বিমানবন্দৰত হেৰুৱাইছিল বৃহৎ পৰিমাণৰ বৈদেশিক মুদ্ৰাভৰ্তি বেগ! অৱশেষত যাত্ৰীয়ে পালে ঘূৰাই

বিমানবন্দৰত অসাৱধানতাবশতঃ এৰি যোৱা ১০ লাখ টকাতকৈ অধিক মূল্যৰ টকাভৰ্তি বেগ অৱশেষত ঘূৰাই পালে গৰাকীজনে। চিআইএছএফ, লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ ‘লষ্ট এণ্ড ফাউণ্ড’ শাখা আৰু হায়দৰাবাদ বিমানবন্দৰ কৰ্তৃপক্ষৰ সমন্বিত তৎপৰতাত যাত্ৰীগৰাকীৰ হাতত পুনৰ চমজাই দিয়া হয় বেগটো।

বিমানবন্দৰ কৰ্তৃপক্ষই জানিবলৈ দিয়া মতে, ২৬ জুনত টাৰ্মিনেল–১ত নিয়মীয়া নিৰাপত্তা পৰীক্ষাৰ সময়ত অটোমেটেড ট্ৰে ৰিট্ৰিভেল চিষ্টেম (এটিআৰএছ)ৰ ওচৰত পৰিত্যক্ত অৱস্থাত বেগটো প্ৰত্যক্ষ কৰে চিআইএছএফৰ জোৱানসকলে। ইয়াৰ পিছতে নিৰাপত্তা বিধি অনুসৰি বেগটো জব্দ কৰি ‘লষ্ট এণ্ড ফাউণ্ড’ শাখাৰ হাতত চমজাই দিয়া হয়।

পৰৱৰ্তী পৰীক্ষাত বেগটোৰ ভিতৰত ১০,৭২০ আমেৰিকান ডলাৰ, ১৭৫ চীনা ইউৱান, ঔষধ আৰু আন কেইবাটাও ব্যক্তিগত সামগ্ৰী উদ্ধাৰ হয়। ভাৰতীয় মুদ্ৰাত বৈদেশিক মুদ্ৰাখিনিৰ মূল্য ১০.১৪ লাখ টকাতকৈ অধিক বুলি জানিবলৈ দিয়ে কৰ্তৃপক্ষই।

ইফালে, বেগটোৰ ওপৰত লিখা নাম আৰু ভিতৰত থকা ঔষধৰ তথ্যৰ সহায়ত যাত্ৰীগৰাকীৰ পৰিচয় নিশ্চিত কৰে ‘লষ্ট এণ্ড ফাউণ্ড’ শাখাই। চিচিটিভি ফুটেজ পৰ্যালোচনাত ইতিমধ্যে তেওঁ হায়দৰাবাদগামী বিমানত উঠি যোৱা বিষয়টোও নিশ্চিত হয়।

ইয়াৰ পিছত হায়দৰাবাদ বিমানবন্দৰ কৰ্তৃপক্ষ আৰু চিআইএছএফৰ সৈতে সমন্বয় স্থাপন কৰি যাত্ৰীগৰাকীৰ সন্ধান উলিওৱা হয়। প্ৰয়োজনীয় নথি-পত্ৰ আৰু মালিকানাৰ তথ্য পৰীক্ষা কৰি নিশ্চিত কৰাৰ পিছত তেওঁৰ অনুমোদিত প্ৰতিনিধিৰ হাতত বেগটো চমজাই দিয়ে কৰ্তৃপক্ষই।

লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ কৰ্তৃপক্ষই জানিবলৈ দিয়া মতে, এই ঘটনাই বিমানবন্দৰৰ নিৰাপত্তা ব্যৱস্থা, বিভিন্ন সংস্থাৰ সমন্বয় আৰু হেৰুওৱা সামগ্ৰী সুৰক্ষিতভাৱে গৰাকীজনৰ হাতত ঘূৰাই দিয়াৰ ব্যৱস্থাৰ কাৰ্যকাৰিতা পুনৰ এবাৰ প্ৰতিফলিত কৰিছে।

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *