উচ্চতম ন্যায়ালয়ত দাখিল কৰা এক শেহতীয়া প্ৰতিবেদন অনুসৰি দেশৰ ৰাজনীতিৰ অপৰাধীকৰণৰ এক উদ্বেগজনক ছবি পোহৰলৈ আহিছে। সোমবাৰে শীর্ষ আদালতত উত্থাপন কৰা তথ্য অনুসৰি, লোকসভাৰ ৫৪৩ জন সদস্যৰ ভিতৰত ২৫১ জন সদস্যৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ পঞ্জীয়ন হৈ আছে। একেদৰে ৰাজ্যসভাৰ ২৩৩ জন সদস্যৰ ভিতৰত ৭৫ জন সাংসদৰ বিৰুদ্ধেও বিভিন্ন অপৰাধমূলক গোচৰ পঞ্জীয়ন হৈ আছে।
জনস্বাৰ্থজড়িত আৱেদনৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ক সাহায্য কৰিবলৈ আমিকাছ কিউৰী (Amicus Curiae) হিচাপে নিযুক্ত জ্যেষ্ঠ অধিবক্তা বিজয় হংছাৰিয়াই এই শপতনামা দাখিল কৰে ‘এছ’চিয়েচন ফৰ ডেম’ক্ৰেটিক ৰিফৰ্মছ’ (ADR)-ৰ তথ্যৰ ভিত্তিত যুগুত কৰা এই প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে লোকসভাৰ ২৫১ জন অপৰাধমূলক গোচৰ থকা সাংসদৰ ভিতৰত ১৭০ জনৰ বিৰুদ্ধে গুৰুতৰ অপৰাধমূলক গোচৰ (য’ত ৫ বছৰ বা তাতকৈ অধিক শাস্তিৰ বিধান আছে) ৰুজু হৈ আছে। ৰাজ্যসভাৰ ৭৫ জন গোচৰ থকা সাংসদৰ ভিতৰত ৪০ জনৰ বিৰুদ্ধে গুৰুতৰ প্ৰকৃতিৰ গোচৰ পঞ্জীয়ন হৈ আছে।
সমগ্ৰ দেশজুৰি বৰ্তমানৰ লগতে প্ৰাক্তন সাংসদ আৰু বিধায়কসকলৰ বিৰুদ্ধে মুঠ ৪,১৯২ টা অপৰাধমূলক গোচৰ আদালতত বিচাৰাধীন হৈ আছে। আনহাতে, দেশৰ ২৮ জন মুখ্যমন্ত্ৰীৰ ভিতৰত ১৪ জন মুখ্যমন্ত্ৰীয়ে নিজৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ থকা বুলি ঘোষণা কৰিছে। জনপ্ৰতিনিধিসকলৰ বিৰুদ্ধে থকা গোচৰসমূহ ক্ষিপ্ৰতাৰে নিৰ্পত্তি কৰাৰ বাবে বিশেষ আদালতসমূহে যাতে কেৱল সাংসদ-বিধায়কসকলৰ গোচৰতহে অগ্ৰাধিকাৰ দিয়ে, তাৰ বাবে উচ্চতম ন্যায়ালয়ৰ ওচৰত আবেদন জনোৱা হৈছে।
