ৰাইজে নখ জোকাৰিলে নৈ বয়! আইআইটিত সুযোগ লাভ কৰিও থমকি ৰোৱা হৰপ্ৰীতৰ কাষত থিয় দিলে লক্ষজন

ৰাইজে নখ জোকাৰিলে নৈ বয়। এই আপ্ত বাক্যশাৰীয়েই সঁচা প্ৰমাণিত হ’ল এগৰাকী মেধাৱী ছাত্ৰীৰ বাবে। দৰিদ্ৰতাৰ সৈতে যুঁজ দি দেশৰ অন্যতম শীৰ্ষ শিক্ষানুষ্ঠান আইআইটি গুৱাহাটীত স্থান লাভ কৰা হৰপ্ৰীতৰ উচ্চশিক্ষাৰ সপোন আৰ্থিক সংকটত থমকি ৰোৱাৰ উপক্ৰম হৈছিল। কিন্তু সমাজৰ বিভিন্ন মহলৰ পৰা আগবঢ়োৱা সহায় আৰু সমৰ্থনে এতিয়া নতুন আশা জগাই তুলিছে ছাত্ৰীগৰাকীৰ জীৱনত।

পঞ্জাৱৰ ছানেহৱালৰ বাসিন্দা হৰপ্ৰীতে শেহতীয়াকৈ আইআইটি গুৱাহাটীত নামভৰ্তিৰ সুযোগ লাভ কৰে। কিন্তু নামভৰ্তিৰ বাবে প্ৰয়োজনীয় মাচুল আদায় দিয়াৰ সামৰ্থ্য নাছিল দিনমজুৰি কৰি কোনোমতে জীৱন নিৰ্বাহ কৰি অহা পৰিয়ালটোৰ। ফলত কঠোৰ পৰিশ্ৰমেৰে অৰ্জন কৰা এই সুযোগ হেৰুওৱাৰ আশংকাই দেখা দিছিল।

বিষয়টো জনসমাজৰ দৃষ্টিগোচৰ হোৱাৰ পিছতে বিভিন্ন কৰ্পৰেট প্ৰতিষ্ঠান, অসামৰিক বিষয়া, ৰাজনৈতিক নেতা আৰু সাধাৰণ নাগৰিকৰ পৰা সহায়ৰ প্ৰস্তাৱ আহিবলৈ আৰম্ভ কৰে। বহু ব্যক্তি আৰু সংগঠনে ছাত্ৰীগৰাকীৰ শিক্ষাজীৱন যাতে আৰ্থিক সমস্যাৰ বাবে ব্যাহত নহয়, তাৰ বাবে সহায়ৰ আশ্বাস দিয়ে।

হৰপ্ৰীতে জানিবলৈ দিয়া মতে, আইআইটিত স্থান লাভ কৰাটো আছিল দীৰ্ঘদিনীয়া পৰিশ্ৰম আৰু অধ্যৱসায়ৰ ফল। কিন্তু নামভৰ্তিৰ সময়ত পৰিয়ালটোৰ আৰ্থিক অৱস্থাই তেওঁলোকক গভীৰ অনিশ্চয়তাৰ মাজলৈ ঠেলি দিছিল।

তেওঁ কয়, “এই পৰ্যায়লৈ আহিবলৈ বহুত পৰিশ্ৰম কৰিছোঁ। কিন্তু নামভৰ্তিৰ মাচুল দিয়াৰ সামৰ্থ্য আমাৰ নাছিল। মোৰ অৱস্থাৰ কথা জানিব পাৰি শিক্ষকসকলে বিভিন্ন ব্যক্তি আৰু সংগঠনৰ ওচৰত সহায়ৰ আবেদন জনায়।”

হৰপ্ৰীতৰ সফলতাৰ আঁৰত আছে তেওঁৰ মাতৃ কুলদীপ কৌৰৰ দৃঢ় সংকল্প। সপ্তম শ্ৰেণীৰ পিছত পঢ়া-শুনা এৰিবলগীয়া হোৱা কুলদীপে নিজৰ ল’ৰা-ছোৱালীকেইক শিক্ষাৰ জৰিয়তে উন্নত জীৱন দিয়াৰ লক্ষ্য লৈ আগবাঢ়িছিল।

কুলদীপে কয় যে, পৰিয়ালৰ আৰ্থিক দুৰৱস্থাই তেওঁক শিক্ষা আৰু আত্মনিৰ্ভৰশীলতাৰ গুৰুত্ব বুজাইছিল। সেইবাবেই সন্তানসকলৰ শিক্ষাৰ ক্ষেত্ৰত কেতিয়াও আপোচ কৰা নাছিল।

তেওঁৰ ভাষাত, “প্ৰজন্মৰ পিছত প্ৰজন্ম দৰিদ্ৰতা চলি থকা মই দেখিছোঁ। সেই অৱস্থাৰ পৰিৱৰ্তন শিক্ষাৰ জৰিয়তেহে সম্ভৱ বুলি বিশ্বাস কৰোঁ।”

হৰপ্ৰীতৰ পিতৃ ৰাম স্বৰূপেও কন্যাৰ সফলতাত গৌৰৱ প্ৰকাশ কৰিছে। তেওঁ কয় যে পুত্ৰ আৰু কন্যাৰ মাজত কেতিয়াও পাৰ্থক্য কৰা নাছিল পৰিয়ালটোৱে। তেওঁৰ মতে, “সুযোগ আৰু উৎসাহ পালে ছোৱালীয়েও যিকোনো ক্ষেত্ৰত সফলতা অৰ্জন কৰিব পাৰে।”

এগৰাকী দিনমজুৰিৰ কন্যাৰ আইআইটিলৈ যাত্ৰা আৰু সেই যাত্ৰাত সমাজৰ সহায়ৰ হাত আগবঢ়োৱা ঘটনাই পুনৰ এবাৰ প্ৰমাণ কৰিলে যে মেধা আৰু অধ্যৱসায়ৰ সৈতে সমাজৰ সদিচ্ছা যুক্ত হ’লে আৰ্থিক বাধাও অতিক্ৰম কৰিব পাৰি।

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *