নিয়ন্ত্ৰণ হেৰুৱাই ট’ল প্লাজাত সোমাল এলপিজি টেংকাৰ; ভয়ংকৰ বিস্ফোৰণৰ পাছতে অগ্নিকাণ্ড, দগ্ধ ৭

পুৱাৰ ব্যস্ত সময়। ট’ল প্লাজাত চলি আছিল স্বাভাৱিক যান-বাহনৰ অহা-যোৱা। সেই সময়তেই নিয়ন্ত্ৰণ হেৰুৱায় এখন এলপিজি টেংকাৰে। মুহূৰ্ততে ট’ল প্লাজাত খুন্দা মৰাৰ পাছতে সংঘটিত হয় প্ৰচণ্ড বিস্ফোৰণ। ভয়ংকৰ অগ্নিকাণ্ডত দগ্ধ হয় সাতজন লোক, যাৰ ভিতৰত পাঁচজন ট’ল প্লাজাৰ কৰ্মচাৰীৰ অৱস্থা সংকটজনক।

শুকুৰবাৰে পুৱা প্ৰায় ৭ বজাত উত্তৰ প্ৰদেশৰ কৌশাম্বী জিলাৰ কোকৰাজ থানাৰ অন্তৰ্গত ছিহোৰি ট’ল প্লাজাত এই ঘটনা সংঘটিত হয়। কানপুৰৰ পৰা প্ৰতাপগড়লৈ গৈ থকা এলপিজি টেংকাৰখন আন এখন বাহনক অতিক্ৰম কৰাৰ চেষ্টা কৰোঁতেই নিয়ন্ত্ৰণ হেৰুৱাই পেলায়। প্ৰায় ৬০-৭০ কিলোমিটাৰ বেগেৰে অহা টেংকাৰখন প্ৰথমে পথৰ ডিভাইডাৰত খুন্দা মাৰি বাগৰি পৰে আৰু তাৰ পিছতে ট’ল প্লাজাত সোমাই যায়।

খুন্দাৰ লগে লগে টেংকাৰখনৰ পৰা এলপিজি গেছ নিৰ্গত হ’বলৈ আৰম্ভ কৰে। কিছু সময়ৰ পিছতে সংঘটিত হয় এক প্ৰচণ্ড বিস্ফোৰণ। মুহূৰ্ততে টেংকাৰখন আৰু ট’ল প্লাজাৰ একাংশ জুইৰ লেলিহান শিখাত আৱৰি পৰে। প্ৰায় দুই কিলোমিটাৰ দূৰৰ পৰাও ক’লা ধোঁৱা আৰু জুইৰ শিখা দেখা যায়।

অগ্নিকাণ্ডই দ্ৰুতগতিত ট’ল প্লাজাৰ প্ৰাংগণ আৰু কাষৰ শৌচালয়লৈ বিয়পি পৰাত কেইবাজনো কৰ্মচাৰী জুইৰ মাজত আৱদ্ধ হৈ পৰে। ঘটনাৰ পিছতে আতংকিত যাত্ৰীসকলে বাহন এৰি নিৰাপদ স্থানলৈ দৌৰি পলায়ন কৰে। ফলত ঘাইপথৰ দুয়োকাষে দীঘলীয়া যানজঁটৰ সৃষ্টি হয়।

আৰক্ষীয়ে জনোৱা মতে, টেংকাৰখনৰ চালক আৰু সহকাৰীয়ে বিস্ফোৰণৰ পূৰ্বেই বাহনখনৰ পৰা জঁপিয়াই প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয়।

কৌশাম্বীৰ আৰক্ষী অধীক্ষক সত্যনাৰায়ণ প্ৰজাপতিয়ে জানিবলৈ দিয়ে যে, প্ৰাথমিক তদন্তত টেংকাৰখন ট’ল প্লাজাত খুন্দা মৰাৰ ফলতেই গেছ নিৰ্গত হৈ বিস্ফোৰণ আৰু অগ্নিকাণ্ড সংঘটিত হোৱা তথ্য পোহৰলৈ আহিছে। ঘটনাৰ সঠিক কাৰণ নিৰ্ধাৰণৰ বাবে জিলা যোগান বিষয়া আৰু কাৰিকৰী বিশেষজ্ঞৰ দলে তদন্ত অব্যাহত ৰাখিছে।

ঘটনাত মুঠ সাতজন আহত হয়। ইয়াৰে পাঁচজন গুৰুতৰভাৱে দগ্ধ হোৱাত প্ৰথমে কৌশাম্বী জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও পিছত উন্নত চিকিৎসাৰ বাবে প্ৰয়াগৰাজলৈ প্ৰেৰণ কৰা হৈছে। আন দুজন প্ৰাথমিক চিকিৎসাৰ পিছতে চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতিছে।

ট’ল প্লাজাৰ কৰ্মচাৰী সঞ্জয় নিৰ্মলে জানিবলৈ দিয়ে যে, দুৰ্ঘটনাৰ কিছু সময় পূৰ্বে অঞ্চলটোত সামান্য বৰষুণ হৈছিল। হঠাতে টেংকাৰখন ট’ল প্লাজাত খুন্দা মৰাৰ পিছতেই গেছ নিৰ্গত হয় আৰু কিছু মুহূৰ্তৰ ভিতৰতে সমগ্ৰ এলেকাটো জুইয়ে গ্ৰাস কৰে।

অগ্নিকাণ্ডত ট’ল প্লাজাৰ পাৰ্কিং স্থানত ৰখা অন্ততঃ ১৬খন মটৰচাইকেল আৰু দুখন ব্যক্তিগত বাহন সম্পূৰ্ণৰূপে ভস্মীভূত হয়। শৌচালয়ত থকা তদাৰককাৰী অলোক পাণ্ডেও গুৰুতৰভাৱে দগ্ধ হয়।

অগ্নিনিৰ্বাপক বাহিনীৰ কেইবাটাও দলে ঘটনাস্থলীত উপস্থিত হৈ জুই নিয়ন্ত্ৰণলৈ অনাৰ অভিযান আৰম্ভ কৰে। জুইৰ তীব্ৰতাৰ বাবে আৰম্ভণিতে উদ্ধাৰ অভিযান ব্যাহত হৈছিল। বৰ্তমান শীতলীকৰণৰ কাম চলি থকাৰ লগতে টেংকাৰখনৰ কাৰিকৰী পৰীক্ষাও অব্যাহত আছে।

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *