মহানগৰীত শিশু অপহৰণৰ চেষ্টাৰ অভিযোগক লৈ উত্তপ্ত পৰিস্থিতি; এজনক আটক

মহানগৰীততীব্ৰ আতংকৰ সৃষ্টি কৰিছে শিশু অপহৰণকাৰীয়ে। উলুবাৰী অঞ্চলত মঙলবাৰে দিনদুপৰতে সংঘটিত এক ঘটনাই এতিয়া সমগ্ৰ চহৰখনতে এক তীব্র চাঞ্চল্যৰ সৃষ্টি কৰিছে। শিশু অপহৰণৰ অভিযোগত বি বৰুৱা মহাবিদ্যালয়ৰ সমীপত একাংশ স্থানীয় ৰাইজে এজন ব্যক্তিক আটক কৰি পিছত আৰক্ষীক গতাই দিয়ে। ধৃত লোকজনৰ নাম প্ৰদীপ দাস বুলি জানিব পৰা গৈছে। বৰপেটা জিলাৰ বাসিন্দা এই ব্যক্তিজনে চহৰখনৰ ডি এ ভি স্কুলৰ চতুৰ্থ শ্ৰেণীৰ এজন ছাত্ৰক অপহৰণৰ চেষ্টা চলোৱা বুলি স্থানীয় লোকে গুৰুতৰ সন্দেহ প্ৰকাশ কৰে।

অভিযোগ অনুসৰি, বিদ্যালয়ৰ পৰা ওলাই অহা শিশুটিৰ ওচৰ চাপি প্ৰথমে চকলেটৰ প্ৰলোভনেৰে তাক ফুচলাবলৈ চেষ্টা কৰিছিল প্ৰদীপ দাসে। তাৰ পিছত ব্যক্তিজনে ছাত্ৰজনক বলপূৰ্বক লৈ যাবলৈ বিচাৰোঁতেই শিশুটি কোনোমতে হাতৰ পৰা ফালৰি কাটি পলাই যাবলৈ সক্ষম হয়। সেই সময়তে অভিযুক্তই শিশুটিৰ পিছ লৈ খেদি যোৱা প্ৰত্যক্ষ কৰিয়েই সমীপতে থকা একাংশ লোকে তাৎক্ষণিকভাৱে হস্তক্ষেপ কৰে।

ৰাইজে লগে লগে ছাত্ৰজনক উদ্ধাৰ কৰাৰ লগতে অভিযুক্তক আটক কৰি গতাই দিয়ে পল্টন বজাৰ আৰক্ষীক। অপহৰণ কৰিব বিচৰা শিশুটি সোলাপাৰা অঞ্চলৰ বাসিন্দা অশোক বাচফৰ আৰু হেমন্তী বাচফৰ পুত্ৰ বুলি জানিব পৰা গৈছে।

ইফালে, ধৃত ব্যক্তিজনে এগৰাকী ভিক্ষাৰীৰ ছদ্মবেশ ধৰি শিশুটিৰ ওচৰলৈ অহা বুলি একাংশই দাবী কৰিছে যদিও সমগ্ৰ বিষয়টোক লৈ এক বিপৰীত তথ্যহে দাঙি ধৰিছে আৰক্ষীয়ে। পল্টন বজাৰ আৰক্ষী থানাৰ এগৰাকী জ্যেষ্ঠ বিষয়াই জানিবলৈ দিয়া মতে, প্ৰাথমিক অনুসন্ধানত অপহৰণৰ চেষ্টা চলোৱাৰ কোনো নিশ্চিত প্ৰমাণ এতিয়ালৈকে পোৱা যোৱা নাই।

ব্যক্তিজন প্ৰকৃততে এজন সাধাৰণ ভিক্ষাৰী আৰু শিশুটিক চকলেট যাঁচি ফুচলাবলৈ বিচৰা খবৰৰো কোনো সত্যতা আৰক্ষীৰ হাতত ধৰা পৰা নাই।

অঞ্চলটোত এক বৃহৎ লোকে ভিৰ কৰাৰ খবৰ পাইহে আৰক্ষীৰ দলটোৱে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। অৱশ্যে ঘটনাৰ সন্দৰ্ভত কোনো আনুষ্ঠানিক এজাহাৰ দাখিল হোৱা নাই যদিও আৰক্ষীয়ে বৰ্তমান সমগ্ৰ বিষয়টোৰ ওপৰত অধিক তদন্ত অব্যাহত ৰাখিছে।

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *