গাড়ীৰ পিছত এইবাৰ পাকঘৰ,ৰেষ্টুৰেণ্টত ঠাই ল’ব ইথানলে

পেট্ৰ’লৰ পিছত এইবাৰ ভাৰত চৰকাৰে ইথানল চিলিণ্ডাৰৰ কথা চিন্তা চৰ্চা কৰিছে। এই সন্দৰ্ভত প্ৰাৰম্ভিক প্ৰায় সকলো প্ৰস্তুতি সম্পন্ন কৰিছে কেন্দ্ৰীয় চৰকাৰে। ঘৰুৱা পাকঘৰৰ ইন্ধন খণ্ডত এক বৈপ্লৱিক পৰিৱৰ্তন আনিবলৈ এখন নতুন নীতিৰ খচৰাও প্ৰস্তুত কৰা হৈছে। এই আঁচনি অনুসৰি, অনাগত দিনত ভাৰতীয় গ্ৰাহকে এলপিজি চিলিণ্ডাৰ (LPG) অৰ্থাৎ ৰন্ধন গেছৰ পৰিৱৰ্তে ইথানল (Ethanol) ব্যৱহাৰ কৰি খাদ্য ৰান্ধিব পাৰিব। গাড়ীৰ পিছত এইবাৰ পাকঘৰ,ৰেষ্টুৰেণ্টত ঠাই ল’ব ইথানলে।LPGৰ বিকল্প হ’ব ইথানল।ডাঙৰ সিদ্ধান্ত মোদী চৰকাৰৰ।ছেপ্তেম্বৰৰ ভিতৰত ঘোষণা হোৱাৰ সম্ভাৱনা কেন্দ্ৰৰ নতুন নীতি।এলপিজি চিলিণ্ডাৰৰ ক্ৰমাগত বৰ্ধিত মূল্যৰ তুলনাত ইথানল যথেষ্ট সুলভ হ’ব। চৰকাৰী প্ৰতিবেদন অনুসৰি, ইথানল ব্যৱহাৰ কৰিলে গ্ৰাহকৰ ৰন্ধন ইন্ধনৰ মাহিলী খৰচ প্ৰায় ৩০% ৰ পৰা ৫০% পৰ্যন্ত হ্ৰাস পাব পাৰে। এলপিজিৰ দৰেই ইথানলো এটা অতি পৰিষ্কাৰ ইন্ধন বুলি সদৰি কৰা হৈছে প্ৰতিবেদনখনত। ইয়াৰ দ্বাৰা কোনো ধৰণৰ ধোঁৱা বা ক্ষতিকাৰক গেছ নিৰ্গমন নহয়। তদুপৰি, চিলিণ্ডাৰ বিস্ফোৰণৰ দৰে দুৰ্ঘটনাৰ আশংকাও ইথানলৰ ক্ষেত্ৰত বহু কম।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *