শ্ৰীভূমিত ১০.৮ কোটি টকাৰ ড্ৰাগছ জব্দ; নিশাৰ অভিযানত এজন গ্ৰেপ্তাৰ

ৰাজ্যত অব্যাহত আছে ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। শ্ৰীভূমি জিলাত নিশা চলোৱা এক বিশেষ অভিযানত প্ৰায় ১০.৮ কোটি টকা মূল্যৰ ড্ৰাগছ জব্দ কৰাৰ লগতে এজন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে এই তথ্য সদৰী কৰি শ্ৰীভূমি আৰক্ষীৰ ভূয়সী প্ৰশংসা কৰে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, “অসম আৰক্ষীৰ সৈতে শত্ৰুতা কৰিবলৈ ১০.৮ কোটি টকা বহুত ডাঙৰ মূল্য। নিশাৰ অভিযানত বৃহৎ পৰিমাণৰ ড্ৰাগছৰ চালান জব্দ কৰি শ্ৰীভূমি আৰক্ষীয়ে উল্লেখযোগ্য সফলতা লাভ কৰিছে।”

ঘটনাৰ সৈতে জড়িত এজন লোকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে বুলিও জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীয়ে।

আন অভিযুক্তসকলক বিচাৰি উলিয়াই গ্ৰেপ্তাৰ কৰাৰ বাবে আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে।

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *