জালুকৰ বৈয়ামত লুকুৱাই অনা হৈছিল নিচাযুক্ত সামগ্ৰী; কাছাৰত ৯.৫ কোটি টকাৰ ইয়াবা-হেৰ’ইন জব্দ

উত্তৰ-পূবৰ ৰাজ্যসমূহত অব্যাহত থকা নিচাযুক্ত সামগ্ৰীৰ সৰবৰাহৰ বিৰুদ্ধে ধাৰাবাহিক অভিযানৰ মাজতে এইবাৰ কাছাৰত জব্দ হ’ল প্ৰায় ৯.৫ কোটি টকা মূল্যৰ বৃহৎ পৰিমাণৰ ইয়াবা টেবলেট আৰু হেৰ’ইন। জালুকভৰ্তি বৈয়ামৰ ভিতৰত লুকুৱাই সৰবৰাহ কৰাৰ চেষ্টা চলোৱা হৈছিল এই নিচাযুক্ত সামগ্ৰীখিনি।

অসম ৰাইফলছৰ শ্ৰীকোনা বেটেলিয়ন, কাছাৰ আৰক্ষী আৰু শুল্ক বিভাগে যুটীয়াভাৱে চলোৱা এক বিশেষ অভিযানত ৩০ জুনত টোলেংগ্ৰাম অঞ্চলৰ পৰা এই সাফল্য লাভ কৰে। নিৰ্দিষ্ট গোপন তথ্যৰ ভিত্তিত চলোৱা অভিযানত ৩০ হাজাৰ ইয়াবা টেবলেট আৰু ৫৩৫ গ্ৰাম হেৰ’ইন জব্দ কৰা হয়। জব্দ কৰা নিচাযুক্ত সামগ্ৰীৰ বজাৰমূল্য প্ৰায় ৯.৫ কোটি টকা বুলি জানিবলৈ দিয়ে সংশ্লিষ্ট সূত্ৰই।

তদন্তকাৰী সংস্থাৰ তথ্য অনুসৰি, নিচাযুক্ত সামগ্ৰীখিনি ৰঙা জালুকভৰ্তি বৈয়ামৰ ভিতৰত লুকুৱাই অনা হৈছিল। কিন্তু অসম ৰাইফলছৰ জোৱানসকলৰ তৎপৰতাত সৰবৰাহকাৰীৰ সেই কৌশল ব্যৰ্থ হয়।

অভিযানৰ সময়তে মণিপুৰৰ তামেংলং জিলাৰ টোলেন গাঁৱৰ দুগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰা হয়। বৰ্তমান তেওঁলোকক জিম্মাত লৈ অধিক তথ্য সংগ্ৰহৰ বাবে সোধা-পোছা অব্যাহত ৰাখিছে তদন্তকাৰী সংস্থাই।

ইফালে, যোৱা ৪৮ ঘণ্টাত অঞ্চলটোত নিচাযুক্ত সামগ্ৰী আৰু চোৰাং ব্যৱসায়ৰ বিৰুদ্ধে এইটো তৃতীয়টো উল্লেখযোগ্য সফল অভিযান। ইয়াৰ পূৰ্বে প্ৰায় ৫ কোটি টকা মূল্যৰ ইয়াবা টেবলেট আৰু হেৰ’ইন জব্দ কৰা হৈছিল। আনহাতে, তাৰ পাছতে প্ৰায় ২.৮ কোটি টকা মূল্যৰ অবৈধ বিদেশী চিগাৰেটো জব্দ কৰিবলৈ সক্ষম হৈছিল নিৰাপত্তা বাহিনী।

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *