বংগত এনকাউণ্টাৰ! আৰক্ষীৰ বন্দুক কাঢ়ি পলায়নৰ চেষ্টাৰ সময়তে নিহত নাবালিকা ধৰ্ষণ আৰু হত্যা গোচৰৰ অভিযুক্তৰ

আৰক্ষীৰ সৈতে সংঘটিত সংঘৰ্ষত নিহত হ’ল এগৰাকী ১১ বছৰীয়া কিশোৰীক ধৰ্ষণ আৰু হত্যাৰ গোচৰৰ অন্যতম অভিযুক্ত প্ৰভাষ মণ্ডল। অপৰাধস্থলীত ঘটনাৰ পুনৰ্নিৰ্মাণ চলি থকাৰ সময়তে আৰক্ষীৰ অস্ত্ৰ কাঢ়ি পলায়নৰ চেষ্টা কৰাৰ পিছতে এই ঘটনা সংঘটিত হয়।

আৰক্ষীয়ে জনোৱা মতে, বুধবাৰে মাজনিশা প্ৰভাষ মণ্ডলক ঘটনাস্থলীলৈ নিয়া হৈছিল। তদন্তৰ অংশ হিচাপে অপৰাধ সংঘটিত হোৱাৰ সম্পূৰ্ণ ক্ৰম পুনৰ্নিৰ্মাণ কৰি থকা অৱস্থাত অভিযুক্তজনে এজন আৰক্ষী সদস্যৰ অস্ত্ৰ কাঢ়ি পলায়নৰ চেষ্টা কৰে। ইয়াৰ পিছতে আৰক্ষীৰ সৈতে সংঘটিত সংঘৰ্ষত গুলীবিদ্ধ হয়।

পিছত আহত অভিযুক্তজনক চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে। এই ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে পৃথক তদন্ত আৰম্ভ কৰিছে।

উল্লেখ্য যে, এগৰাকী ১২ বছৰীয়া কণমানিৰ সৈতে সংঘটিত দলবদ্ধ ধৰ্ষণ আৰু হত্যাৰ গোচৰত ইতিমধ্যে আৰক্ষীয়ে প্ৰভাষ মণ্ডলৰ লগতে আনন্দ চৰ্দাৰ আৰু দিবাকৰ চৰ্দাৰ নামৰ আন দুজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। ইয়াৰ পিছত বছিৰহাটৰ পৰা কাবিৰ মোল্লা নামৰ আন এজন অভিযুক্তকো আটক কৰে আৰক্ষীয়ে।

আৰক্ষীৰ তদন্ত অনুসৰি, পূৰ্ব পৰিকল্পনা অনুসৰিয়েই কিশোৰীগৰাকীক নিৰ্জন স্থানলৈ মাতি নিছিল পাষণ্ড কেইজনে। তাৰ পিছত সংঘটিত হয় ধৰ্ষণ আৰু হত্যাকাণ্ড। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত কিশোৰীগৰাকীৰ হাওঁফাওঁত পানী পোৱাৰ তথ্য পোহৰলৈ আহিছে। সেই তথ্যৰ ভিত্তিত মৃতদেহটো পুখুৰীত পেলোৱাৰ সময়ত কিশোৰীগৰাকী জীৱিত আছিল বুলি তদন্তকাৰী বিষয়াসকলে সন্দেহ প্ৰকাশ কৰিছে।

দেওবাৰে পুখুৰীৰ পৰা বস্তাত ভৰাই থোৱা কিশোৰীগৰাকীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে বিস্তীৰ্ণ অঞ্চলত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়। ক্ষুব্ধ লোকে পথ অৱৰোধ কৰাৰ লগতে ৰে’ল লাইন আৰু আৰক্ষীৰ বাহনতো আক্ৰমণ চলায়।

হিংসাত্মক ঘটনাৰ সৈতে জড়িত অভিযোগত এতিয়ালৈকে কমেও ২০ জনক আটক কৰিছে আৰক্ষীয়ে। একে সময়তে গণপ্ৰহাৰৰ বলি হৈ ইন্দ্ৰজিৎ মণ্ডল নামৰ এজন লোকৰো মৃত্যু হয়। ধৰ্ষণ-হত্যাকাণ্ডত জড়িত বুলি সন্দেহ কৰি একাংশ লোকে তেওঁক প্ৰহাৰ কৰিছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

ইফালে, এই ঘটনাক কেন্দ্ৰ কৰি ৰাজ্যখনৰ ৰাজনীতিও উত্তপ্ত হৈ উঠিছে। আৰক্ষীয়ে মূল অভিযুক্তক ৰক্ষা কৰাৰ চেষ্টা চলোৱা বুলি অভিযোগ উত্থাপন কৰিছে তৃণমূল কংগ্ৰেছে। তদন্তৰ অগ্ৰগতি সম্পৰ্কে ৭২ ঘণ্টাৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিবলৈ ৰাজ্যৰ আৰক্ষী সঞ্চালকপ্ৰধানক নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে।

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *