পুত্ৰ কেতন আগৰৱালৰ হত্যাকাণ্ডৰ ন্যায় বিচাৰি প্ৰধানমন্ত্ৰী মোদীলৈ আৱেগিক পত্ৰ মাতৃৰ

এতিয়াও শেষ হোৱা নাই এগৰাকী মাতৃৰ সংগ্ৰাম! পুত্ৰৰ মৃত্যুৰ পিছতো ন্যায়ৰ আশাত প্ৰতিদিনে তেওঁৰ ফটোৰ সন্মুখত থিয় হৈ কথা পাতি আছে মাতৃয়ে। এইবাৰ সেই ন্যায়ৰ দাবীকে লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ এখন আৱেগিক পত্ৰ প্ৰেৰণ কৰিলে কেতন আগৰৱালৰ মাতৃ ৰাখী আগৰৱালে।

পত্ৰখনত ৰাখী আগৰৱালে লিখে যে, “প্ৰতিগৰাকী মাতৃৰ দৰেই মইও সপোন দেখিছিলোঁ, কেতনে সুন্দৰ জীৱন গঢ়িব, বিয়া কৰাব আৰু আমাৰ সৈতে বুঢ়া হ’ব। কিন্তু তাৰ সলনি নিজৰ সন্তানৰ শেষকৃত্য সম্পন্ন কৰিবলগীয়া হ’ল। এগৰাকী মাতৃৰ বাবে ইয়াতকৈ ডাঙৰ যন্ত্ৰণা আৰু একোৱেই হ’ব নোৱাৰে।”

তেওঁ কয় যে, আজিও ঘৰৰ প্ৰতিটো কোণে কেতনৰ স্মৃতি সজীৱ কৰি ৰাখিছে। তেওঁৰ কোঠা, কাপোৰ, ফটো আৰু তেওঁৰ হাঁহিৰ ঠাই লোৱা নীৰৱতাই মোক প্ৰতিদিনে সোঁৱৰাই দিয়ে যে তেওঁ আৰু কেতিয়াও ঘূৰি নাহে।

পত্ৰখনত পৰিয়ালটোৰ ওপৰত নামি অহা আন এক শোকৰ কথাও উল্লেখ কৰে তেওঁ। কেতনৰ মৃত্যুৰ মাত্ৰ ২০ দিনৰ পিছতে তেওঁৰ ককাক হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰে। ৰাখী আগৰৱালে লিখে, “তেওঁ কেতনক অত্যন্ত মৰম কৰিছিল। সেই শোক সহ্য কৰিব নোৱাৰিলে। কেইদিনমানৰ ভিতৰতে আমাৰ পৰিয়ালৰ দুটা প্ৰজন্ম হেৰুৱালোঁ।”

প্ৰধানমন্ত্ৰীক উদ্দেশ্যি তেওঁ কয়, “মই কেৱল এগৰাকী মাতৃ। সহানুভূতি বা বিশেষ সুবিধা বিচৰা নাই। মই কেৱল ন্যায় বিচাৰিছোঁ। ন্যায় পলম হোৱাৰ প্ৰতিটো দিনেই আমাৰ যন্ত্ৰণা আৰু গভীৰ কৰি তুলিছে। কেতন ঘূৰি নাহে, কিন্তু দোষীসকলে আইনৰ সৰ্বোচ্চ শাস্তি পোৱাটো নিশ্চিত হ’ব লাগিব।”

পত্ৰখনত তেওঁ আৱেগিকভাৱে লিখে, “অনুগ্ৰহ কৰি কেতনৰ গোচৰটো আন এটা সাধাৰণ ফাইল হৈ নাযাওক। প্ৰতিদিনে নিশা তেওঁৰ ফটোৰ ফালে চাই মই কওঁ- ‘বাবা, তোৰ বাবে তোৰ মায়ে এতিয়াও যুঁজ দি আছে।’ এদিন অন্তত মই ক’ব পাৰিম- ‘বাবা, অৱশেষত তই ন্যায় পালি।'”

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *