জন্ম শতবাৰ্ষিকীত ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ উত্তৰ পূব মণ্ডলত সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাক সোঁৱৰণ

ভাৰত ৰত্ন, সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠান ৰাজ্যৰ আন প্ৰান্তৰ লগতে ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ উত্তৰ পূব মণ্ডলৰ গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ বৰঝাৰস্থিত ক্ষেত্ৰীয় কাৰ্যবাহী সঞ্চালকৰ কাৰ্যালয় পালন কৰা হয়। এই উপলক্ষে বিয়লি কাৰ্যালয়ৰ ডঃ ভূপেন হাজৰিকা সোঁৱৰণী সন্মিলন কক্ষত  থকা বিশ্ব বন্দিত মহান শিল্পী গৰাকীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰি শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰিছে প্ৰাধিকৰণৰ  উত্তৰ পূব মণ্ডলৰ ক্ষেত্ৰীয় কাৰ্যবাহী সঞ্চালক মনোজ কুমাৰ শৰ্মা বৰদলৈয়ে।

এই উপলক্ষে অনুষ্ঠিত চমু অনুষ্ঠানত মনোজ কুমাৰ শৰ্মা বৰদলৈয়ে ডঃ ভূপেন হাজৰিকাৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদন কৰি কয় যে সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকা আছিল এজন প্ৰকৃত মানৱতাবাদী । ‘মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে ভাবিব কোনেনো কোৱা সমনীয়া’ গীতটোৰ মাজেৰে ডঃ ভূপেন হাজৰিকাই মানৱতাৰ অমৰ বাণী বিলাই গৈছে। তেওঁৰ গীতত ব্ৰহ্মপুত্ৰৰ বিশালতা , অসমীয়া জীৱনৰ সুখ – দুখ, আশা – আকাংক্ষা আদিয়ে অনন্য ৰূপ লাভ কৰিছিল।

ব্ৰহ্মপুত্ৰৰ দৰে বিশাল তেওঁৰ সৃষ্টিৰাজি আৰু আকাশৰ দৰে বিস্তৃত তেওঁৰ চিন্তা চেতনা অসমীয়া সংস্কৃতিৰ এক অমূল্য সম্পদ হৈ সদায় জিলিকি থাকিব। অনুষ্ঠানত  প্ৰাধিকৰণৰ মহা প্ৰবন্ধক এন জিমো, চমসেৰ সিঙকে ধৰি কেবাজনো উচ্চপদস্থ বিষয়া ,  মহিলা কল্যাণ সংস্থা কল্যাণময়ীৰ কোষাধ্যক্ষ শালিনী দৈমাৰীকে ধৰি কেবাজনো কৰ্মকৰ্তা উপস্থিত থাকে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *