এমএছএমইত ডিজিটেল ৰূপান্তৰ ত্বৰান্বিত কৰাৰ বাবে গুৱাহাটীৰ কৰ বিশেষজ্ঞক স্বীকৃতি-সম্বৰ্ধনা জ্ঞাপন

এমএছএমই উদ্যোগসমূহৰ মাজত প্ৰযুক্তি গ্ৰহণ-ব্যৱহাৰৰ প্ৰক্ৰিয়া দ্ৰুততৰ কৰা আৰু একাউণ্টিং তথা কৰ অনুপালন পদ্ধতিৰ উন্নয়ন সাধনত আগবঢ়োৱা অৱদানৰ বাবে টেলী চল্যুচনছে গুৱাহাটীৰ ১২ গৰাকী কৰ আৰু একাউণ্টিং পেচাদাৰীক সন্মানিত কৰে। টেলীৰ টেক্স এণ্ড একাউণ্টিং টাইটানছ অনুষ্ঠানত এই পেচাদাৰীসকলক তিনিটা শ্ৰেণী— একাউণ্টিং মেষ্ট্ৰ’, ইমাৰ্জিং ষ্টাৰ আৰু টেক ইন’ভেটৰ হিচাপে স্বীকৃতি প্ৰদান কৰা হয়।
একাউণ্টিং মেষ্ট্ৰ’ শ্ৰেণীত এমএছএমইলৈ সেৱা আগবঢ়োৱা তথা ১৫ বছৰতকৈ অধিক অভিজ্ঞতা থকা পেচাদাৰীসকলক স্বীকৃতি প্ৰদান কৰা হয়, আনহাতে ইমাৰ্জিং ষ্টাৰ শ্ৰেণীত পাঁচ বছৰতকৈ কম সময় ধৰি কৰ্মৰত থকা জিএছটি অনুশীলনকাৰীসকলক সন্মানিত কৰা হয়। টেক ইন’ভেটৰ শ্ৰেণীটোৱে সেৱা প্ৰদান আৰু ব্যৱসায়িক দক্ষতা বৃদ্ধিৰ বাবে আধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰা পেচাদাৰীসকলক স্বীকৃতি প্ৰদান কৰে।
বি এল পুৰোহিত এণ্ড কোম্পানীৰ প্ৰতিষ্ঠাপক তথা পৰিচালন অংশীদাৰ আৰু আইচিএআই-ৰ প্ৰত্যক্ষ কৰ সমিতিৰ সদস্য চিএ বি এল পুৰোহিত, আৰু চিজিএছটি গুৱাহাটীৰ সহকাৰী আয়ুক্ত কমলেশ কুমাৰ(আইআৰএছ)ৰ উপস্থিতিত বঁটা বিজয়ীসকলক সম্বৰ্ধনা জনোৱা হয়।
টেলী চল্যুচনছৰ পূব অঞ্চলৰ জেনেৰেল মেনেজাৰ অৰ্চন মুখাৰ্জীয়ে এই বিষয়ে সদৰি কৰি কয় যে, কৰ আৰু একাউণ্টিং পেচাদাৰীসকলৰ দ্বাৰা প্ৰযুক্তিৰ গ্ৰহণ প্ৰক্ৰিয়াই এমএছএমইসমূহক ব্যৱসায়িক প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰা, কৰ অনুপালন সুদৃঢ় কৰা আৰু বহনক্ষম ভেটি লাভত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।
গুৱাহাটী মহানগৰীত আন্তঃগাঁথনিমূলক উন্নয়ন, উন্নত যোগাযোগ ব্যৱস্থা, ঔদ্যোগিক বিনিয়োগ আৰু বৰ্ধিত উদ্যোগমুখী কাৰ্য-কলাপৰ দ্বাৰা সমৰ্থিত চহৰখনৰ সম্প্ৰসাৰিত এমএছএমই পৰিস্থিতিতন্ত্ৰই ডিজিটেল একাউণ্টিং, কৰ আৰু কৰ অনুপালন আদিৰ বাবে অধিক চাহিদাৰ সৃষ্টি কৰিছে। খাদ্য সংসাধন, পৰ্যটন, হস্ততাঁত, হস্তশিল্প আৰু কৃষি-ভিত্তিক ব্যৱসায়ৰ বৃদ্ধিয়েও প্ৰযুক্তি-সক্ষম ব্যৱসায়িক সেৱাৰ বাবে বজাৰখন অধিক প্ৰসাৰিত কৰিছে।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *