স্কোডা অটো ইণ্ডিয়াই চেডানৰ অগ্ৰগতি সূচনা কৰিবলৈ নতুন শ্লাভিয়া, অক্টাভিয়া আৰএছ আৰু চুপাৰ্ব টিডিআইৰ ওপৰত গুৰুত্ব আৰোপ

স্কোডা অটো ইণ্ডিয়াই মুকলি কৰিলে নতুন শ্লাভিয়া বাহন, এই বাহন মুকলিৰ লগে লগে অনন্য শৈলী, নতুন প্ৰযুক্তি, বৰ্ধিত আৰাম আৰু অতিৰিক্ত সুৰক্ষা বৈশিষ্ট্যৰে চেডান পৰ্টফলিঅ’ অধিক শক্তিশালী হৈ পৰিছে। কোম্পানীটোৱে ভাৰতীয় বজাৰত অক্টাভিয়া আৰএছ আৰু একেবাৰে নতুন চুপাৰ্ব টিডিআইৰ প্ৰত্যাৱৰ্তনৰ কথাও ঘোষণা কৰিছে। নতুন শ্লাভিয়াত চিকুৱেন্সিয়েল টাৰ্ন ইণ্ডিকেটৰৰ সৈতে সম্পূৰ্ণ নতুন এলইডি হেডলেম্প আৰু টেইললেম্প, সংশোধিত সন্মুখ আৰু পিছফালৰ শৈলী আৰু নতুন এলয় হুইলৰ ডিজাইন প্ৰদান কৰা হৈছে। এই শ্ৰেণীত প্ৰথমবাৰৰ বাবে, চেডানখনে পিছৰ ছীটত আৰামদায়ক সুবিধা আৰু ১.০ টিএছআই ইঞ্জিনৰ সৈতে এটা এইট-স্পীড টৰ্ক কনভাৰ্টাৰ অটোমেটিক ট্ৰেন্সমিচন আগবঢ়াব। লগতে চিক্স-স্পীড মেনুৱেল আৰু ১.৫ টিএছআইৰ সৈতে চেভেন-স্পীড ডিএছজি বিকল্পসমূহো অব্যাহত থাকিব।

এই চেডান বাহনখনত ৩৬০ ডিগ্ৰী এৰিয়া ভিউ কেমেৰা, সন্মুখৰ চেন্সৰ থকা পাৰ্ক পাইলট আৰু ৱায়াৰলেছ এণ্ড্ৰইড অট’ আৰু এপল কাৰপ্লেৰ সৈতে নেক্সট- জেনেৰেচন ইনফ’টেইনমেণ্ট চিষ্টেম সন্নিৱিষ্ট কৰা হৈছে। গুগল ক্লাউডৰ দ্বাৰা পৰিচালিত বাহনখনৰ এআই কম্পেনিয়নে কণ্ঠস্বৰ-ভিত্তিক সহায়তা প্ৰদান কৰে। শ্লাভিয়াই নিজৰ ৫-ষ্টাৰ গ্ল’বেল এনচিএপি সুৰক্ষা প্ৰমাণপত্ৰ আৰু ষ্টেণ্ডাৰ্ড হিচাপে ছয়টা এয়াৰবেগ অব্যাহত ৰাখিছে। নতুন শ্লাভিয়া বাহনখন মুকলিৰ সময়ত মণ্টে কাৰ্লো ট্ৰিমকে ধৰি একাধিক ভেৰিয়েণ্ট বিকল্পত আগবঢ়োৱা হ’ব। ১৫,০০০ টকাত প্ৰি-বুকিং ইতিমধ্যে মুকলি হৈছে। স্কোডাই অক্টাভিয়া আৰএছৰ বাবেও প্ৰি-বুকিং মুকলি কৰিছে, যি ৫০খন বাহনতে সীমিত, আনহাতে চুপাৰ্ব টিডিআইৰ বাবে আগ্ৰহ প্ৰকাশৰ বাবে আমন্ত্ৰণ জনোৱা হৈছে, যিখন বাহনৰ ডেলিভাৰী অহা বছৰৰ দ্বিতীয় ত্ৰৈমাসিকৰ শেষৰ ফালে হ’ব বুলি আশা কৰা হৈছে।

তিনিওখন চেডান বাহনক স্কোডা চুপাৰ কেয়াৰে সমৰ্থন কৰিব, য’ত অন্তৰ্ভুক্ত আছে ৪ বছৰ/১,০০,০০০ কিলোমিটাৰ ৱাৰেণ্টী, ৪ বছৰৰ ৰোডচাইড এচিষ্টেঞ্চ আৰু ৪টা লেবাৰ-ফ্ৰী চাৰ্ভিছ।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *