ক্ৰমাৎ অধিক জটিল হৈ পৰিছে দেশৰ বিশিষ্ট পৰিৱেশকৰ্মী, উদ্ভাৱক আৰু শিক্ষাবিদ সোণম ৱাংচুকৰ স্বাস্থ্য। শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰে দিল্লীৰ যন্তৰ মন্তৰত বিগত ১৮ দিন ধৰি অনশন ধৰ্মঘট পালন কৰি আছে ৱাংচুকে। এনে পৰিপ্ৰেক্ষিতত ধীৰে ধীৰে তেওঁৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটাত জীৱনক লৈ গুৰুতৰ আশংকা প্ৰকাশ কৰি দিল্লী উচ্চ ন্যায়ালয়ত এখন আবেদন দাখিল কৰিছে এজন আবেদনকাৰীয়ে।
আবেদনখনত উল্লেখ কৰা অনুসৰি, অনশন আৰম্ভ কৰাৰ পিছৰে পৰা সোণম ৱাংচুকৰ ওজন প্ৰায় ৮.৫ কিলোগ্ৰাম হ্ৰাস পাইছে। চিকিৎসকৰ মতামত অনুসৰি অনশন অব্যাহত থাকিলে তেওঁৰ শৰীৰত জীৱনসংকটজনক জটিলতা দেখা দিব পাৰে।
এই পৰিস্থিতিত সোণম ৱাংচুকক তৎকালে এখন চৰকাৰী চিকিৎসালয়লৈ স্থানান্তৰ কৰি জৰুৰী চিকিৎসাৰ ব্যৱস্থা নিশ্চিত কৰিবলৈ আবেদনকাৰীয়ে উচ্চ ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিছে। প্ৰয়োজন হ’লে জীৱন ৰক্ষাৰ স্বাৰ্থত বলপূৰ্বক খাদ্য প্ৰদানৰ ব্যৱস্থা কৰিবলৈও আবেদনকাৰীয়ে ন্যায়ালয়ক অনুৰোধ জনাইছে।
আবেদনকাৰীৰ যুক্তি অনুসৰি, শান্তিপূৰ্ণ প্ৰতিবাদ সংবিধানে স্বীকৃতি দিয়া মৌলিক অধিকাৰ। কিন্তু সেই অধিকাৰৰ সমান্তৰালভাৱে এজন ব্যক্তিৰ জীৱন সুৰক্ষিত ৰখাটোও সমানে গুৰুত্বপূৰ্ণ। সেইবাবে সোণম ৱাংচুকৰ চিকিৎসা আৰু পলম নকৰাকৈ নিশ্চিত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰ আৰু দিল্লী চৰকাৰক প্ৰয়োজনীয় নিৰ্দেশ দিবলৈ ন্যায়ালয়ৰ ওচৰত আবেদন জনোৱা হৈছে।
উল্লেখ্য যে, আবেদনখন গ্ৰহণ কৰাৰ পিছত দিল্লী উচ্চ ন্যায়ালয়ে সংশ্লিষ্ট কৰ্তৃপক্ষৰ পৰা জবাব বিচাৰিছে। ইফালে, অনশন ১৮ দিন অতিক্ৰম কৰাৰ লগে লগে সোণম ৱাংচুকৰ স্বাস্থ্যক লৈ দেশজুৰি উদ্বেগো বৃদ্ধি পাইছে। বহু বিশিষ্ট ব্যক্তিয়েও আলোচনাৰ জৰিয়তে এই অচলাৱস্থাৰ সমাধান বিচাৰিবলৈ চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিছে।
