শ্যাম ষ্টীল ইণ্ডাষ্ট্ৰীজ লিমিটেডৰ অন্যতম ব্ৰেণ্ড ষ্টাৰ্ডফ্লেক্স ৱাটাৰপ্ৰুফিং চল্যুচনে উজনি অসমৰ ভয়াৱহ বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি প্ৰায় ২,০০০ বানপীড়িত পৰিয়ালক সহায় কৰিবলৈ সাহায্য অভিযান হাতত লৈছে।
কোম্পানীটোৰ কৰ্পৰেট সামাজিক দায়বদ্ধতা কাৰ্যসূচীৰ অংশ হিচাপে এই পদক্ষেপ হাতত লৈছে। এই অভিযান ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী, ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী আৰু জিলা প্ৰশাসনৰ সহযোগত ৰূপায়ণ কৰা হৈছে। ১৯ আগষ্টত গুৱাহাটী মহানগৰীত এই সাহায্য কাৰ্যসূচীৰ শুভ উদ্বোধন কৰে বিধায়ক প্ৰদ্যুৎ বৰদলৈয়ে।
শেহতীয়া পৰিস্থিতি আৰু প্ৰয়োজনীয়তাৰ ওপৰত ভিত্তি কৰি শিৱসাগৰ জিলাৰ নিমাইজান গাঁৱৰ পৰা এই সাহায্য বিতৰণ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে। এই কাৰ্যসূচীয়ে ক্ৰমান্বয়ে শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ বানাক্ৰান্ত অঞ্চলসমূহ সামৰি ল’ব।
শ্যাম ষ্টীল ইণ্ডাষ্ট্ৰীজ লিমিটেডৰ সঞ্চালক গোবিন্দ বেৰিৱালে এই ইতিবাচক পদক্ষেপৰ বিষয়ে কয় যে, এই পদক্ষেপে সংকটৰ সময়ত জনসাধাৰণৰ কাষত থিয় দিয়াৰ প্ৰতিষ্ঠানটোৰ দায়বদ্ধতাৰ দিশটো প্ৰতিফলিত কৰে। আনহাতে, কোম্পানীটোৰ আন এজন সঞ্চালক গৌৰৱ বেৰিৱালে কয় যে, প্ৰতিষ্ঠানটোৰ লক্ষ্য কেৱল ব্যৱসায় কৰাই নহয়, বৰঞ্চ অসমৰ সৈতে এটা দীৰ্ঘম্যাদী সম্পৰ্ক গঢ়ি তোলা।
শিৱসাগৰত বৰ্তমান বানপানীৰ বাবে স্থানীয় লোকসকলৰ জনজীৱন, জীৱিকা আৰু অৰ্থনৈতিক কাৰ্যকলাপ ব্যাহত হৈ পৰিছে। এই সংকটৰ সময়ত ষ্টাৰ্ডফ্লেক্সৰ এই পদক্ষেপে স্থানীয় লোকসকলক সহায় কৰাৰ লগতে অঞ্চলটোত ব্ৰেণ্ডটোৰ সজাগতা বৃদ্ধিতো সহায় কৰিব।
উল্লেখ্য যে, চলিত বিত্তীয় বৰ্ষৰ আৰম্ভণিতে ষ্টাৰ্ডফ্লেক্সে ৱাটাৰপ্ৰুফ সামগ্ৰী আৰু নিৰ্মাণ কাৰ্যত ব্যৱহৃত উপকৰণ সহিতে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বজাৰত খোজ থৈছিল। কোম্পানীটোৱে জনোৱা অনুসৰি চৰকাৰ আৰু দুৰ্যোগ প্ৰশমন বাহিনীয়ে চলাই থকা সাহায্য কাৰ্যসূচীক অধিক শক্তিশালী কৰাৰ উদ্দেশ্যেৰে এই প্ৰয়াস হাতত লোৱা হৈছে।
ষ্টাৰ্ডফ্লেক্সৰ উদ্যোগত উজনি অসমৰ ২,০০০ বানপীড়িত পৰিয়াললৈ বান সাহায্য
