ছনী ইণ্ডিয়াই ভাৰতত মুকলি কৰিলে নিজৰ নতুন ব্ৰাভিয়া ৭II টেলিভিছন ছিৰিজ। উন্নত ৰঙৰ সঠিকতা, গভীৰ কনট্ৰাষ্ট আৰু ঘৰুৱা মনোৰঞ্জনৰ অধিক বাস্তৱসন্মত অভিজ্ঞতা প্ৰদান কৰাৰ উদ্দেশ্যে ছনীয়ে প্ৰথমবাৰৰ বাবে ট্ৰু আৰজিবি এলইডি প্ৰযুক্তি ব্যৱহাৰ কৰিছে। কোম্পানীটোৱে প্ৰকাশ কৰা অনুসৰি, নিৰ্বাচিত ব্ৰাভিয়া ৭II মডেলসমূহৰ প্ৰি-বুকিং ২৮ মে’ৰ পৰা আৰম্ভ হৈছে।এই নতুন ব্ৰাভিয়া ৭II ছিৰিজত ছনীৰ আৰজিবি বেকলাইট মাষ্টাৰ ড্ৰাইভ প্ৰ’ প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে, যিয়ে ৰঙৰ সঠিকতা, উজ্জ্বলতা আৰু ক’লা ৰঙৰ গভীৰতা উন্নত কৰিবলৈ ৰঙা, সেউজীয়া আৰু নীলা এলইডিক স্বতন্ত্ৰভাৱে নিয়ন্ত্ৰণ কৰে। ইয়াৰ সৈতে সংযোজিত কগ্নিটিভ প্ৰচেছৰ এক্সআৰ-এ টিভিটোৰ দৃশ্য আৰু শব্দসমূহক মানুহৰ অনুভৱৰ সৈতে সংগতি ৰাখি প্ৰদৰ্শন কৰিব পৰাকৈ প্ৰস্তুত কৰা হৈছে। এই সামগ্ৰীসূচীত ৫৫ ইঞ্চি, ৬৫ ইঞ্চি, ৭৫ ইঞ্চি, ৮৫ ইঞ্চি আৰু ৯৮ ইঞ্চিৰ আৰ্হি অন্তৰ্ভুক্ত আছে, যাৰ ডাঙৰ ভেৰিয়েণ্টসমূহ চলিত বৰ্ষৰ শেষৰ ফালে মুকলি কৰা হ’ব।
এই টেলিভিছনখনত আৰজিবি ট্ৰিলুমিনছ মেক্স, স্মুথ কালাৰ গ্ৰেডেচন, এক্সআৰ কনট্ৰাষ্ট বুষ্টাৰ, এক্সআৰ মচন ক্লিয়াৰিটী আৰু এক্সআৰ ক্লিয়াৰ ইমেজ প্ৰযুক্তি আছে। ইয়াৰ লগতে ই ডলবী ভিজন, ডলবী এটমছ, এইছডিআৰ১০, এইছএলজি আৰু আইমেক্স এনহেন্সড কণ্টেণ্ট সমৰ্থন কৰে। গেমিং প্ৰেমীসকলৰ বাবে ব্ৰাভিয়া ৭II-ত ৪কে ১২০ হাৰ্টজ সমৰ্থন, এইছডিএমআই ২.১, ভেৰিয়েবল ৰিফ্ৰেছ ৰেট (ভিআৰআৰ), অটো ল’ লেটেন্সী ম’ড (এএলএলএম) আৰু প্লে-ষ্টেচন ৫-ৰ বাবে বিশেষ অপ্টিমাইজেচনৰ সুবিধা দিয়া হৈছে।
গুৱাহাটী মহানগৰীত, প্ৰিমিয়াম টেলিভিছন খণ্ডত ছনীৰ স্থিতি এই শুভাৰম্ভণিয়ে অধিক শক্তিশালী কৰিব বুলি আশা কৰা হৈছে, কাৰণ চহৰীয়া গ্ৰাহকৰ মাজত ডাঙৰ স্ক্ৰীনৰ স্মাৰ্ট টিভিৰ চাহিদা ক্ৰমাৎ বৃদ্ধি পাইছে। ষ্ট্ৰীমিং প্লেটফৰ্ম, গেমিং কনচ’ল আৰু হাই-এণ্ড হোম থিয়েটাৰ ছেটআপৰ বৰ্ধিত জনপ্ৰিয়তাৰ বাবে চহৰখনৰ ইলেক্ট্ৰনিক্স খুচুৰা বিক্ৰেতাসকলে প্ৰিমিয়াম হোম এণ্টাৰটেইনমেণ্ট সামগ্ৰীৰ প্ৰতি গ্ৰাহকৰ ক্ৰমবৰ্ধমান আগ্ৰহ প্ৰত্যক্ষ কৰিছে। উদ্যোগ পৰ্যবেক্ষকসকলৰ মতে, ঘৰতে চিনেমাৰ দৰে অভিজ্ঞতা বিচৰা আঢ্যৱন্ত ক্ৰেতাসকলক ছনীৰ এই উন্নত ডিছপ্লে প্ৰযুক্তি আৰু এআই চালিত বৈশিষ্ট্যসমূহে আকৰ্ষণ কৰিব পাৰে। ব্ৰাভিয়া ৭II ছিৰিজটো ছনীৰ ৰিটেইল ষ্ট’ৰ, শ্বপেট এছচি প্লেটফৰ্ম, প্ৰধান ইলেক্ট্ৰনিক্স আউটলেট আৰু ভাৰতৰ আগশাৰীৰ ই-কমাৰ্চ প্লেটফৰ্মসমূহৰ জৰিয়তে উপলব্ধ হ’ব। ইয়াৰ ৫৫ ইঞ্চিৰ মডেলটোৰ শ্ৰেষ্ঠ অফাৰ মূল্য ২,২১,৯৯০ টকা, আনহাতে ৬৫ ইঞ্চিৰ মডেলটোৰ মূল্য ২,৭৪,৯৯০ টকা নিৰ্ধাৰণ কৰা হৈছে। ডাঙৰ স্ক্ৰীনৰ মডেলসমূহ ২০২৬ চনৰ জুন আৰু জুলাই মাহৰ শেষৰ ফালে মুকলি কৰাৰ সম্ভাৱনা আছে।
