অসমীয়া ছবিজগতৰ এটা উজ্জ্বল অধ্যায়ৰ অৱসান ঘটিল। সুদীৰ্ঘ অভিনয় জীৱনত ৰূপালী পৰ্দা আৰু টেলিভিছনৰ জৰিয়তে লাখ লাখ দৰ্শকৰ হৃদয় জয় কৰা বিশিষ্ট অভিনেত্ৰী পূৰবী শৰ্মাৰ মঙলবাৰে সন্ধিয়া প্ৰায় ৭:৩০ বজাত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু ঘটে। অসুস্থ হৈ পৰাৰ পিছতে তেওঁক ততাতৈয়াকৈ চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰা হৈছিল যদিও চিকিৎসকে মৃত ঘোষণা কৰে।
তেওঁৰ নশ্বৰদেহ গুৱাহাটীৰ শান্তিপুৰস্থিত বাসগৃহলৈ অনা হয়। পৰিয়ালৰ সদস্য, সহশিল্পী, অনুৰাগী আৰু বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট লোকে শেষ শ্ৰদ্ধা জনোৱাৰ পিছত নৱগ্ৰহ শ্মশানত শেষকৃত্য সম্পন্ন হয়।
অসমীয়া চলচ্চিত্ৰৰ অন্যতম জনপ্ৰিয় মুখ পূৰবী শৰ্মাই ‘আজলি নবৌ’ ছবিৰে ৰূপালী পৰ্দাত অভিনয় জীৱন আৰম্ভ কৰিছিল। তেওঁৰ প্ৰাৰম্ভিক সময়ৰ আন এখন ছবি ‘ৰাগিনী’য়ে ৰাষ্ট্ৰীয় বঁটা লাভ কৰি অসমীয়া ছবিজগতলৈ গৌৰৱ কঢ়িয়াই আনিছিল।
পৰৱৰ্তী সময়ত ‘প্ৰভাত’ (২০২২)কে ধৰি একাধিক ছবিত তেওঁ স্মৰণীয় অভিনয় আগবঢ়ায়। চলচ্চিত্ৰৰ সমান্তৰালভাৱে ‘গেটৱে’ ধাৰাবাহিককে ধৰি কেইবাখনো টেলিভিছন ধাৰাবাহিকতো অভিনয় কৰি তেওঁ প্ৰতিটো প্ৰজন্মৰ দৰ্শকৰ মাজত সমানেই জনপ্ৰিয়তা অৰ্জন কৰে।
কুলদা কুমাৰ ভট্টাচাৰ্যকে ধৰি অসমীয়া ছবিজগতৰ বহু আগশাৰীৰ শিল্পীৰ সৈতে একেলগে অভিনয় কৰা পূৰবী শৰ্মা অন্তিম সময়লৈকে সাংস্কৃতিক জগতৰ সৈতে সক্ৰিয়ভাৱে জড়িত আছিল। ফিল্মফেয়াৰ এৱাৰ্ডছ অসমীয়া, প্ৰাগ চিনে এৱাৰ্ডছ আদি অনুষ্ঠানত তেওঁ নিয়মীয়াকৈ অংশগ্ৰহণ কৰিছিল। হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ সৈতে ‘যোৱা বছৰে’ শীৰ্ষক সংগীত ভিডিঅ’টোতো তেওঁ অভিনয় কৰিছিল।
অভিনয় জীৱনৰ লগতে বিশিষ্ট অভিনেতা, নাট্যকাৰ আৰু পৰিচালক তপন দাসৰ সৈতে তেওঁৰ দাম্পত্য জীৱনো অসমীয়া সাংস্কৃতিক জগতত বিশেষভাৱে সমাদৃত হৈছিল। অসমীয়া নাটক আৰু চলচ্চিত্ৰ জগতলৈ দুয়োগৰাকীৰ অৱদান আজিও স্মৰণীয় হৈ আছে।
পূৰবী শৰ্মাৰ মৃত্যুত অসমীয়া চলচ্চিত্ৰ আৰু টেলিভিছন জগতত শোকৰ ছাঁ পৰিছে। তেওঁৰ অভিনয়, ব্যক্তিত্ব আৰু শিল্পচৰ্চাই অসমীয়া সংস্কৃতিৰ ইতিহাসত এক স্থায়ী সোঁৱৰণি হৈ ৰৈ যাব।
