জামিন লাভ নকৰিলে জুবিন গাৰ্গৰ হত্যাৰ অভিযুক্ত শ্যামকানু মহন্তই

৫ অক্টোবৰত পুনৰ শ্যামকানু মহন্তৰ জামিনৰ শুনানিৰ দিন ধাৰ্য কৰিছে উচ্চতম ন্যায়ালয়ে।উক্ত দিনা বিচাৰ প্ৰক্ৰিয়াৰ অগ্ৰগতি পুনৰ পৰ্যালোচনা কৰি জামিনৰ বিষয়ে সিদ্ধান্ত লোৱা হ’ব।আজি জামিন লাভ নকৰিলে জুবিন গাৰ্গৰ হত্যাৰ অভিযুক্ত শ্যামকানু মহন্তই।ৰাজ্য চৰকাৰে আদালতক অৱগত কৰাই যে, গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া দ্ৰুতগতিত চলি আছে। ১৪ আগষ্টলৈকে মুঠ ৩৯৪ গৰাকী সাক্ষীৰ ভিতৰত ৯৪ গৰাকীৰ সাক্ষ্য গ্ৰহণ ইতিমধ্যে সম্পূৰ্ণ হৈছে। আবেদনকাৰী পক্ষৰ অধিবক্তাই যুক্তি দৰ্শাই যে, ছিংগাপুৰৰ পৰা আহিবলগীয়া মূল তথা গুৰুত্বপূৰ্ণ সাক্ষীসকলৰ সাক্ষ্য এতিয়ালৈকে গ্ৰহণ কৰা হোৱা নাই।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *