জিলাখনত সক্ৰিয় হৈ থকা বাহন চোৰৰ এক বিশাল নেটৱৰ্কৰ বিৰুদ্ধে চলোৱা অভিযানত এক বৃহৎ সাফল্য অৰ্জন কৰিবলৈ সক্ষম হ’ল ধুবুৰী সদৰ আৰক্ষী। এক গোপন সূত্ৰৰ ভিত্তিত চলোৱা ধাৰাবাহিক অভিযানৰ অন্তত আৰক্ষীৰ দলটোৱে অৱশেষত উৎখাত কৰিবলৈ সক্ষম হয় এটা বাইক চুৰি চক্ৰ।
ধুবুৰী সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰীতম দাসৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দলে এই অভিযান চলাই ঘটনাৰ সৈতে জড়িত দুজন অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ লগতে চোৰাং বাইক আৰু বহু মূল্যৱান সামগ্ৰী উদ্ধাৰ কৰে। জানিব পৰা মতে, চহৰখনৰ পাঁচম’ৰা নামৰ ঠাই টুকুৰাৰ পৰা এখন মটৰচাইকেল চুৰি হোৱা বুলি লাভ কৰা এজাহাৰৰ ওপৰত ভিত্তি কৰিয়েই আৰক্ষীয়ে ক্ষিপ্ৰতাৰে তদন্ত আৰম্ভ কৰিছিল।
আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা খবৰ অনুসৰি, সোমবাৰে নিশা পাঁচম’ৰা অঞ্চলৰ পৰা এএছ-১৭-ডি-২৮৯২ পঞ্জীয়ন নম্বৰৰ মটৰচাইকেলখন চুৰি হৈছিল। ঘটনাৰ পাছতে আৰক্ষীৰ অনুসন্ধানকাৰী দলে তদন্ত চলাই ঝগৰাৰপাৰ তৃতীয় খণ্ডৰ বাসিন্দা সাজিদ ৰৌচনৰ বাসগৃহত উপস্থিত হয়। তাত চলোৱা এক তালাচীত আৰক্ষীয়ে চুৰি হোৱা মটৰচাইকেলখন উদ্ধাৰ কৰাৰ লগতে অভিযুক্ত সাজদিক আটক কৰে। আৰক্ষীৰ জেৰাৰ সন্মুখীন হৈ সাজিদে নিজৰ অপৰাধ স্বীকাৰ কৰে আৰু এই সমগ্ৰ কাণ্ডৰ সৈতে জড়িত থকা আইৰণজংব্লা তৃতীয় খণ্ডৰ ৰফিকুল ইছলাম নামৰ আন এজন অভিযুক্তৰ নাম প্ৰকাশ কৰে।
এই স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে পৰৱৰ্তী সময়ত ৰফিকুল ইছলামৰ বাসগৃহতো এক অতৰ্কিত অভিযান চলায়। উক্ত অভিযানকালত চোৰটোৰ ঘৰৰ পৰা বৃহৎ পৰিমাণৰ চুৰি সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয় তদন্তকাৰী দলটো। জব্দ কৰা সামগ্ৰীসমূহৰ ভিতৰত আছে চুৰি হোৱা বাইকখনৰ লগতে চেছিছ নম্বৰ বিকৃত কৰা আন এখন মটৰচাইকেল, তিনিখন চাইকেল, কেইবাটাও পানীৰ পাম্প, কাঁহ-পিতলৰ বাচন, নগদ ১৪,৩০০ টকা আৰু বিভিন্ন ঘৰুৱা সামগ্ৰী।
আৰক্ষীৰ মতে, ধৃত ৰফিকুল ইছলাম চহৰখনৰ কেইবাটাও চুৰি কাণ্ডৰ সৈতে জড়িত এজন পেচাদাৰী অপৰাধী। বৰ্তমান দুয়োকে আৰক্ষীয়ে জিম্মাত লৈ আইনগত প্ৰক্ৰিয়াৰে তদন্ত অব্যাহত ৰাখিছে। এই চক্ৰটো কোনো আন্তঃজিলা বাহন চুৰি নেটৱৰ্কৰ সৈতে জড়িত আছে নেকি, সেই দিশটো এতিয়া পৰীক্ষা কৰি থকা হৈছে।
