এদিন মোদীৰো পতন ঘটিব। তেওঁক লৈ ভয় কৰাৰ কোনো কাৰণ নাই। – এই মন্তব্যৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক লক্ষ্য কৰি তীব্ৰ ৰাজনৈতিক আক্ৰমণ চলালে এআইইউডিএফৰ সভাপতি বদৰুদ্দিন আজমলে। দেওবাৰে গুৱাহাটীত সংবাদমাধ্যমৰ সৈতে মত বিনিময় কৰি বিৰোধী শিবিৰক অধিক শক্তিশালী আৰু ঐক্যবদ্ধ হোৱাৰ বাবে তেওঁ আহ্বান জনায়।
আজমলে কয়, “আমি ভয় কৰিব নালাগে। ৰাহুল গান্ধীৰ নেতৃত্বত গঠিত ইণ্ডিয়া মিত্ৰজোঁট অধিক শক্তিশালী হ’ব লাগিব। তেতিয়াহে বিজেপিৰ বিৰুদ্ধে ফলপ্ৰসূভাৱে যুঁজ দিব পৰা যাব।”
পশ্চিমবংগৰ ৰাজনৈতিক পৰিস্থিতিৰ প্ৰসংগ উত্থাপন কৰি আজমলে কয় যে, মিত্ৰজোঁটৰ অংশীদাৰ দলসমূহে পৰস্পৰৰ বিৰুদ্ধে নিৰ্বাচনত অৱতীৰ্ণ হ’ব নালাগে। তেওঁৰ ভাষাত, “মিত্ৰজোঁট গঠন কৰাৰ পিছত পশ্চিমবংগত প্ৰতিদ্বন্দ্বিতা নকৰিলেহেঁতেন হয়তো মমতা বেনাৰ্জীয়ে এনে পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া নহ’লহেঁতেন।”
বিৰোধী শিবিৰৰ মাজত অধিক সমন্বয় গঢ়ি তোলাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে আজমলে। আগন্তুক নিৰ্বাচনত বিজেপিক প্ৰত্যাহ্বান জনাবলৈ ইণ্ডিয়া মিত্ৰজোঁট সুসংগঠিত আৰু অধিক সক্ৰিয় হোৱাৰ প্ৰয়োজনীয়তাৰ কথাও উল্লেখ কৰে তেওঁ।
উল্লেখ্য যে, আগন্তুক নিৰ্বাচনসমূহক লৈ বিৰোধী মিত্ৰজোঁটৰ কৌশল আৰু সমন্বয় শক্তিশালী কৰাৰ বিষয়ে বিভিন্ন দলৰ মাজত আলোচনা চলি থকাৰ সময়তে আজমলৰ এই মন্তব্যই নতুন ৰাজনৈতিক বিতৰ্কৰ সৃষ্টি কৰিছে।
