গুৱাহাটীৰ জালুকবাৰী অঞ্চলৰ কৈলাসপুৰ শাখা লেখিকা সমাৰোহ সমিতিৰ জুলাই মাহৰ মাহিলী বৈঠকখন কৈলাসপুৰ নামঘৰ প্ৰাংগণত অনুষ্ঠিত হয়। বৈঠকত ২০২৫ – ২০২৬ বৰ্ষৰ উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা অঞ্চলটোৰ কৃতি শিক্ষাৰ্থীসকলক সম্বৰ্ধনা জনোৱা হয়। চিৰ চেনেহী ভাষা জননী গীতেৰে শুভাৰম্ভ হোৱা বৈঠকত কৃতি শিক্ষাৰ্থীসকলক ফুলাম গামোচা , মানপত্ৰ , কিতাপৰ টোপোলা আৰু কলমেৰে সম্বৰ্ধনা জনোৱা হয় ৷
আনহাতে সমিতিৰ সম্পাদিকা নিভা ৰাণী বৰাই আঁত ধৰা বৈঠকখন পৰিচালনা কৰে সমিতিৰ সভানেত্ৰী ৰীণা শৰ্মাই । বৈঠকত বিশিষ্ট অতিথি হিচাপে ভাগ লৈ শিক্ষাৰ্থীসকলক উদ্দেশ্যি অনুপ্ৰেৰণামূলক ভাষণ প্ৰদান কৰে পল্টন বজাৰ শাখা লেখিকা সমাৰোহ সমিতিৰ সম্পাদিকা ডঃ নৱনীতা বৰদলৈয়ে । কৈলাসপুৰ শাখা লেখিকা সমাৰোহ সমিতিৰ উপদেষ্টা মণিকা বৰবৰা আৰু পশ্চিম গুৱাহাটী মহাবিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যাপক ডঃ গগনজ্যোতি বৰা , অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ বিষয়া তৰুণ কুমাৰ দাস আৰু সমাজকৰ্মী ৰাজীৱ শইকীয়াই চমু ভাষণ প্ৰদান কৰে।
ডলী কুমাৰী আৰু ছাত্ৰী শ্ৰুতকীৰ্তি বশিষ্ঠই গীত পৰিৱেশন কৰে । শিশু শিল্পী যুৱস্মান দাসে নৃত্য পৰিৱেশন কৰে ৷ শেষত শলাগৰ শৰাই আগবঢ়াই সম্পাদিকা নিভা ৰাণী বৰাই ।
