অৰুণাচল প্ৰদেশত শেহতীয়া বানপানী আৰু ভূমিস্খলনে সৃষ্টি কৰা দুৰ্যোগৰ মাজতে দুৰ্যোগপীড়িত পৰিয়ালসমূহৰ সহায়ত আগবাঢ়ি আহিছে ৰাজ্যখনৰ ডিৰাং সমষ্টিৰ বিধায়ক ফুৰ্পা টছেৰিঙে। কীয়ি পান্যোৰ জিলাৰ ক্ষতিগ্ৰস্ত লোকসকলৰ সহায়ৰ বাবে নিজৰ সাত মাহৰ দৰমহা দান কৰিছে তেওঁ।
মুঠ ৭.৫ লাখ টকাৰ এই সাহায্য আগবঢ়াই জনস্বাস্থ্য আৰু পথ নিৰ্মাণ বিভাগৰ মন্ত্ৰীৰ উপদেষ্টা হিচাপেও দায়িত্ব পালন কৰা ফুৰ্পা টছেৰিঙে কয় যে, ৰাজ্যখন বৰ্তমান এক কঠিন সময়ৰ মাজেৰে পাৰ হৈ আছে। এনে পৰিস্থিতিত দুৰ্যোগত ক্ষতিগ্ৰস্ত লোকসকলৰ কাষত থিয় দিয়াটো সকলোৰে দায়িত্ব।
ডিৰাংবাসী আৰু অঞ্চলটোৰ জননেতাসকলকো দুৰ্যোগপীড়িত পৰিয়ালসমূহৰ সহায়লৈ আগবাঢ়ি আহিবলৈ আহ্বান জনায় বিধায়কগৰাকীয়ে। এই সংকটৰ সময়ত পাৰস্পৰিক সহযোগিতা আৰু ঐক্যবদ্ধ প্ৰচেষ্টাইহে ক্ষতিগ্ৰস্ত লোকসকলক পুনৰ স্বাভাৱিক জীৱনলৈ ঘূৰাই অনাত সহায় কৰিব বুলি তেওঁ মন্তব্য কৰে।
শেহতীয়া বানপানী আৰু ভূমিস্খলনৰ ফলত কীয়ি পান্যোৰ জিলাৰ বিস্তীৰ্ণ অঞ্চলত ব্যাপক ক্ষতি সাধন হৈছে। বহু পৰিয়ালে বাসগৃহ, কৃষিভূমি আৰু জীৱিকাৰ উৎস হেৰুৱাবলগীয়া হোৱাৰ পৰিপ্ৰেক্ষিতত উদ্ধাৰ, সাহায্য আৰু পুনৰ্বাসন কাৰ্য অব্যাহত ৰাখিছে প্ৰশাসনে।
