যুৱ কংগ্ৰেছৰ ৰাজ্যিক সভাপতিৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থাৰ দাবী; দলীয় নেতৃত্বলৈ পত্ৰ কংগ্ৰেছ বিধায়কৰ

দলীয় বৈঠকত সংঘটিত এক ঘটনাক কেন্দ্ৰ কৰি কংগ্ৰেছৰ ভিতৰচৰাত সংঘটিত হৈছে এক নতুন বিতৰ্কৰ। অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি জুবেইৰ আনম মজুমদাৰৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ দাবী জনাই ভাৰতীয় যুৱ কংগ্ৰেছৰ সভাপতিলৈ পত্ৰ প্ৰেৰণ কৰিছে কংগ্ৰেছৰ দুজন বিধায়কে।

লাহৰীঘাটৰ বিধায়ক ডাঃ আছিফ মহম্মদ নজৰ আৰু গৌৰীপুৰৰ বিধায়ক আব্দুছ ছোবাহান আলী সৰকাৰে স্বাক্ষৰ কৰা পত্ৰখনত উল্লেখ কৰা মতে, ২০২৬ চনৰ ২১ মে’ত গুৱাহাটীৰ ৰাজীৱ ভৱনত অনুষ্ঠিত এখন দলীয় বৈঠকক কেন্দ্ৰ কৰিয়েই এই অভিযোগ উত্থাপন কৰা হৈছে। বৈঠকখনত নবনিৰ্বাচিত বিধায়ক, প্ৰাক্তন বিধায়ক, সাংসদ আৰু দলৰ জ্যেষ্ঠ নেতাসকল উপস্থিত আছিল।

বিধায়ক দুজনে উল্লেখ কৰা মতে, বৈঠক আৰম্ভ হোৱাৰ প্ৰায় আধা ঘণ্টাৰ পিছত উপস্থিত হৈছিল জুবেইৰ আনাম মজুমদাৰ। অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈয়ে পলমকৈ অহাৰ কাৰণ সোধাত মজুমদাৰে উচ্চস্বৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰে আৰু অসৌজন্যমূলক আচৰণ প্ৰদৰ্শন কৰে বুলি পত্ৰখনত উল্লেখ কৰা হৈছে।

পত্ৰখন অনুসৰি, এই আচৰণে বৈঠকৰ স্বাভাৱিক পৰিৱেশ ব্যাহত কৰাৰ লগতে দলীয় শৃংখলাও ভংগ কৰিছে। সংবাদ মাধ্যমতো ঘটনাটো প্ৰচাৰ পোৱাৰ ফলত নিৰ্বাচনৰ পিছতে দলৰ ভাবমূৰ্তি ক্ষুণ্ণ হোৱা বুলিও বিধায়ক দুজনে অভিযোগ কৰে।

ঘটনাটোক অগ্ৰহণযোগ্য আখ্যা দি জুবেইৰ আনাম মজুমদাৰৰ বিৰুদ্ধে উপযুক্ত শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ দাবী জনায় বিধায়ক দুজনে। এই উদ্দেশ্যে ভাৰতীয় যুৱ কংগ্ৰেছৰ সভাপতিক তাৎক্ষণিকভাৱে হস্তক্ষেপ কৰাৰ আহ্বানো জনায়।

ইতিমধ্যে পত্ৰখন ৰাজহুৱা পৰিসৰত প্ৰচাৰ পাইছে। অৱশ্যে পত্ৰখনত উত্থাপিত অভিযোগ সন্দৰ্ভত জুবাইৰ আনম মজুমদাৰৰ তৰফৰ পৰা এতিয়ালৈকে কোনো প্ৰতিক্ৰিয়া পোহৰলৈ অহা নাই।

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *