অৱতৰণৰ সময়তে পাকিস্তানৰ আকাশসীমাত সোমাল এয়াৰ ইণ্ডিয়াৰ বিমান; ক্ৰুৰ বিৰুদ্ধে ব্যৱস্থা

অমৃতসৰ বিমানবন্দৰত অৱতৰণৰ প্ৰস্তুতি চলি থকাৰ সময়তে হঠাতে পাকিস্তানৰ আকাশসীমাত প্ৰৱেশ কৰিলে এয়াৰ ইণ্ডিয়াৰ এখন যাত্ৰীবাহী বিমানে। ঘটনাটো পোহৰলৈ অহাৰ পাছতে সংশ্লিষ্ট বিমান ক্ৰু আৰু এজন বায়ু পৰিবহণ নিয়ন্ত্ৰকৰ বিৰুদ্ধে অন্তৱৰ্তী ব্যৱস্থা গ্ৰহণ কৰিছে অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ে।

২২ জুনত দিল্লীৰ পৰা অমৃতসৰ অভিমুখে যাত্ৰা কৰা এয়াৰ ইণ্ডিয়াৰ এআই-৪৭৯ নম্বৰৰ বিমানখনৰ ক্ষেত্ৰত সংঘটিত হয় এই ঘটনা। এয়াৰবাছ এ-৩২১ প্ৰকাৰৰ বিমানখন অমৃতসৰ বিমানবন্দৰত অৱতৰণৰ বাবে আগবাঢ়ি থকাৰ সময়তে কিছু সময়ৰ বাবে পাকিস্তানৰ আকাশসীমাত প্ৰৱেশ কৰে।

অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ে জানিবলৈ দিয়া মতে, বিমানবন্দৰৰ ৰানৱে’ত চৰাইৰ আঘাতজনিত এটা ঘটনা সংঘটিত হোৱাৰ পাছত পৰিদৰ্শনৰ কাম চলি আছিল। সেইবাবে অৱতৰণৰ পূৰ্বে বিমানখনক কিছু সময় অপেক্ষা কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল।

পৰৱৰ্তী সময়ত বিমানখন পুনৰ অৱতৰণৰ প্ৰচেষ্টা আৰম্ভ কৰে। সেই সময়তে ৰাডাৰ নিৰ্দেশনা অনুসৰণ কৰি গতি-পথ সলনি কৰাৰ সময়ত সামান্যভাৱে পাকিস্তানৰ আকাশসীমাত প্ৰৱেশ কৰে বিমানখন।

ঘটনাটোৰ সময়ত পাকিস্তানৰ বায়ু পৰিবহণ নিয়ন্ত্ৰণ কৰ্তৃপক্ষৰ সৈতে সমন্বয় সাধন কৰা হৈছিল বুলি জানিবলৈ দিছে সঞ্চালকালয়ে। পাছত বিমানখন পুনৰ দিল্লীলৈ উভতি যায় আৰু সুৰক্ষিতভাৱে অৱতৰণ কৰে।

ইফালে, ঘটনাটোৰ বিষয়ে কৰ্তৃপক্ষক অৱগত কৰাৰ লগতে নিজাববীয়াকৈ তদন্ত আৰম্ভ কৰিছে এয়াৰ ইণ্ডিয়াই। আনহাতে, এই ঘটনা সময়মতে অৱগত নকৰাৰ অভিযোগত সংশ্লিষ্ট বিমান ক্ৰু আৰু এজন বায়ু পৰিবহণ নিয়ন্ত্ৰকৰ বিৰুদ্ধে অন্তৱৰ্তী ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

এই ঘটনাত কোনো যাত্ৰী বা ক্ৰু সদস্য আহত হোৱা নাই বুলি জানিবলৈ দিছে বিমান সংস্থা আৰু নিয়ন্ত্ৰক কৰ্তৃপক্ষই। তদন্তৰ অন্তত বিমানখন কেনেদৰে আকাশসীমা অতিক্ৰম কৰিলে, সেই বিষয়ে অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *