ডিগ্ৰীতকৈ অধিক গুৰুত্বপূৰ্ণ সঠিক দিশা: জেআইএছ গ্ৰুপৰ ডেপুটি ডাইৰেক্টৰ বিদ্যুৎ মজুমদাৰ

জীৱনত স্বচ্ছলতা আৰু সন্মান অৰ্জন কৰিবলৈ প্রয়োজন সঠিক শিক্ষা, গৱেষণাৰ মানসিকতা আৰু কৰ্মজীৱনৰ বাবে উপযুক্ত প্রস্তুতি। আৰু সেই লক্ষ্য পূৰণৰ বাবে প্ৰয়োজন কঠোৰ পৰিশ্ৰম, অধ্যৱসায় আৰু তীব্র প্রতিযোগিতাৰ মাজত নিজকে গঢ়ি তোলাৰ মানসিকতা। শেহতীয়াকৈ এক বিশেষ আলোচনাত এনে গুৰুত্বপূৰ্ণ বার্তা আগবঢ়ায় জেআইএছ গ্ৰুপৰ ডেপুটি ডাইৰেক্টৰ বিদ্যুৎ মজুমদাৰে।

তেওঁ কয়, দশম আৰু দ্বাদশ শ্ৰেণীৰ বিভিন্ন ব’ৰ্ড পৰীক্ষাৰ ফলাফল প্রকাশ পোৱাৰ পিছত দেশৰ লাখ লাখ শিক্ষার্থী জীৱনৰ এক গুৰুত্বপূর্ণ সন্ধিক্ষণত উপনীত হৈছে। কোনোবাই উচ্চশিক্ষাৰ জগতত প্রৱেশ কৰিবলৈ ওলাইছে, আনহাতে কোনোবাই ভৱিষ্যতৰ কৰ্মজীৱনৰ লক্ষ্য নির্ধাৰণত ব্যস্ত। প্রায় সকলো শিক্ষার্থীৰেই লক্ষ্য অধিক জ্ঞান আহৰণ, দক্ষতা বৃদ্ধি আৰু পৰৱৰ্তী সময়ত এক সন্মানজনক আৰু স্বচ্ছল জীৱন গঢ়ি তোলা। সেই কাৰণেই উচ্চশিক্ষা, গৱেষণা আৰু বিভিন্ন পেছাগত ক্ষেত্রত প্রতিষ্ঠা লাভৰ বাবে আজিৰ দিনত সঠিক পৰিকল্পনা আৰু প্ৰস্তুতি অত্যন্ত জৰুৰী।

বিদ্যুৎ মজুমদাৰে উল্লেখ কৰে যে এইবাৰৰ শিক্ষাবর্ষ বিশেষ তাৎপর্যপূর্ণ, কিয়নো ৰাষ্ট্ৰীয় শিক্ষা নীতি (NEP) ২০২০-ৰ গাঁথনিৰ আধাৰত শিক্ষার্থীসকলে প্রথমবাৰৰ বাবে নতুন শিক্ষাব্যৱস্থাৰ অভিজ্ঞতা লাভ কৰিছে। ৫+৩+৩+৪ গাঁথনি অনুসৰি গঢ় লৈ উঠা এই শিক্ষানীতিত প্রযুক্তিনির্ভৰ্ভৰ শিক্ষা, ডিজিটেল শিক্ষণ পদ্ধতি, দক্ষতাভিত্তিক পাঠ্যক্ৰম আৰু শিক্ষার্থীকেন্দ্ৰিক পাঠদানৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। কোভিড-উত্তৰ সময়ত অনলাইন আৰু ডিজিটেল শিক্ষাৰ সৈতে শিক্ষার্থীসকলৰ পৰিচয় বৃদ্ধি পোৱাৰ ফলত এই শিক্ষাব্যৱস্থাই তেওঁলোকক অধিক বাস্তৱমুখী আৰু কৰ্মমুখী কৰি তুলিব বুলি তেওঁ মত প্রকাশ কৰে।

তেওঁ কয়, নতুন শিক্ষানীতিৰ অন্যতম বৈশিষ্ট্য হৈছে ব্যক্তিকেন্দ্রিক শিক্ষাৰ ধাৰণা। প্রতিজন শিক্ষার্থীৰ নিজস্ব আগ্রহ, দক্ষতা, শিকাৰ গতি আৰু সামর্থ্যক গুৰুত্ব দি পাঠ্যক্ৰম পৰিচালনাৰ ওপৰত জোৰ দিয়া হৈছে। ফলস্বৰূপে ‘সকলোৰ বাবে একে পদ্ধতি’ শিক্ষাৰ পৰিৱৰ্তে শিক্ষার্থীসকলে নিজৰ শক্তিশালী দিশসমূহ অধিক ফলপ্রসূভারে বিকশিত কৰাৰ সুযোগ লাভ কৰিব।

ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ আন এক গুৰুত্বপূৰ্ণ দিশ হৈছে শিক্ষাব্যৱস্থাত নমনীয়তা। বিদ্যুৎ মজুমদাৰৰ মতে, দীর্ঘদিন ধৰি প্ৰচলিত কঠোৰ প্রাতিষ্ঠানিক গাঁথনিৰ পৰিৱৰ্তে এই নীতিয়ে বিভিন্ন বিষয়ৰ মাজত থকা কৃত্রিম বিভাজন দূৰ কৰাৰ পদক্ষেপ গ্রহণ কৰিছে। ইয়াৰ ফলত বিজ্ঞান, কলা, বাণিজ্য অথবা অন্যান্য শাখাৰ মাজৰ সীমাৰেখা যথেষ্ট নমনীয় হৈছে আৰু শিক্ষার্থীসকলে নিজৰ আগ্রহ অনুসৰি বহুশাস্ত্রীয় শিক্ষা গ্রহণৰ সুযোগ লাভ কৰিছে।

তেওঁ মাল্টিপল এন্ট্রী এন্ড এক্সিট ব্যৱস্থাৰ বিষয়টোও উল্লেখ কৰে। তেওঁৰ মতে, এই ব্যৱস্থাৰ ফলত কোনো শিক্ষার্থীয়ে ব্যক্তিগত বা পাৰিবাৰিক কাৰণত পঢ়া-শুনাত সাময়িক বিৰতি ল’লেও তেওঁৰ শিক্ষাজীবন সম্পূর্ণরূপে ক্ষতিগ্রস্ত নহ’ব। এক বছৰ সম্পূৰ্ণ কৰিলে চার্টিফিকেট, দুবছৰৰ পিছত ডিপ্লোমা আৰু তিনিবছৰ বা চাৰিবছৰৰ শেষত স্নাতক অথবা সন্মানসহ স্নাতক ডিগ্রী লাভৰ সুযোগ শিক্ষার্থীসকলৰ সন্মুখত নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিছে।

ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০-ৰ অন্তর্ভুক্তিমূলক দৃষ্টিভংগীৰ প্ৰশংসা কৰি তেওঁ কয়, মহিলা, সংখ্যালঘু,

বিশেষভাৱে সক্ষম আৰু আর্থ-সামাজিকভাৱে পিছপৰা শিক্ষার্থীসকলৰ বাবে বিশেষ সহায়তা ব্যৱস্থাই শিক্ষাক্ষেত্রত সমতা প্রতিষ্ঠাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। উচ্চশিক্ষাক সকলোৰে বাবে অধিক সুলভ কৰি তুলি এক দক্ষ আৰু মানৱ সম্পদসমৃদ্ধ জাতি গঢ়ি তোলাৰ ক্ষেত্ৰত এই নীতি ফলপ্রসু হ’ব পাৰে।

আলোচনাত শিক্ষার্থী আৰু অভিভাৱকসকলৰ উদ্দেশ্যে বিদ্যুৎ মজুমদাৰে বিশেষ বার্তা আগবঢ়ায়। তেওঁৰ মতে, বহু ক্ষেত্ৰত অভিভাৱক আৰু শিক্ষার্থীসকলে নিজৰ প্ৰকৃত আগ্ৰহ আৰু সামর্থ্যৰ তুলনাত সামাজিক প্ৰচাৰ, পাৰিপাৰ্শ্বিক চাপ অথবা আনৰ পথ অনুসৰণ কৰাৰ প্ৰৱণতাত অধিক প্রভারিত হয়। ফলস্বৰূপে বিষয় নির্বাচন অথবা মহাবিদ্যালয় বাছনিৰ ক্ষেত্ৰত ভুল সিদ্ধান্ত গ্রহণৰ সম্ভাৱনা সৃষ্টি হয়। তেওঁ মনে কৰে যে শিক্ষার্থীসকলৰ মনৰ ইচ্ছা, সপোন আৰু দীর্ঘদিন ধৰি লালন কৰা আগ্রহক সর্বাধিক গুৰুত্ব দিয়া উচিত আৰু কোনো সিদ্ধান্তই জোৰকৈ চাপি দিয়া উচিত নহয়।

তেওঁ স্পষ্টভারে কয়, সকলোয়ে ইঞ্জিনিয়াৰিং অথবা চিকিৎসা বিজ্ঞান অধ্যয়ন কৰিছে বুলিয়েই সেই পথেই সফলতাৰ একমাত্র পথ নহয়। আকৌ আনসকলে সেই বিষয় পঢ়িছে বুলিয়েই নিজেও সেই পথ অনুসৰণ কৰিব লাগিব- এই ধাৰণাও সমানভাৱে ভুল। বর্তমান সময়ত বায় ‘টেকন ‘লজি, মাইক্র’বায় ‘লজি, জেনেটিক্স, আর্টিফিচিয়েল ইন্টেলিজেন্স, মেচিন লার্নিং, ৰ’বটিক্স, ইলেক্ট্রনিক্স, টেলিকমিউনিকেশ্যন, মেকাট্রনিক্স আৰু ডাটা ছায়েন্সৰ দৰে বহু ক্ষেত্ৰ দ্রুতগতিত বিকশিত হৈছে আৰু সেই ক্ষেত্ৰসমূহত দক্ষ মানৱ সম্পদৰ চাহিদাও বৃদ্ধি পাইছে।

একেদৰে আইন শিক্ষাৰ ক্ষেত্ৰতো বহুমুখী সম্ভাৱনাৰ কথা উল্লেখ কৰি তেওঁ কয়, বর্তমান কেৱল প্রচলিত আইনচর্চাই নহয়, কৰ্প’ৰেট আইন, চাইবাৰ আইন, ফৌজদাৰী আইন, স্টার্ট-আপ আইন আদি বিভিন্ন বিশেষায়িত ক্ষেত্ৰত কৰ্মসংস্থাপনৰ সুযোগ দ্রুতগতিত বৃদ্ধি পাইছে। যিকোনো শাখাৰ শিক্ষার্থীয়ে এই ক্ষেত্ৰসমূহত নিজৰ ভৱিষ্যৎ গঢ়ি তুলিব পাৰে।

কলা আৰু মানৱিক শাখাৰ শিক্ষাৰ্থীসকলৰ বাবেও বিস্তৃত সম্ভাৱনা আছে। কৰ্প’ৰেট চাইক’লজি, ক্লিনিকেল চাইক’লজি, কন্টেন্ট ডেভেলপমেন্ট, ডিজিটেল কমিউনিকেশ্যন, ষ্ট’ৰিটেলিং আৰু সৃজনশীল মিডিয়াৰ দৰে ক্ষেত্রত বর্তমান নতুন নতুন কর্মক্ষেত্র সৃষ্টি হৈছে। তথ্য প্রযুক্তি আৰু ইণ্টাৰনেটৰ ব্যাপক প্ৰসাৰৰ ফলত দক্ষ কন্টেন্ট নির্মাতাৰ চাহিদাও উল্লেখযোগ্যভাবে বৃদ্ধি পাইছে।

মহাবিদ্যালয় নির্বাচন সন্দৰ্ভত বিদ্যুৎ মজুমদাৰে কয়, কেৱল প্রতিষ্ঠানৰ নাম চাই নহয়, বৰঞ্চ ইয়াৰ পৰিকাঠামো, গৱেষণাৰ পৰিৱেশ, লেবৰেটৰি, বৰ্কশ্বপ, লাইব্ৰেৰী, NSS, বিভিন্ন ক্লাব কার্যকলাপ, ভাষা শিক্ষাৰ সুবিধা, প্লেচমেন্ট সহায়তা আৰু সামগ্রিক শিক্ষাৰ পৰিৱেশ বিবেচনা কৰি সিদ্ধান্ত লোৱা উচিত। লগতে NAAC স্বীকৃতি আৰু NIRF ৰেংকিঙৰ দৰে বিষয়সমূহো গুৰুত্ব সহকাৰে বিবেচনা কৰা প্ৰয়োজন।

তেওঁ কয়, মহাবিদ্যালয় জীৱনৰ তিনি বা চাৰি বছৰ এজন শিক্ষার্থীৰ ভৱিষ্যৎ জীৱনৰ ভেটি নিৰ্মাণৰ সময়। সেয়ে আৱেগ নহয়, সচেতনতা, আত্মবিশ্বাস আৰু বাস্তৱসন্মত পৰিকল্পনাৰ ভিত্তিত সিদ্ধান্ত গ্রহণ কৰাটোৱেই শিক্ষার্থীসকলক সফলতাৰ পথত আগবঢ়াই নিব পাৰে।

আলোচনাৰ শেষত বিদ্যুৎ মজুমদাৰে কয়, “ডিগ্রী নিশ্চয় গুৰুত্বপূর্ণ, কিন্তু ডিগ্রীতকৈও অধিক গুৰুত্বপূৰ্ণ হৈছে সঠিক দিশা। সঠিক বিষয় নির্বাচন, দক্ষতা আহৰণ, প্ৰযুক্তিৰ সৈতে নিজকে খাপ খুৱাই চলা আৰু নিজৰ সপোন অনুসৰণ কৰাৰ সাহসেই ভৱিষ্যতৰ সফলতাৰ প্ৰকৃত চাবিকাঠি।”

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *