কংগোত ইবোলাৰ সংক্ৰমণক লৈ উদ্বিগ্ন বিশ্ব স্বাস্থ্য সংস্থা

ডেমক্ৰেটিক ৰিপাব্লিক অৱ কংগো (ডি আৰ কংগো) দ্ৰুতগতিত বৃদ্ধি পোৱা ইবোলা ভাইৰাছৰ সংক্ৰমণক লৈ বিশ্ব স্বাস্থ্য সংস্থাই (WHO) গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। স্বাস্থ্য বিষয়া আৰু স্বাস্থ্যকৰ্মীসকলে পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ নিৰন্তৰ প্ৰচেষ্টা চলাইছে যদিও, ৰোগ বিধ্বংসী সংক্ৰমণৰ গতি তেওঁলোকৰ প্ৰচেষ্টাতকৈয়ো দ্ৰুততৰ হৈ পৰিছে। আফ্ৰিকাৰ বিশ্ব স্বাস্থ্য সংস্থাৰ আঞ্চলিক সঞ্চালক ড° মহম্মদ জনাবীয়ে পৰিস্থিতিৰ গম্ভীৰতা প্ৰকাশ কৰি কয়-আমি ভাইৰাছটোক অনুসৰণ কৰি লৈছোঁ, কিন্তু ভাইৰাছটো আমাতকৈ বহু আগবাঢ়ি আছে। ডি আৰ কংগোট চলিত বৰ্ষৰ ১৫ মে’ত আনুষ্ঠানিকভাৱে ইবোলা মহামাৰীৰ ঘোষণা কৰা হৈছিল।

কিন্তু শেহতীয়া গৱেষণা আৰু অধ্যয়ন অনুসৰি, এই ভাইৰাছ প্ৰচলন ফেব্ৰুৱাৰী মাহৰ পৰাই আৰম্ভ হৈছিল— অৰ্থাৎ চৰকাৰী ঘোষণাৰ প্ৰায় তিনি মাহ আগৰ পৰাই ৰোগটো বিয়পি পৰিছিল। প্ৰথম অৱস্থাত বহু ৰোগীক মেলেৰিয়া বা টাইফইডত আক্ৰান্ত বুলি সন্দেহ কৰাৰ বাবে ইবোলাৰ সঠিক চিনাক্তকৰণত পলম হয়। আনুষ্ঠানিক ঘোষণাৰ পিছৰে পৰা বৰ্তমানলৈকে দেশখনত ৪,২৯৪ গৰাকী ব্যক্তি ইবোলাত আক্ৰান্ত হোৱাটো নিশ্চিত কৰা হৈছে আৰু ১,৯৬০ গৰাকী লোকৰ মৃত্যু হৈছে। ডব্লিউ এইচ অ’ৰ তথ্য অনুসৰি, বৰ্তমান পৰিস্থিতিত স্বাস্থ্যকৰ্মীসকলে মাত্ৰ ৩০ শতাংশ ৰোগীৰ ওচৰলৈহে পাবলৈ সক্ষম হৈছে। বাকী ৭০ শতাংশ ৰোগীৰ কোনো চিকিৎসালয় বা স্বাস্থ্যকেন্দ্ৰ নোপোৱাকৈ ঘৰতে মৃত্যু ঘটিছে।

কিছুমান অঞ্চলত সঘনাই অনুসৰণ কৰা পৰম্পৰাগত অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰথা সংক্ৰমণ বৃদ্ধিৰ অন্যতম কাৰণ হৈ পৰিছে, য’ত সৎকাৰৰ সময়ত মৃতদেহ স্পৰ্শ কৰা হয়। ইয়াৰ উপৰি, কেইবাটাও স্থানীয় সম্প্ৰদায়ৰ মাজত স্বাস্থ্য বিষয়া আৰু প্ৰশাসনৰ প্ৰতি থকা অৱিশ্বাসৰ বাবে প্ৰতিষেধকমূলক ব্যৱস্থা গ্ৰহণ আৰু ৰোগ প্ৰতিৰোধ প্ৰচেষ্টাত গুৰুতৰ বাধাৰ সৃষ্টি হৈছে।বিশ্ব স্বাস্থ্য সংস্থাই স্থানীয় কৰ্তৃপক্ষ আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগীসকলৰ সৈতে মিলি সংক্ৰমণৰ শৃংখল ভংগ কৰা, আগতীয়া চিনাক্তকৰণ বৃদ্ধি কৰা আৰু প্ৰভাৱিত অঞ্চলসমূহত জনসচেতনতা গঢ়ি তোলাৰ বাবে জৰুৰী পদক্ষেপ গ্ৰহণৰ আহ্বান জনাইছে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *