অৰুণাচলত চীনৰ আগ্ৰাসনৰ দাবী খণ্ডন ভাৰতীয় সেনাৰ

অৰুণাচল প্ৰদেশৰ ভাৰত-চীন সীমান্তত চীনৰ আগ্ৰাসনক লৈ শেহতীয়াকৈ সৃষ্টি হোৱা জল্পনা-কল্পনাৰ মাজতে এইবাৰ আনুষ্ঠানিকভাৱে মুখ খুলিলে ভাৰতীয় সেনাই। অৰুণাচলৰ আপাৰ সুৱনশিৰি জিলাৰ টাকছিং অঞ্চলত চীনা পিপলছ লিবাৰেশ্যন আৰ্মীয়ে (PLA) ভাৰতীয় ভূখণ্ডত সামৰিক শিবিৰ স্থাপন কৰা বুলি প্ৰচাৰিত খবৰসমূহ ভিত্তিহীন আৰু সম্পূৰ্ণ ভুল বুলি খণ্ডন কৰে ভাৰতীয় সেনাই।

ভাৰতীয় সেনাই জাৰি কৰা চমু বিবৃতিত জানিবলৈ দিয়া মতে, অৰুণাচল প্ৰদেশত চীনা পিএলএয়ে নতুনকৈ অনুপ্ৰৱেশ কৰি সামৰিক শিবিৰ স্থাপন কৰা বুলি বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশিত বাতৰিসমূহৰ কোনো বাস্তৱ ভিত্তি নাই। এনে দাবী সম্পূৰ্ণ অসত্য বুলি স্পষ্ট কৰি দিয়ে সেনাই।

এই খণ্ডনৰ পূৰ্বে টাকছিংস্থিত এনএএইচ ৱেলফেয়াৰ ছ’চাইটি নামৰ অৰুণাচলৰ এটা স্থানীয় সংগঠনে আপাৰ সুৱনশিৰি জিলাৰ উপায়ুক্তলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰি অঞ্চলটোত চীনা পিএলএৰ ক্ৰমবৰ্ধমান আগ্ৰাসনৰ অভিযোগ উত্থাপন কৰিছিল। স্মাৰকপত্ৰখনত উল্লেখ কৰা অনুসৰি, ২০২০ চনৰ পূৰ্বলৈ ভাৰতীয় নিয়ন্ত্ৰণত থকা টাকছিং চাৰ্কলৰ অইয়িং (২৪৪৫), পানিয়াৰ, মাৰপান (মাৰ্নাফে), পট্ৰাং হ্ৰদ আৰু টিণ্ডিংটাং অঞ্চলত চীনা সেনাই সামৰিক শিবিৰ স্থাপন কৰাৰ লগতে পথ আৰু দলং নিৰ্মাণ কৰিছে।

সংগঠনটোৰ অভিযোগ অনুসৰি, স্থানীয় লোকসকলে প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি ব্যৱহাৰ কৰি অহা চিকাৰক্ষেত্ৰ, গৰু-ম’হ চৰোৱা ভূমি আৰু টছাৰি অঞ্চলৰ পবিত্ৰ তীৰ্থস্থানসমূহো এতিয়া চীনা নিয়ন্ত্ৰণলৈ গৈছে। সীমান্ত অঞ্চলত চীনা সেনাৰ তৎপৰতা উদ্বেগজনকভাৱে বৃদ্ধি পোৱা বুলিও স্মাৰকপত্ৰখনত উল্লেখ কৰা হৈছে।

ইফালে, ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ তৎকালীন হস্তক্ষেপ বিচাৰি সংগঠনটোৱে স্মাৰকপত্ৰৰ সৈতে একাধিক আলোকচিত্ৰও দাখিল কৰে। সংগঠনটোৱে ভাৰতীয় সেনাৰ প্ৰতি আস্থা প্ৰকাশ কৰিলেও সীমান্ত সুৰক্ষাৰ ক্ষেত্ৰত অধিক ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণৰ আহ্বান জনায়।

এতিয়ালৈকে এই অভিযোগৰ সমৰ্থনত কোনো চৰকাৰী বা স্বতন্ত্ৰ প্ৰমাণ প্ৰকাশ পোৱা নাই। আনহাতে, ভাৰতীয় সেনাই এই দাবী সম্পূৰ্ণৰূপে নস্যাৎ কৰাত সীমান্তত চীনৰ কথিত আগ্ৰাসনক লৈ উত্থাপিত দাবীসমূহক কেন্দ্ৰ কৰি নতুন বিতৰ্কৰ সৃষ্টি হৈছে।

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *