আসন্ন উপ-নিৰ্বাচনৰ ৰণডংকা বাজি উঠাৰ সময়তে নগাঁও লোকসভা সমষ্টিৰ বাবে প্ৰাৰ্থী ঘোষণা কৰিছে এআইইউডিএফে। বৃহস্পতিবাৰে দলটোৱে ৰেজাউল কৰিম সৰকাৰক আনুষ্ঠানিকভাৱে প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ কথা ঘোষণা কৰে। ইয়াৰ লগে লগে কংগ্ৰেছৰ সৈতে মিত্ৰতাৰ সকলো সম্ভাৱনা নুই কৰি এআইইউডিএফে সমষ্টিটোত এককভাৱে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সিদ্ধান্ত স্পষ্ট কৰে।
সংবাদ মাধ্যমৰ আগত এআইইউডিএফৰ মুৰব্বী বদৰুদ্দিন আজমলে কংগ্ৰেছৰ সৈতে কোনো ধৰণৰ নিৰ্বাচনী বুজাবুজি নহ’ব বুলি ঘোষণা কৰে। কংগ্ৰেছে দেশ আৰু অসমক ধ্বংস কৰাৰ অভিযোগ তুলি আজমলে কয়, “ৰেজাউল কৰিমেই হ’ব এআইইউডিএফৰ প্ৰাৰ্থী। আমি কংগ্ৰেছৰ সৈতে কোনো মিত্ৰতা নকৰোঁ। তেওঁলোকে দেশ আৰু ৰাজ্যখন ধ্বংস কৰিলে। প্ৰকৃততে কংগ্ৰেছহে বিজেপিৰ ‘বি-টীম’, আমি নহয়।”
দলৰ সিদ্ধান্তক আদৰণি জনাই মনোনীত প্ৰাৰ্থী ৰেজাউল কৰিম সৰকাৰে কয়, “দলৰ মুৰব্বী আজমল চাহাবে যি সিদ্ধান্ত লৈছে, আমি তাৰ লগত আছোঁ আৰু নিৰ্বাচনত জয়লাভ কৰিবলৈ সকলোৱে মিলি কাম কৰিম।” তেওঁ লগতে উল্লেখ কৰে যে তৃণমূল কৰ্মীসকলে আজমল নিজেই প্ৰাৰ্থী হোৱাটো বিচাৰিছিল। কংগ্ৰেছক কটাক্ষ কৰি তেওঁ কয় যে যদি কংগ্ৰেছে প্ৰকৃততে বিজেপিৰ বিৰোধিতা কৰে, তেন্তে তেওঁলোকে এআইইউডিএফৰ প্ৰাৰ্থীকহে সমৰ্থন কৰা উচিত।
ইফালে, এআইইউডিএফৰ এই সিদ্ধান্তৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অসম বিধানসভাৰ বিৰোধী দলপতি ৱাজেদ আলী চৌধুৰীয়ে। তেওঁ অভিযোগ কৰে যে এআইইউডিএফে কাৰোবাৰ হেঁচাত পৰিহে প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ সিদ্ধান্ত লৈছে। চৌধুৰীয়ে কয়, “প্ৰাৰ্থী দিয়াৰ পৰিৱৰ্তে আমি এআইইউডিএফক আমাক সমৰ্থন কৰিবলৈ অনুৰোধ জনাইছিলোঁ। কিন্তু কোনো হেঁচাত থকাৰ বাবেই তেওঁলোকে আমাৰ আহ্বানত সঁহাৰি নিদিলে।”
অৱশ্যে পূৰ্বৰ নিৰ্বাচনসমূহতো এআইইউডিএফে প্ৰাৰ্থী দিয়াৰ পিছতো কংগ্ৰেছে একেৰাহে দুবাৰকৈ নগাঁও সমষ্টিত জয়লাভ কৰাৰ উদাহৰণ দাঙি ধৰি দলটোৱে সমষ্টিটো পুনৰ দখল কৰিব বুলি চৌধুৰীয়ে আত্মবিশ্বাস প্ৰকাশ কৰে।
উল্লেখ্য যে প্ৰাক্তন কংগ্ৰেছ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে সংসদ আৰু দলৰ পৰা পদত্যাগ কৰাৰ পিছত নগাঁও লোকসভা সমষ্টিটো খালী হৈ পৰিছিল। পিছত বৰদলৈয়ে বিজেপিত যোগদান কৰি দিছপুৰ বিধানসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি জয়লাভ কৰে। এআইইউডিএফে সুকীয়াভাৱে প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ ফলত নগাঁও উপ-নিৰ্বাচনত বিৰোধীৰ ভোট বিভাজন আৰু ত্ৰিকোণীয় প্ৰতিদ্বন্দ্বিতাৰ এক নতুন ৰাজনৈতিক সমীকৰণ সৃষ্টি হোৱাৰ দিশে গতি কৰিছে।
