অযোধ্যাৰ ঐতিহাসিক ৰাম মন্দিৰৰ দানৰ ধন আত্মসাতৰ অভিযোগত গঠিত বিশেষ তদন্তকাৰী দলে নিৰ্দোষ ঘোষণা কৰিলে শ্ৰীৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ ন্যাসৰ প্ৰাক্তন সাধাৰণ সম্পাদক চম্পত ৰায় আৰু প্ৰাক্তন সদস্য অনিল মিশ্ৰক। সোমবাৰে উত্তৰ প্ৰদেশৰ গৃহ বিভাগে এছআইটিৰ এই চূড়ান্ত প্ৰতিবেদন পৰৱৰ্তী পদক্ষেপৰ বাবে ন্যাসৰ হাতত আনুষ্ঠানিকভাৱে তুলি দিয়ে।
মন্দিৰৰ চান্দা চুৰিৰ অভিযোগ উত্থাপন হোৱাৰ পাছতেই যোৱা ২৭ জুনত দুয়োগৰাকী নেতাই নিজৰ নিজৰ পদৰ পৰা পদত্যাগ কৰিছিল। ইয়াৰ পিছতে তদন্তকাৰী দলে মন্দিৰৰ দান ব্যৱস্থাপনা সংক্ৰান্তত দুয়োকে মাৰাথন জেৰা চলায় আৰু অৱশেষত দুয়োকে সকলো অভিযোগৰ পৰা অব্যাহতি প্ৰদান কৰে।
জেৰাৰ সময়ত চম্পত ৰায়ে চান্দা চুৰি কাণ্ডত তেওঁৰ কোনো ধৰণৰ সম্পৰ্ক নাই বুলি স্পষ্ট কৰি দিছিল। তেওঁ উল্লেখ কৰে যে মন্দিৰৰ দান সংগ্ৰহত যাতে কোনো খেলিমেলি নহয়, সেইটো নিশ্চিত কৰাৰ দায়িত্ব তেওঁৰ আছিল আৰু ঘটনাৰ উমান পোৱাৰ লগে লগে তেওঁ কৰা অভিযোগৰ ভিত্তিতহে প্ৰকৃত অভিযুক্তসকলক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল।
উল্লেখ্য যে ন্যাসৰ আহ্বান মৰ্মে যোৱা ১৩ জুনত উত্তৰ প্ৰদেশ চৰকাৰে লক্ষ্ণৌৰ সংমণ্ডল আয়ুক্ত বিজয় বিশ্বাস পন্তৰ নেতৃত্বত তিনিজনীয়া এই এছআইটি গঠন কৰি দিছিল। এই তদন্তকাৰী দলটোত ৰেঞ্জ আইজি কিৰণ এছ আৰু বিত্ত বিভাগৰ বিশেষ সচিব নীল ৰতন কুমাৰো সদস্য হিচাপে আছিল।
তদন্তকাৰী দলে যোৱা ২৩ জুনত ৰাজ্য চৰকাৰৰ ওচৰত দাখিল কৰা প্ৰাৰম্ভিক প্ৰতিবেদনৰ ভিত্তিত ২৫ জুনত শ্ৰীৰাম জন্মভূমি থানাত এখন এজাহাৰ দাখিল কৰা হয়। উক্ত এজাহাৰত অবিনাশ শুক্লা, অনুকল্প মিশ্ৰ, লৱকুশ মিশ্ৰ, মনীষ কুমাৰ যাদৱ, কৰুণেশ পাণ্ডে, ৰমাশংকৰ মিশ্ৰ, সুভাষ শ্ৰীবাস্তৱ আৰু ৰাম শংকৰ যাদৱ ওৰফে টিন্নুকে ধৰি ৮ জন ব্যক্তিৰ নাম উল্লেখ কৰা হয়। আৰক্ষীয়ে ইতিমধ্যে সকলো অভিযুক্তক গ্ৰেপ্তাৰ কৰি ভাৰতীয় ন্যায় সংহিতা আৰু দুৰ্নীতি নিবাৰক আইনৰ ১৩(১)(ক) ধাৰাৰ অধীনত গোচৰ ৰুজু কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰিছে।
