰ এটা ফ্লেটত পোহৰলৈ আহিছিল ৰিয়া তালুকদাৰৰ নৃশংস হত্যাকাণ্ডৰ কথা। ফ্লেটটোৰ পৰা ওলোৱা দুৰ্গন্ধৰ ভিত্তিত স্থানীয় ৰাইজে খবৰ দিয়াত আৰক্ষীয়ে ফ্ৰীজৰ ভিতৰত পলিথিনেৰে বান্ধি থোৱা অৱস্থাত ৰিয়াৰ ছিন্ন মুণ্ড উদ্ধাৰ কৰিছিল আৰু মৃতদেহৰ কেইবাটাও আঙুলিও কাটি পেলোৱা হৈছিল। পাৰিবাৰিক সংঘাত আৰু পৰকীয়া প্ৰেমৰ সন্দেহৰ বশৱৰ্তী হৈ সংঘটিত এই কাণ্ডৰ পাছত ঘৰৰ ভিতৰতে সুৰাপান কৰিছিল ৰামানুজে। পৰৱৰ্তী সময়ত দিছপুৰ থানাত আত্মসমৰ্পণ কৰি সাংবাদিকৰ আগত নিজৰ অপৰাধৰ বাবে কোনো অনুশোচনা বা ক্ষমা নাই বুলি দাম্ভিক বক্তব্য প্ৰদান কৰিছিল অভিযুক্তই।

ইফালে, পুৱতি নিশা সংঘটিত এই নাটকীয় মৃত্যুক লৈ গুৱাহাটীত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। পুত্ৰৰ মৃত্যু নিশ্চিত হোৱাৰ পিছতে ৰামানুজৰ পিতৃয়ে মৃতদেহ গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে। সমগ্ৰ বিষয়টোক লৈ গভীৰ অসন্তোষ ব্যক্ত কৰি পিতৃয়ে কয় যে ৰামানুজৰ মৃত্যু সম্পৰ্কীয় এই বিষয়টো তেওঁ গুৱাহাটী উচ্চ ন্যায়ালয়, উচ্চতম ন্যায়ালয় আৰু দেশৰ ৰাইজৰ ওপৰতেই এৰি দিছে।

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *