মই প্ৰথমবাৰ বিধায়ক হোৱাৰ সময়ত শিশু হৈ আছিল অমিত শ্বাহঃ মল্লিকাৰ্জুন খাৰ্গে

মই যেতিয়া প্ৰথমবাৰৰ বাবে বিধায়ক নিৰ্বাচিত হৈছিলো, সেই সময়ত অমিত শ্বাহ শিশু আছিল। অথচ আজি তেওঁ আমাক দেশভক্তিৰ শিক্ষা দিয়ে। – সোমবাৰে গোৱাত অনুষ্ঠিত এক বিশাল জনসভাত এইদৰেই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ বিৰুদ্ধে সৰৱ হৈ পৰিল কংগ্ৰেছ অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গে। স্বাধীনতা দিৱসৰ কাৰ্যসূচীত ‘বন্দে মাতৰম’ক লৈ কংগ্ৰেছ নেতৃত্বক অমিত শ্বাহে কৰা আক্ৰমণৰ প্ৰত্যুত্তৰ দি ৮৪ বছৰীয়া জ্যেষ্ঠ নেতাজনে বিজেপি নেতৃত্বক কঠোৰ ভাষাৰে সমালোচনা কৰে।

কংগ্ৰেছ মুখ্য কাৰ্যালয়ত স্বাধীনতা দিৱসৰ অনুষ্ঠানত ছোনিয়া গান্ধীয়ে ‘বন্দে মাতৰম’ মাজভাগতে বন্ধ কৰাৰ নিৰ্দেশ দিয়া বুলি অমিত শ্বাহে অভিযোগ উত্থাপন কৰিছিল। এই অভিযোগ অস্বীকাৰ কৰি কংগ্ৰেছে স্পষ্ট কৰে যে ছোনিয়া গান্ধীয়ে দলৰ অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গেৰ বাবে এখন চকীৰ কথাহে কৈছিল আৰু তাত ‘বন্দে মাতৰম’ৰ সম্পূৰ্ণ অংশ পৰিৱেশন কৰা হৈছিল। ইয়াৰ উপৰিও কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰেও পূৰ্বে এই গীতটিৰ প্ৰথম দুটা স্তৱক পৰিৱেশনৰ পৰামৰ্শ দিয়াৰ ঐতিহাসিক প্ৰসংগও দলটোৱে উল্লেখ কৰে।

স্বাধীনতা সংগ্ৰামত বিজেপি আৰু আৰএছএছৰ কোনো অৱদান নাছিল বুলি দাবী কৰি খাৰ্গেই কয়, “আমাৰ মানুহে দেশৰ স্বাধীনতাৰ বাবে যুঁজ দিছিল। বিজেপি বা আৰএছএছৰ কোনজন ব্যক্তিয়ে স্বাধীনতা আন্দোলনত অংশ লৈছিল? অথচ আজি তেওঁলোকে আমাক দেশপ্ৰেম শিকাবলৈ আহে!” বিজেপিৰ কোনো নৈতিক অধিকাৰ নাই কংগ্ৰেছৰ দেশপ্ৰেমক লৈ প্ৰশ্ন তোলাৰ বুলিও তেওঁ মন্তব্য কৰে।

উত্তৰাখণ্ডৰ শেহতীয়া এক ঘটনাৰ প্ৰসংগ টানি খাৰ্গেই বিজেপিক ‘ধৰ্মবিৰোধী’ আৰু ‘দেশবিৰোধী’ বুলি কটাক্ষ কৰে। তেওঁ অভিযোগ কৰে যে উত্তৰাখণ্ডৰ হলদ্বানীত তেওঁ ভাষণ দিয়াৰ দুদিন পাছতেই এটা সোঁপন্থী সংগঠনে স্থানখিনিক ‘পৱিত্ৰ’ কৰাৰ নামত শুদ্ধিকৰণ যজ্ঞ পাতিছিল। এই মানসিকতাক দেশৰ বাবে লজ্জাজনক আখ্যা দি খাৰ্গেই কয়, “প্ৰকৃততে তোমালোকেহে নিজক পৱিত্ৰ কৰাৰ প্ৰয়োজন আছে। জনপ্ৰতিনিধি হিচাপে মই ৰাইজৰ হৈ যুঁজি যাম আৰু এনে বিভাজনকাৰী শক্তিক সদায় উদঙাই দিম।”

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *