ষ্টেট বেংক অৱ ইণ্ডিয়াই শুকুৰবাৰে ২০২৭ বিত্তীয় বৰ্ষৰ এপ্ৰিল-জুন ত্ৰৈমাসিকত ২১,১২১ কোটি টকাৰ সৰ্বোচ্চ ত্ৰৈমাসিক লাভ অৰ্জনৰ খতিয়ান দাঙি ধৰিছে। অধিক পৰিচালনা লাভ, শক্তিশালী ঋণ বৃদ্ধি আৰু কম ঋণ ব্যয়ৰ বাবে বেংকটোৱে বাৰ্ষিক ১০.২৩ শতাংশ বৃদ্ধি কৰিবলৈ সক্ষম হৈছে। দেশৰ এই সৰ্ববৃহৎ ঋণদাতা প্ৰতিষ্ঠানটোৱে পৰিচালনা লাভতো ৯.৭৭ শতাংশ বৃদ্ধিৰে ৩৩,৫২৯ কোটি টকা আৰু মুঠ সুত উপাৰ্জনৰ ক্ষেত্ৰত ১৪.৮৮ শতাংশ বৃদ্ধিৰে ৪৬,৯৯২ কোটি টকা লাভ কৰিবলৈ সক্ষম হৈছে।
এই ত্ৰৈমাসিকত বেংকৰ মুঠ ব্যৱসায়ে ১১০ লাখ কোটি টকাৰ সীমা অতিক্ৰম কৰি এক নতুন মাইলৰ খুঁটি স্পৰ্শ কৰিছে। ইয়াৰ ভিতৰত জমা ধনৰ পৰিমাণ ৬০ লাখ কোটিতকৈও অধিক আৰু অগ্ৰিম ঋণৰ পৰিমাণ ৫০ লাখ কোটি টকা অতিক্ৰম কৰিছে। খুচুৰা, কৃষি আৰু এছএমই অৰ্থাৎ ৰেম খণ্ডৰ সৰ্বাত্মক বিকাশৰ ফলত সমগ্ৰ বেংকৰ অগ্ৰিম ঋণ বাৰ্ষিক ১৮.৬৩ শতাংশ বৃদ্ধি পাইছে, আনহাতে জমা ধনৰ পৰিমাণ ৯.৭৩ শতাংশ বৃদ্ধি পাইছে।
এছবিআই-এ সম্পদৰ গুণগত মানতো উন্নতিৰ কথা সদৰি কৰিছে। বেংকৰ গ্ৰছ এনপিএ অনুপাত ১.৪৭ শতাংশলৈ আৰু নেট এনপিএ অনুপাত ০.৩৮ শতাংশলৈ হ্ৰাস পাইছে, যি বিগত দুটা দশকৰ ভিতৰত সৰ্বনিম্ন স্তৰ। বেংকৰ মূলধন পৰ্যাপ্ততা ১৫.৬৭ শতাংশলৈ উন্নত হৈছে আৰু ক্ৰেডিট ব্যয় প্ৰায় ০.২৭ শতাংশৰ দৰে নিম্ন স্তৰতে আছে।
এছবিআইৰ অধ্যক্ষ চি.এছ. চেট্টীয়ে বিত্তীয় ফলাফলৰ সন্দৰ্ভত মন্তব্য কৰি কয় যে, “এছবিআইত আমাৰ কৌশলগত দিশ সদায় এটা সৰল দৰ্শনৰ দ্বাৰা পৰিচালিত হয়— ডিজিটেল প্ৰথম, গ্ৰাহক প্ৰথম আৰু দেশ প্ৰথম। এই ত্ৰৈমাসিকত আমি আমাৰ ধ্বজাবাহী প্ৰকল্প সৰল-ৰ সম্প্ৰসাৰণ কৰি গ্ৰাহকৰ বেংকিং যাত্ৰা অধিক দ্ৰুত, সৰল আৰু সুবিধাজনক কৰি তুলিছোঁ। আমি আমাৰ বাণিজ্যিক গ্ৰাহকসকলক ২৪ ঘণ্টাই সহায় কৰিবলৈ য়ন’ বিজনেছত এটা এআই-চালিত ভাৰ্চুৱেল এচিষ্টেণ্ট য়ন’ জি অন্তৰ্ভুক্ত কৰিছোঁ। আমি ১০ কোটি টকা পৰ্যন্ত এছএমই ঋণ সামৰি লবলৈ আমাৰ ব্যৱসায়িক নিয়ম ইঞ্জিন এমএছএমই ড্ৰিম সম্প্ৰসাৰণ কৰিছোঁ, যাৰ ফলত ঋণৰ সিদ্ধান্তসমূহ দ্ৰুত আৰু সঠিকভাৱে ল’ব পৰা যাব। ইয়াৰ উপৰিও প্ৰিজমৰ জৰিয়তে প্ৰযুক্তিয়ে আমাৰ বিপদাশংকা ব্যৱস্থাপনা গাঁথনিক শক্তিশালী কৰিছে। আনহাতে এছবিআই ফাণ্ডচ মেনেজমেণ্ট লিমিটেডৰ সফল লিষ্টিঙে এছবিআই গ্ৰুপৰ বাবে এক গুৰুত্বপূৰ্ণ সফলতা কঢ়িয়াই আনিছে। ২০৩০ চনত আমাৰ ৭৫ সংখ্যক বৰ্ষপূৰ্তিৰ দিশে অগ্ৰগতিৰ সময়ত আমাৰ মূল লক্ষ্য হৈছে ভৱিষ্যতৰ এছবিআই গঢ়ি তোলা।”
এছবিআই-এ এই ত্ৰৈমাসিকত নিজৰ ডিজিটেল বেংকিং ব্যৱস্থাকো অধিক শক্তিশালী কৰি তুলিছে। য়ন’ প্লেটফৰ্মৰ জৰিয়তে ৬৪ শতাংশতকৈও অধিক নতুন ছেভিংছ বেংক একাউণ্ট ডিজিটেলভাৱে নতুনকৈ খোলা হৈছে। মুঠ লেনদেনৰ ৯৮.৮ শতাংশই বিকল্প মাধ্যমৰ জৰিয়তে সম্পন্ন হৈছে। বৰ্তমান য়ন’ৰ পঞ্জীভুক্ত ব্যৱহাৰকাৰীৰ সংখ্যা ১০.৫ কোটি অতিক্ৰম কৰিছে। আনহাতে, নতুনকৈ মুকলি কৰা য়ন’ প্লেটফৰ্মত মাত্ৰ ছয় মাহৰ ভিতৰতে পঞ্জীয়নৰ সংখ্যা পাঁচ কোটিতকৈও অধিক হৈছে।
গুৱাহাটী মহানগৰীৰ প্ৰেক্ষাপটত এছবিআই-ৰ খুচুৰা, কৃষি আৰু এছএমই খণ্ডৰ এই ধাৰাবাহিক ঋণে অসম তথা সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ বজাৰক বিশেষভাৱে সহায় কৰিব। যিহেতু এই অঞ্চলৰ ক্ষুদ্ৰ তথা মজলীয়া উদ্যোগী, ব্যৱসায়ী আৰু কৃষি প্ৰতিষ্ঠানসমূহে প্ৰতিষ্ঠানগত পুঁজিৰ সন্ধানত থাকে, সেয়েহে বেংকৰ এই ডিজিটেল পদক্ষেপ আৰু দ্ৰুত ঋণ প্ৰক্ৰিয়াকৰণে গ্ৰাহকৰ আস্থা বৃদ্ধি কৰাৰ লগতে বিত্তীয় অন্তৰ্ভুক্তিকৰণকো শক্তিশালী কৰিব।
এছবিআইৰ প্ৰথম ত্ৰৈমাসিকত ২১,১২১ কোটি টকাৰ সৰ্বোচ্চ লাভ অৰ্জন
