অপাৰেচন সেন্দূৰত প্ৰাণ উৎসৰ্গা কৰা ছয়গৰাকী বীৰ জোৱানৰ নাম আনুষ্ঠানিকভাৱে প্ৰকাশ কেন্দ্ৰৰ

অপাৰেচন সেন্দুৰত পাকিস্তানৰ বিৰুদ্ধে অভিযান চলোৱাৰ সময়ত দেশৰ বাবে প্ৰাণ উৎসৰ্গা কৰা ছয়গৰাকী বীৰ জোৱানৰ নাম অৱশেষত আনুষ্ঠানিকভাৱে প্ৰকাশ কৰিছে ভাৰত চৰকাৰে। ২০২৫ চনৰ মে’ মাহত সংঘটিত এই সামৰিক অভিযানত শ্বহীদ হোৱা জোৱানসকলৰ নাম এতিয়া নতুন দিল্লীৰ ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকত স্থায়ীভাৱে সংযোজন কৰা হৈছে।

শ্বহীদসকল হৈছে ছুবেদাৰ মেজৰ পৱন কুমাৰ (মুখ্য কাৰ্যালয়, ১০ ইনফেণ্ট্ৰী ব্ৰিগেড), ৰাইফলমেন সুনীল কুমাৰ (৪ৰ্থ বেটেলিয়ন, জম্মু-কাশ্মীৰ লাইট ইনফেণ্ট্ৰী), লেন্স নায়ক দিনেশ কুমাৰ (৫ ফিল্ড ৰেজিমেণ্ট), অগ্নিবীৰ মুণ্ডা মুৰলী নায়ক (৮৫১ লাইট ৰেজিমেণ্ট), হাবিলদাৰ সুনীল কুমাৰ সিং (২৩৭ ফিল্ড ৱৰ্কশ্বপ) আৰু ছাৰ্জেণ্ট সুৰেন্দ্ৰ কুমাৰ (৩৯ উইং, ভাৰতীয় বায়ুসেনা)।

ভাৰত চৰকাৰে জনোৱা মতে, শ্বহীদসকলৰ সন্মানত ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকত প্ৰতিগৰাকী বীৰ জোৱানৰ নাম খোদিত গ্ৰেনাইটৰ ফলক সংযোজন কৰা হৈছে।

অপাৰেচন সেন্দুৰত অসাধাৰণ সাহসিকতা প্ৰদৰ্শন কৰাৰ স্বীকৃতি স্বৰূপে ৰাইফলমেন সুনীল কুমাৰক মৰণোত্তৰ বীৰ চক্ৰ প্ৰদান কৰা হয়। আনহাতে, ছাৰ্জেণ্ট সুৰেন্দ্ৰ কুমাৰক সাহসিকতাৰ বাবে মৰণোত্তৰ বায়ু পদকেৰে সন্মানিত কৰা হয়।

দেশৰ সুৰক্ষা নিশ্চিত কৰাৰ দায়িত্ব পালন কৰি প্ৰাণ উৎসৰ্গা কৰা এই ছয়গৰাকী জোৱানলৈ সমগ্ৰ দেশে পুনৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে।

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *