বিধানসভাত উত্থাপন হ’ব কেইবাখনো গুৰুত্বপূৰ্ণ বিধেয়ক; গুৱাহাটী ছেটেলাইট চিটি উন্নয়ন প্ৰাধিকৰণ গঠনৰ প্ৰস্তাৱ

প্ৰশাসনিক সংস্কাৰ আৰু আন্তঃগাঁথনি উন্নয়নৰ নতুন অধ্যায় আৰম্ভ কৰিব ৰাজ্য চৰকাৰে। সোমবাৰৰ পৰা আৰম্ভ হোৱা বিধানসভা অধিৱেশনত পৰ্যটন, ভূমি আৰু গুৱাহাটী মহানগৰৰ উন্নয়নৰ সৈতে জড়িত কেইবাখনো গুৰুত্বপূৰ্ণ বিধেয়ক উত্থাপনৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছে।

ৰাজ্য মন্ত্ৰীসভাৰ বৈঠকৰ পিছত অনুষ্ঠিত সংবাদমেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনায় যে এই অধিৱেশনত একাধিক নতুন বিধেয়ক দাখিল কৰা হ’ব। তেওঁৰ ভাষ্য অনুসৰি, এই বিধেয়কসমূহৰ লক্ষ্য হৈছে প্ৰশাসনিক ব্যৱস্থাক অধিক ফলপ্ৰসূ কৰাৰ লগতে উন্নয়নমূলক প্ৰকল্পসমূহৰ ৰূপায়ণ ত্বৰান্বিত কৰা।

অসম পৰ্যটন আৰু উন্নয়ন পঞ্জীয়ন আইন, ২০২৪-ত সংশোধনী আনি হোটেল আৰু গৃহাৱাসৰ পঞ্জীয়ন প্ৰক্ৰিয়া সহজ কৰা হ’ব। মুখ্যমন্ত্ৰীয়ে কয়, “হোটেল আৰু গৃহাৱাসৰ পঞ্জীয়ন প্ৰক্ৰিয়া সহজ কৰা হ’ব। লগতে ১৮৬৭ চনৰ চৰাইছ আইন বাতিল কৰা হ’ব।”

অসম ভূমি ৰাজহ নিয়ন্ত্ৰণ আইনৰ দ্বাদশ অধ্যায়তো সংশোধনী অনাৰ প্ৰস্তাৱ আছে। এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে জনায় যে এক শক্তিশালী সংশোধনী বিধেয়ক এই অধিৱেশনত উত্থাপন কৰা হ’ব।

গুৱাহাটী ছেটেলাইট চিটি উন্নয়ন প্ৰাধিকৰণ বিধেয়ক, ২০২৬-তো মন্ত্ৰীসভাই অনুমোদন জনাইছে। মুখ্যমন্ত্ৰীয়ে কয়, “গুৱাহাটী ছেটেলাইট চিটি উন্নয়ন প্ৰাধিকৰণ বিধেয়ক, ২০২৬ মন্ত্ৰীসভাই অনুমোদন জনাইছে। এই কৰ্তৃপক্ষৰ অধ্যক্ষ হিচাপে মুখ্যমন্ত্ৰীয়ে দায়িত্ব পালন কৰিব।”

ইয়াৰ উপৰি, মন্ত্ৰীসভাই অসম আৰক্ষীৰ ১১২ জৰুৰীকালীন সেৱা আধুনিকীকৰণৰ বাবে ৯৭.৯০ কোটি টকা অনুমোদন, অসম ক্ষুদ্ৰ খনিজ সম্পদ ৰেহাই বিধি, ২০৩০-ত সংশোধন আৰু বিশ্বনাথ চাৰিআলিত আমুলৰ গাখীৰ প্ৰক্ৰিয়াকৰণ কেন্দ্ৰ স্থাপনৰ বাবে ৩৩ বিঘা ভূমি আৱণ্টনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

এই সিদ্ধান্তসমূহৰ বিষয়ে মুখ্যমন্ত্ৰীয়ে কয়, “অসম আৰক্ষীৰ ১১২ সেৱা আধুনিকীকৰণৰ বাবে ৯৭.৯০ কোটি টকা অনুমোদন জনোৱা হৈছে। অসম ক্ষুদ্ৰ খনিজ সম্পদ ৰেহাই বিধিত সংশোধন কৰা হৈছে। লগতে বিশ্বনাথ চাৰিআলিত আমুলৰ গাখীৰ প্ৰক্ৰিয়াকৰণ কেন্দ্ৰ স্থাপনৰ বাবে ৩৩ বিঘা ভূমি আৱণ্টন কৰা হৈছে।”

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *