স্বৰ্ণ ব্যৱসায়ীৰ আৰ্থিক সংকটৰ অভিযোগ; চৰকাৰৰ হস্তক্ষেপ দাবী নিখিল অসম স্বৰ্ণশিল্পী সমিতিৰ

সোণৰ বজাৰত দেখা দিয়া মন্দাৱস্থাক কেন্দ্ৰ কৰি উদ্বেগ বৃদ্ধি পাইছে ৰাজ্যৰ স্বৰ্ণ ব্যৱসায়ী আৰু স্বৰ্ণশিল্পীসকলৰ মাজত। এনে সময়তে ব্যৱসায়ৰ ক্ষেত্ৰত সৃষ্টি হোৱা বিভিন্ন সমস্যাৰ কথা উত্থাপন কৰি চৰকাৰৰ তাৎক্ষণিক হস্তক্ষেপৰ দাবী জনায় নিখিল অসম স্বৰ্ণশিল্পী সমিতিয়ে।

গুৱাহাটী প্ৰেছ ক্লাবত শনিবাৰে অনুষ্ঠিত এক সংবাদমেলত সমিতিৰ নেতৃত্বই অভিযোগ কৰে যে বৰ্তমান ৰাজ্যৰ বহু ক্ষুদ্ৰ স্বৰ্ণ ব্যৱসায়ী আৰু স্বৰ্ণশিল্পীয়ে আৰ্থিক সংকটৰ সন্মুখীন হৈছে। এই সমস্যা সমাধানৰ বাবে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই উপযুক্ত পদক্ষেপ গ্ৰহণ কৰা উচিত বুলিও দাবী জনায় সংগঠনটোৱে। দাবীসমূহক গুৰুত্ব নিদিলে আগন্তুক দিনত আন্দোলনৰ পথ গ্ৰহণ কৰাৰো সকীয়নি দিয়ে সমিতিৰ নেতৃত্বই।

সংবাদমেলত সমিতিৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক তথা কামৰূপ জিলাৰ সম্পাদক নয়ন কুমাৰ ধৰে কয়, “প্ৰধানমন্ত্ৰীৰ আহ্বানৰ পাছৰে পৰা দেশজুৰি স্বৰ্ণ ব্যৱসায়ৰ ওপৰত প্ৰভাৱ পৰিছে। অসমৰ বহু ক্ষুদ্ৰ স্বৰ্ণ ব্যৱসায়ী আৰু স্বৰ্ণশিল্পী আৰ্থিক দুৰৱস্থাৰ সন্মুখীন হৈছে। বহুজাতিক কোম্পানীৰ সৈতে প্ৰতিযোগিতাত টিকি থাকিবলৈ হ’লে সোণৰ ওপৰত জি এছ টি ২ শতাংশলৈ হ্ৰাস কৰাটো প্ৰয়োজন। অন্যথা ক্ষুদ্ৰ স্বৰ্ণশিল্পীসকলৰ অস্তিত্ব সংকটত পৰিব।”

ইফালে, সংবাদমেলত উপস্থিত থাকি সমিতিৰ মুখ্য উপদেষ্টা প্ৰশান্ত কুমাৰ ৰয়ে চুৰি হোৱা সোণৰ অলংকাৰৰ তদন্তৰ ক্ষেত্ৰত আৰক্ষীৰ ভূমিকাক লৈ প্ৰশ্ন উত্থাপন কৰে। তেওঁ কয়, “উচ্চ ন্যায়ালয়ে নিৰ্ধাৰণ কৰি দিয়া নিৰ্দেশনা থকাৰ পাছতো বহু ক্ষেত্ৰত তদন্ত সেই অনুসৰি আগবঢ়োৱা হোৱা নাই। ৰাজ্যৰ বিভিন্ন মন্দিৰ, গ’ল্ড ল’ন কোম্পানী আৰু বেংকত সংৰক্ষিত হৈ থকা সোণৰ সদ্ব্যৱহাৰ নিশ্চিত কৰিব পাৰিলে দেশৰ অৰ্থনীতি উপকৃত হ’ব আৰু বাহিৰৰ পৰা সোণ আমদানিৰ ওপৰত নিৰ্ভৰশীলতাও হ্ৰাস পাব।”

লগতে স্বৰ্ণশিল্পীসকলৰ বাবে সহজ চর্তত ঋণ প্ৰদান, স্বাস্থ্য বীমাৰ সুবিধা আৰু চৰকাৰী কল্যাণমূলক আঁচনিসমূহত অন্তৰ্ভুক্তিৰ দাবীও জনায় সমিতিয়ে।

সংবাদমেলত ৰঞ্জিত অধিকাৰী, ৰতন কৰ্মকাৰকে ধৰি সংগঠনটোৰ কেইবাগৰাকীও বিষয়ববীয়া উপস্থিত থাকে।

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *