অসমত বৰ্ধিত চাহিদাৰ বাবে ষ্টাৰ হেল্থে বৃদ্ধি কৰিছে বৰ্ষাকালীন স্বাস্থ্যসেৱা

ষ্টাৰ হেল্থ এণ্ড এলাইড ইঞ্চুৰেন্স কোম্পানী লিমিটেডে ৰাজ্যখনত মৌচুমী বতৰৰ আগমনৰ লগে লগে ডেংগু, মেলেৰিয়া, জ্বৰ আৰু অন্যান্য সংক্ৰামক ৰোগৰ প্ৰকোপ বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি অসমত ভাৰ্চুৱেল চিকিত্সক পৰামৰ্শ আৰু ঘৰুৱা স্বাস্থ্যসেৱাৰ সক্ৰিয়ভাৱে সম্প্ৰসাৰণ কৰিছে।কোম্পানীটোৱে জনোৱা মতে ২০২৫-২৬ বিত্তীয় বৰ্ষৰ তথ্য অনুসৰি অসমত জ্বৰ আৰু সংক্ৰামক ৰোগৰ বাবে ঘৰুৱা স্বাস্থ্যসেৱা ব্যৱহাৰ কৰা গ্ৰাহকৰ সংখ্যা ১৬ গুণ বৃদ্ধি পাইছে। একে সময়তে, শেহতীয়াকৈ মুকলি কৰা ভাৰ্চুৱেল অ’পিডি সেৱাও সমগ্ৰ দেশতে জনপ্ৰিয় হৈ পৰিছে আৰু অধিক গ্ৰাহকে ইয়াক প্ৰাথমিক চিকিৎসা পৰামৰ্শৰ মাধ্যম হিচাপে বাছনি কৰিছে।

এই পদক্ষেপৰ অধীনত পলিচীধাৰীসকলে 7200 222 333 নম্বৰৰ টক্ টু ষ্টাৰ হেল্পলাইনৰ জৰিয়তে সহায় লাভ কৰিব পাৰিব, য’ত ঘৰুৱা স্বাস্থ্যসেৱাৰ বাবে ১ আৰু পৰিকল্পিত হাস্পতাল ভৰ্তিৰ সহায়ৰ বাবে ২ টিপিব লাগিব। এই সেৱাই চিকিৎসাৰ পদ্ধতি, কেছলেছ চিকিৎসা, নেটৱৰ্ক হাস্পতাল আৰু প্ৰয়োজনীয় নথিপত্ৰৰ বিষয়ে নিৰ্দেশনা প্ৰদান কৰে। যোগ্য পলিচীধাৰীসকলে চিকিৎসকৰ তত্ত্বাৱধানত নাৰ্চিং কেয়াৰ, ৰক্ত পৰীক্ষা, আইভি ফ্লুইড আৰু বেজীকে ধৰি কেছলেছ ঘৰুৱা চিকিৎসাৰ সুবিধাও লাভ কৰিব পাৰিব।আনহাতে, যিসকল লোকৰ হাতত পলিচী নাই, সেইসকলেও ষ্টাৰ হেল্থ কষ্টমাৰ এপ ডাউনলোড কৰি নিজৰ মৌলিক তথ্যসমূহ পঞ্জীয়ন কৰাৰ পিছত টেলিমেডিচিন বিকল্প বাছনি কৰি ২৪/৭ বিনামূলীয়া ভাৰ্চুৱেল অ’পিডি পৰামৰ্শ লাভৰ বাবে বুক কৰিব পাৰিব। ষ্টাৰ হেল্থৰ উঃ-পূৰ্বাঞ্চলৰ ব্যৱসায়িক মুৰব্বী অমিতাভ চেটাৰ্জীয়ে এই বিষয়ে কয় যে, এই পদক্ষেপৰ উদ্দেশ্য হৈছে প্ৰাৰম্ভিক পৰ্যায়তে চিকিৎসাৰ সজাগতা বৃদ্ধি কৰা, বিশেষকৈ শিশু, জ্যেষ্ঠ নাগৰিক আৰু যিসকল ৰোগীৰ বাবে মৌচুমী ঋতুৰ সময়ত হাস্পতাললৈ যোৱাটো কঠিন হৈ পৰে, সেইসকল ব্যক্তিক সহায় কৰা।

২০২৬ চনত প্ৰকাশিত ৰাষ্ট্ৰীয় পৰিসংখ্যা কাৰ্যালয়ৰ ৮০ সংখ্যক সমীক্ষাৰ তথ্য উল্লেখ কৰি প্ৰতিষ্ঠানটোৱে জনায় যে অসমৰ গ্ৰামাঞ্চলত ব্যক্তিগত হাস্পতালত ভৰ্তি হোৱাৰ গড় খৰচ ৫২,৭৬৬ টকা আৰু নগৰীয়া অঞ্চলত ৭৯,৪০৬ টকা, যাৰ বাবে পৰিয়ালসমূহৰ ওপৰত এক ডাঙৰ আৰ্থিক বোজা পৰে। ষ্টাৰ হেল্থে প্ৰকাশ কৰা অনুসৰি প্ৰতিষ্ঠানটোৰ এই সেৱাসমূহৰ লক্ষ্য হৈছে ৰোগ গুৰুতৰ হোৱাৰ পূৰ্বেই পৰিয়ালসমূহক চিকিৎসা পৰামৰ্শ আৰু চিকিৎসা সহজলভ্য কৰি তোলা, যাতে স্থানীয় লোকসকলে দীৰ্ঘদিনীয়া জ্বৰক আওকাণ নকৰি সময়মতে চিকিৎসকৰ পৰামৰ্শ ল’বলৈ উৎসাহিত হয়।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *