উজনি অসমত অব্যাহত থকা বান পৰিস্থিতিৰ মাজতে মৃতকৰ সংখ্যা ৫০লৈ বৃদ্ধি পোৱাৰ তথ্য সদৰী কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বুধবাৰে বান পৰিস্থিতিৰ শেহতীয়া পৰ্যালোচনা কৰি মুখ্যমন্ত্ৰীয়ে জনায় যে সামগ্ৰিক পৰিস্থিতিৰ কিছু উন্নতি হৈছে যদিও এতিয়াও প্ৰায় ২০ শতাংশ বানাক্ৰান্তৰ ওচৰলৈ সাহায্য সামগ্ৰী যোগান ধৰাটো সম্ভৱ হোৱা নাই।
মুখ্যমন্ত্ৰীয়ে লগতে কয়, “বান পৰিস্থিতি পূৰ্বতকৈ অলপ উন্নত হৈছে। এতিয়াও প্ৰায় ২০ শতাংশ লোক সাহায্যৰ পৰা বঞ্চিত হৈ আছে। সেইসকল ভুক্তভোগীৰ লগত যোগাযোগ সম্ভৱ হোৱা নাই। ৬০ হাজাৰ মানুহৰ ঘৰত বৰ্তমানো বিদ্যুৎ বিচ্ছিন্ন হৈ আছে। ৫০লৈ বৃদ্ধি পাইছে মৃতকৰ সংখ্যা। ৪০টাকৈ পৰিয়ালে আত্মীয় হেৰুৱাইছে। চৰকাৰে পাৰ্যমানে সকলো ধৰণৰ সহায় আগবঢ়াই যাব।”
পঞ্চম দিনাও উজনি অসমৰ বিস্তীৰ্ণ অঞ্চলত বান পৰিস্থিতি সম্পূৰ্ণ স্বাভাৱিক হৈ উঠা নাই। বহু ঠাইত পানী সামান্য হ্ৰাস পালেও একাধিক নদী এতিয়াও বিপদসীমাৰ ওপৰেৰে বৈ থকাত নতুনকৈ উদ্বেগ বৃদ্ধি পাইছে। ঘৰ-দুৱাৰ, কৃষিভূমি, গোহালি আৰু ভঁৰাল বানৰ পানীত ডুব যোৱাত হাজাৰ হাজাৰ পৰিয়ালৰ জীৱন-জীৱিকা গভীৰ সংকটৰ সন্মুখীন হৈছে।
শিৱসাগৰ জিলাৰ দুই শতাধিক গাঁও আৰু চহৰৰ একাধিক ৱাৰ্ড পঞ্চম দিনাও জলমগ্ন হৈ আছে। দিচাং, দৰিকা আৰু দিখৌ নদীৰ পানী আজিও বিপদসীমাৰ ওপৰেৰে বৈ আছে। যদিও শিৱসাগৰ চহৰ আৰু কাষৰীয়া অঞ্চলত পানী কিছু হ্ৰাস পাইছে, বহু এলেকাত এতিয়াও স্বাভাৱিক জনজীৱন ঘূৰি অহা নাই।
চৰকাৰী সাহায্যৰ সমান্তৰালভাৱে বিভিন্ন বেচৰকাৰী প্ৰতিষ্ঠান, স্বেচ্ছাসেৱী সংগঠন আৰু ব্যক্তিগতভাৱেও বানাক্ৰান্তসকললৈ সাহায্য আগবঢ়োৱা হৈছে।
ইফালে, যোৰহাট জিলাৰ টীয়ক আৰু মৰিয়নি সমষ্টিতো বান পৰিস্থিতি বিশেষ সলনি হোৱা নাই। জিলাখনৰ ১৭৭খন ৰাজহ গাঁও এতিয়াও বানৰ কবলত আছে। জিলা আয়ুক্ত জয় শিৱানীয়ে সদৰী কৰা অনুসৰি, প্ৰশাসনে স্থাপন কৰা ১৯টা সাহায্য শিবিৰত ৫,৮০০ লোকে আশ্ৰয় লৈ আছে। ইয়াৰ উপৰি বিভিন্ন অস্থায়ী আশ্ৰয় শিবিৰত প্ৰায় ৬২ হাজাৰ লোক বাস কৰি আছে আৰু তেওঁলোকক নিয়মীয়াকৈ সাহায্য সামগ্ৰী বিতৰণ কৰা হৈছে।
জিলাখনত প্ৰায় ৮৭ হাজাৰ পশুধনো বানৰ ফলত ক্ষতিগ্ৰস্ত হৈছে। এছডিআৰএফ আৰু এনডিআৰএফৰ সহযোগত ঘৰ-দুৱাৰ, কৃষিভূমি আৰু অন্যান্য সম্পত্তিৰ ক্ষয়-ক্ষতিৰ জৰীপ চলি থকাৰ কথাও জিলা আয়ুক্তগৰাকীয়ে জনায়।
জাঁজী নদীৰ পানী পুনৰ বৃদ্ধি পোৱাত ইতিমধ্যে পানী নামিবলৈ আৰম্ভ কৰা কেইবাটাও অঞ্চল আকৌ প্লাৱিত হৈছে। বনাই ধনটোলাৰ ভগ্ন মথাউৰিৰে অবিৰতভাৱে পানী সোমাই থকাৰ ফলত ৭১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ উত্তৰ দিশৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও জলমগ্ন হৈ আছে।
