ৰাজপথত বৃদ্ধি পোৱা গৰাকীবিহীন কুকুৰ আৰু আন জীৱ-জন্তুৰ উপদ্ৰৱক লৈ বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। উচ্চতম ন্যায়ালয়ৰ পূৰ্বৰ এক গুৰুত্বপূৰ্ণ নিৰ্দেশনাক ভিত্তি কৰি বিষয়টোৰ ওপৰত শেহতীয়াকৈ নিজাববীয়া গোচৰ ৰজু কৰিছে ন্যায়ালয়ে।
এই সন্দৰ্ভত অসম, নগালেণ্ড, মিজোৰাম আৰু অৰুণাচল প্ৰদেশ চৰকাৰৰ লগতে বিভিন্ন সংশ্লিষ্ট বিভাগলৈ জাননী জাৰি কৰা হৈছে। অহা শুনানিত নিজৰ স্থিতি স্পষ্ট কৰি বিস্তাৰিত শপতনামা দাখিল কৰিবলৈ আটাইকেইখন ৰাজ্য চৰকাৰক নিৰ্দেশ দিয়ে ন্যায়ালয়ে।
উল্লেখ্য যে, মহানগৰীৰ বিভিন্ন পথত আশ্ৰয়হীন কুকুৰৰ আক্ৰমণৰ বাবে শিশু আৰু বৃদ্ধসকল দীৰ্ঘদিন ধৰি সমস্যাৰ সন্মুখীন হৈ আহিছে। আনহাতে, ৰাষ্ট্ৰীয় ঘাইপথ আৰু এক্সপ্ৰেছ ঘাইপথত গৰু-ম’হৰ অবাধ বিচৰণে বহু সময়ত গুৰুতৰ পথ দুৰ্ঘটনাৰ সৃষ্টি কৰিছে।
এনেধৰণৰ ঘটনাই ৰাজহুৱা সুৰক্ষাৰ প্ৰতি ভাবুকি কঢ়িয়াই অনাৰ কথা উচ্চতম ন্যায়ালয়েও পূৰ্বৰ নিৰ্দেশনাত উল্লেখ কৰিছিল। সেই পৰিপ্ৰেক্ষিতত নাগৰিকৰ সুৰক্ষা নিশ্চিত কৰিবলৈ সংশ্লিষ্ট ৰাজ্যসমূহে কি ব্যৱস্থা গ্ৰহণ কৰে, সেয়া এতিয়া গুৰুত্বসহকাৰে পৰ্যবেক্ষণ কৰা হ’ব।
