গুৱাহাটীত মহিলা ড্ৰাগছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ; জব্দ ৭৮ গ্ৰাম হেৰ’ইন, উদ্ধাৰ চুৰি হোৱা মোবাইল-লেপটপ

মাদক দ্ৰব্যৰ অবৈধ ব্যৱসায়ৰ আঁৰত সক্ৰিয় আছিল চুৰি হোৱা সামগ্ৰীৰো কাৰবাৰ। মহানগৰীত এই অভিযোগতে আৰক্ষীৰ জালত পৰিল এগৰাকী মহিলা। অভিযান চলাই আৰক্ষীয়ে জব্দ কৰে বৃহৎ পৰিমাণৰ হেৰ’ইনৰ লগতে একাধিক চুৰি হোৱা ইলেক্ট্ৰনিক সামগ্ৰী আৰু নগদ ধন।

পূব গুৱাহাটী আৰক্ষী জিলাৰ অন্তৰ্গত বশিষ্ঠ আৰক্ষী থানাৰ দলে বৰ্ণিহাটৰ আমতলা বস্তিত চলোৱা এক অভিযানত ৩০ বছৰীয়া নেহাৰ বেগমক গ্ৰেপ্তাৰ কৰে। আৰক্ষীৰ সন্দেহ, ড্ৰাগছ সৰবৰাহৰ সমান্তৰালভাৱে চুৰি হোৱা সামগ্ৰী ক্ৰয়-বিক্ৰয়ৰ সৈতেও জড়িত আছিল অভিযুক্তগৰাকী।

অভিযানত অভিযুক্তগৰাকীৰ কবলৰ পৰা ৭৮ গ্ৰাম ওজনৰ ৬৭টা হেৰ’ইনভৰ্তি ভায়েল, ২১৪টা খালী ভায়েল, চুৰি হোৱা ৯টা মোবাইল ফোন, এটা টেবলেট, এটা লেপটপ আৰু ১ লাখ ৩৬ হাজাৰ ৮০ টকা নগদ ধন জব্দ কৰে আৰক্ষীয়ে।

ঘটনাৰ সন্দৰ্ভত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰা হৈছে। জব্দ কৰা মাদক দ্ৰব্যখিনিৰ উৎস, সৰবৰাহৰ গন্তব্যস্থান আৰু এই চক্ৰৰ সৈতে জড়িত আন লোকৰ সন্ধানত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *