অসমৰ থলুৱা ঐতিহ্য আৰু পৰম্পৰাগত শিল্পকলাই লাভ কৰিলে এক উল্লেখযোগ্য স্বীকৃতি। শেহতীয়াকৈ জি আই টেগ লাভ কৰিছে অসমৰ চাৰিবিধ পৰম্পৰাগত সামগ্ৰীয়ে, যাৰ ফলত ৰাজ্যখনৰ জনজাতীয় বয়ন শিল্প, বাঁহৰ কাৰুকাৰ্য আৰু সাংস্কৃতিক ঐতিহ্য নতুনকৈ জাতীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পৰিচিতি লাভ কৰাৰ পথ মুকলি হৈছে।
এই স্বীকৃতি লাভ কৰা সামগ্ৰীকেইবিধ হৈছে কাৰ্বি আংলং হস্ততাঁত সামগ্ৰী, দেউৰী হস্ততাঁত সামগ্ৰী, অসমৰ পৰম্পৰাগত বাঁহ শিল্প আৰু বিহুৰ পেঁপা। ৰাজ্যখনৰ স্বকীয় পৰিচয় বহন কৰা এই সামগ্ৰীসমূহে বহু বছৰৰ পৰম্পৰা, থলুৱা জ্ঞান আৰু সাংস্কৃতিক ঐতিহ্যক প্ৰতিনিধিত্ব কৰি আহিছে।
নাৱাৰ্ডৰ সহযোগত সম্পন্ন হোৱা এই প্ৰচেষ্টাৰ জৰিয়তে অসমৰ পৰম্পৰাগত সামগ্ৰীসমূহে জি আই টেগৰ স্বীকৃতি লাভ কৰিবলৈ সক্ষম হয়। এই স্বীকৃতিৰ ফলত সামগ্ৰীসমূহৰ স্বকীয়তা আইনী সুৰক্ষা লাভ কৰাৰ লগতে দেশ-বিদেশৰ বজাৰত ইয়াৰ মূল্য আৰু চাহিদা বৃদ্ধি পোৱাৰ সম্ভাৱনা সৃষ্টি হৈছে।
বিশেষজ্ঞসকলৰ মতে, জি আই টেগে স্থানীয় শিল্পী, শিপিনী আৰু উৎপাদকসকলক অৰ্থনৈতিকভাৱে লাভান্বিত কৰাৰ লগতে গ্ৰাম্য জীৱিকা শক্তিশালী কৰাতো সহায় কৰিব। একেদৰে এই স্বীকৃতিয়ে পৰম্পৰাগত শিল্প আৰু কাৰুকাৰ্য সংৰক্ষণৰ ক্ষেত্ৰতো ইতিবাচক ভূমিকা পালন কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে।
উল্লেখযোগ্য যে, এই চাৰিবিধ সামগ্ৰীয়ে অসমৰ বৈচিত্ৰ্যপূৰ্ণ পৰম্পৰাগত জ্ঞান ব্যৱস্থাৰ এক বিস্তৃত পৰিসৰক প্ৰতিফলিত কৰে। জনজাতীয় বয়ন কৌশল, বাঁহৰ সূক্ষ্ম কাৰুকাৰ্য আৰু বিহু উৎসৱৰ সৈতে ওতপ্ৰোতভাৱে জড়িত পেঁপাৰ দৰে বাদ্যযন্ত্ৰই অসমৰ সংস্কৃতি আৰু জীৱনধাৰাৰ এক স্বকীয় পৰিচয় বহন কৰি আহিছে।
খিলঞ্জীয়া ঐতিহ্য সংৰক্ষণ, স্থানীয় উৎপাদকসকলৰ সুৰক্ষা নিশ্চিতকৰণ আৰু গ্ৰাম্য অৰ্থনীতিৰ বিকাশৰ ক্ষেত্ৰত এই স্বীকৃতিক এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচনা কৰা হৈছে।
