হলিউডৰ জনপ্ৰিয় অভিনেত্ৰী হেডেন পেনেটিয়েৰৰ অকাল বিয়োগ

হলিউড জগতত শোকৰ ছাঁ পেলাই মাত্ৰ ৩৬ বছৰ বয়সতে শেষ নিশ্বাস ত্যাগ প্ৰখ্যাত আমেৰিকান অভিনেত্ৰী হেডেন পেনেটিয়েৰৰ। অহা শুকুৰবাৰে ৩৭ বছৰত ভৰি দিয়াৰ কথা আছিল অভিনেত্ৰীগৰাকীয়ে। কিন্তু তাৰ পূৰ্বেই তেওঁৰ এই আকস্মিক অৱসানে সমগ্ৰ বিনোদন জগতকে স্তব্ধ কৰি তুলিছে। তেওঁৰ মৃত্যুৰ কাৰণ এতিয়ালৈকে আনুষ্ঠানিকভাৱে ৰাজহুৱা কৰা হোৱা নাই।

কন্যাৰ আকস্মিক বিয়োগত গভীৰ শোক প্ৰকাশ কৰে হেডেনৰ পিতৃ স্কিপ পেনেটিয়েৰে। এক আবেগিক বিবৃতিত পিতৃয়ে উল্লেখ কৰে যে অপৰিসীম প্ৰতিভা আৰু আন্তৰিকতাৰে ভৰা হেডেনে পৰ্দাৰ জৰিয়তে বিশ্বৰ লাখ লাখ দৰ্শকৰ মন জয় কৰাৰ লগতে সকলোৰে জীৱনলৈ অনাবিল আনন্দ কঢ়িয়াই আনিছিল। এই অপূৰণীয় ক্ষতিৰ সময়ছোৱাত পৰিয়ালৰ সকলো সদস্যকে এই শোক সহ্য কৰাৰ বাবে গোপনীয়তা আৰু নিৰ্জনতা বজাই ৰাখিবলৈ তেওঁ আহ্বান জনায়।

শিশু শিল্পী হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰা হেডেন পেনেটিয়েৰে টেলিভিছন আৰু চিনেমা উভয়েতে অনন্য অভিনয়ৰ চাপ ৰাখি থৈ গৈছে। বিশেষকৈ বিশ্বখ্যাত ধাৰাবাহিক ‘হিৰোজ’ত ক্লেয়াৰ বেনেট আৰু জনপ্ৰিয় মিউজিকেল ড্ৰামা ‘নেছভিল’ত জুলিয়েট বাৰ্নছ নামৰ চৰিত্ৰত কৰা অভিনয়েৰে তেওঁ অপৰিসীম খ্যাতি অৰ্জন কৰে। ইয়াৰ উপৰিও ‘ৰিমেম্বাৰ দ্য টাইটানছ’, ‘ৰেইজিং হেলেন’, ‘আইচ প্ৰিন্সেছ’ আৰু ‘স্ক্ৰিম ৪’ আদি ছবিত কৰা সাৱলীল অভিনয়েৰে তেওঁ সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল।

অভিনয় জীৱনৰ সমান্তৰালভাৱে নিজৰ ব্যক্তিগত জীৱনৰ জটিলতা আৰু সংগ্ৰামৰ কথাও সদায় অকপটে প্ৰকাশ কৰি আহিছিল পেনেটিয়েৰে। চলিত বৰ্ষৰ মে’ মাহত মুক্তি লাভ কৰা তেওঁৰ আত্মজীৱনীমূলক গ্ৰন্থ ‘দিছ ইজ মিঃ এ ৰেকনিং’ৰ জৰিয়তে তেওঁ প্ৰসৱকালীন মানসিক অৱসাদ, নিচাসক্তি, ঘৰুৱা হিংসা আৰু মানসিক আঘাতৰ দৰে সংবেদনশীল অভিজ্ঞতাৰ কথা মুকলিকৈ তুলি ধৰিছিল। ব্যক্তিগত জীৱনত এগৰাকী কন্যা সন্তানৰ মাতৃ আছিল অভিনেত্ৰীগৰাকী। প্ৰাক্তন হেভিৱেইট বক্সিং চেম্পিয়ন ভ্লাদিমিৰ ক্লিটস্কোৰ সৈতে ২০১৪ চনত জন্ম হৈছিল কন্যা কায়া ক্লিটস্কোৰ।

পেনেটিয়েৰৰ জীৱনৰ আন এক গভীৰ ব্যক্তিগত আঘাত আছিল তেওঁৰ কনিষ্ঠ ভাতৃ জেনচেন পেনেটিয়েৰৰ আকস্মিক বিয়োগ। ২০২৩ চনৰ ফেব্ৰুৱাৰী মাহত মাত্ৰ ২৮ বছৰ বয়সত হৃদৰোগত আক্ৰান্ত হৈ ভাতৃৰ মৃত্যু হৈছিল, যিটো বেদনাই অভিনেত্ৰীগৰাকীক মানসিকভাৱে অত্যন্ত জুৰুলা কৰি তুলিছিল। ভাতৃৰ মৃত্যুৰ সেই অপূৰণীয় ক্ষতি পাহৰিবলৈ সংগ্ৰাম কৰি থকাৰ মাজতেই পেনেটিয়েৰৰ নিজৰো এনে অকাল আৰু আকস্মিক বিয়োগে তেওঁৰ পৰিয়াল আৰু বিশ্বজুৰি থকা গুণমুগ্ধসকলক গভীৰভাৱে মৰ্মাহত কৰি তুলিছে।

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *