আইআইএমএ ভেঞ্চাৰ্ছ আৰু এছএপি-ৰ উদ্যোগত উত্তৰ-পূব গ্ৰ’থ লেবৰ তৃতীয় সংস্কৰণৰ বাবে আবেদন আহ্বান

আইআইএমএ ভেঞ্চাৰ্ছ ‘এছএপি-ৰ সৈতে অংশীদাৰিত্ব কৰি নৰ্থ-ইষ্ট গ্ৰ’থ লেব’(এনইজিএল)-ৰ তৃতীয় সংস্কৰণ মুকলি কৰিছে। উত্তৰ-পূৰ্বাঞ্চলৰ উদ্ভাৱন আৰু ব্যৱসায়িক বিকাশ ত্বৰান্বিত কৰাৰ উদ্দেশ্যে অঞ্চলটোৰ ২৫টা উচ্চ সম্ভাৱনাপূৰ্ণ ষ্টাৰ্টআপ আৰু সামাজিক প্ৰতিষ্ঠানৰ পৰা আবেদন আহ্বান কৰা হৈছে। এই কাৰ্যসূচী অসম, অৰুণাচল প্ৰদেশ, মণিপুৰ, মেঘালয়, মিজোৰাম, নগালেণ্ড, ছিকিম আৰু ত্ৰিপুৰাৰ সেইসকল উদ্যমীৰ বাবে মুকলি কৰা হৈছে, যিসকলে কৃষি, খাদ্য সংসাধন, জলবায়ু, জীৱিকা, জৈৱ প্ৰযুক্তি, বিত্তীয় অন্তৰ্ভুক্তি আৰু ডিপ টেকন’লজী আদি খণ্ডত কাম কৰি আছে। নিৰ্বাচিত প্ৰতিষ্ঠানসমূহে নিজৰ ব্যৱসায় বৃদ্ধি কৰিবলৈ মেণ্টৰশ্বিপ, ৰণনীতিগত নিৰ্দেশনা, বিনিয়োগকাৰীৰ সৈতে যোগাযোগ, বজাৰ সংযোগ আৰু দক্ষতা বিকাশৰ ক্ষেত্ৰত সহায় লাভ কৰিব।

এই শেহতীয়া সংস্কৰণ পূৰ্বৰ সংস্কৰণসমূহৰ সফলতাৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা হৈছে, যিয়ে ইতিমধ্যে অঞ্চলটোৰ ৪০তকৈও অধিক প্ৰতিষ্ঠানক সহায় আগবঢ়াইছে। কেৱল প্ৰথম সংস্কৰণতে ৪১টা সামাজিক প্ৰতিষ্ঠানক সহায় কৰা হৈছিল, যাৰ ভিতৰত ৩১টা প্ৰতিষ্ঠানে ২.৩৮ কোটি টকাৰ অনুদান আৰু বিনিয়োগ লাভ কৰিছিল। এই প্ৰতিষ্ঠানসমূহে পৰৱৰ্তী সময়ত অনুদান, ঋণ আৰু ইকুইটি ফাইনান্সৰ জৰিয়তে অতিৰিক্ত ২.২৯ কোটি টকা সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ লগতে ৪৪তকৈও অধিক ব্যৱসায়িক সুযোগ আৰু ২৭টা সক্ৰিয় বাণিজ্যিক চুক্তিৰো সৃষ্টি হৈছিল। ইয়াৰ পূৰ্বে আইআইএমএ ভেঞ্চাৰ্ছে জুন মাহত গুৱাহাটী, ডিমাপুৰ, ইম্ফল আৰু আগৰতলাত ষ্টাৰ্টআপ ইনকিউবেটৰ আৰু ইনভেচন হাবসমূহৰ সহযোগত কেইবাটাও ৰোডশ্ব’ৰ আয়োজন কৰিছিল। এই সজাগতামূলক কাৰ্যসূচীত প্ৰায় ১৭৫গৰাকী প্ৰতিষ্ঠাপকে অংশগ্ৰহণ কৰে, য’ত ভেল্যু প্ৰপ’জিচন ডেভেলপমেণ্ট আৰু কাষ্টমাৰ চিলমেণ্টেচন সম্পৰ্কীয় কৰ্মশালাও অন্তৰ্ভুক্ত আছিল।

আইআইএমএ ভেঞ্চাৰ্ছৰ ইনকিউবেচন পাৰ্টনাৰ চিন্তন বক্সীয়ে কয় যে, উত্তৰ-পূৰ্বাঞ্চল এক সজীৱ উদ্যমিতাৰ কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰিছে আৰু প্ৰতিষ্ঠাপকসকলে স্থানীয় প্ৰয়োজনীয়তাৰ ওপৰত ভিত্তি কৰি উন্নত সমাধান বিকশিত কৰিছে। তেওঁ লগতে কয় যে, এই পদক্ষেপৰ উদ্দেশ্য হৈছে ষ্টাৰ্টআপসমূহক পুঁজি, নেটৱৰ্ক আৰু বজাৰৰ সুযোগৰ সৈতে সংযোগ কৰা আৰু সমান্তৰালভাৱে অঞ্চলটোৰ উদ্ভাৱন ব্যৱস্থাক শক্তিশালী কৰা। তৃতীয় সংস্কৰণৰ বাবে আবেদন প্ৰক্ৰিয়া বৰ্তমান মুকলি আছে আৰু আবেদনকাৰী প্ৰতিষ্ঠানসমূহক নিজৰ উদ্ভাৱনী শক্তি, ব্যৱসায়িক সম্ভাৱনা, প্ৰভাৱ পেলাব পৰা সামৰ্থ্য আৰু বহনক্ষম জীৱিকা সৃষ্টিৰ দক্ষতাৰ ওপৰত ভিত্তি কৰি মূল্যায়ন কৰা হ’ব।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *