নলবাৰীৰ গংগাপুৰত সংঘটিত হোৱা মাধুৰ্য বৰ্মনৰ হত্যাকাণ্ড আৰু মৃদুমুদ্ৰা ডেকা নামৰ যুৱতীগৰাকীৰ ওপৰত চলোৱা আক্ৰমণৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। এই দুৰ্ভাগ্যজনক কাণ্ডক তীব্ৰ গৰিহণা জনোৱাৰ লগতে নাৰী সুৰক্ষাৰ স্বাৰ্থত সমাজক অধিক সজাগ হ’বলৈ আহ্বান জনায় তেওঁ। এক বিবৃতিযোগে সভাপতি গগৈয়ে এই শোকাৱহ ঘটনাক লৈ গভীৰ মৰ্মাহত হোৱাৰ কথা প্ৰকাশ কৰে। ঘটনাটোত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ চিকিৎসাধীন হৈ থকা যুৱতীগৰাকীৰ আশু আৰোগ্য আৰু স্বাভাৱিক জীৱনলৈ প্ৰত্যাৱৰ্তনৰ বাবেও তেওঁ প্ৰাৰ্থনা জনায়।
আক্ৰমণৰ ঘটনাত প্ৰাণ হেৰুওৱা মাধুৰ্য বৰ্মনৰ মৃত্যুত গভীৰ শোকপ্ৰকাশ কৰি গৌৰৱ গগৈয়ে বিদেহী আত্মাৰ সদগতি কামনা কৰে। শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰি ভৱিষ্যতে যাতে এনে ঘটনাৰ পুনৰাবৃত্তি নহয়, সেই সন্দৰ্ভত সমাজৰ দায়িত্বৰ কথা সোঁৱৰাই দিয়ে সভাপতিজনে। আইমাতৃ তথা ভগ্নীসকলৰ বাবে সমাজখনক অধিক সুৰক্ষিত আৰু নিৰাপদ কৰি তোলাৰ ক্ষেত্ৰত সকলোৰে দায়িত্ব থকাৰ কথা উল্লেখ কৰে তেওঁ। ইয়াৰ লগতে মহিলা আৰু কিশোৰীসকলক সাহস গোটাবলৈ আহ্বান জনাই কয় যে সমাজত হাৰাশাস্তি, ভাবুকি বা নিৰ্যাতনৰ সন্মুখীন হ’লে তৎক্ষণাত দৃঢ়ভাৱে আইনগত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। এইক্ষেত্ৰত কোনো ধৰণৰ ভয় বা কুণ্ঠাবোধ কৰা অনুচিত বুলি মন্তব্য কৰে নেতাজনে। নলবাৰীৰ এই হত্যাকাণ্ডৰ পৰা সমগ্ৰ সমাজে শিক্ষা লোৱা উচিত বুলি উল্লেখ কৰি অনাগত দিনত নাৰী সুৰক্ষাৰ ক্ষেত্ৰত অধিক সজাগ, দায়িত্বশীল আৰু সক্ৰিয় সমাজ গঢ়ি তোলাৰ বাবে প্ৰতিজন নাগৰিককে ঐক্যবদ্ধভাৱে কাম কৰিবলৈ তেওঁ আহ্বান জনায়।
ইফালে, সামাজিক মাধ্যমযোগে প্ৰতিক্ৰিয়া ব্যক্ত কৰি গৌৰৱ গগৈয়ে কয় যে এই নৃশংস ঘটনাই প্ৰতিগৰাকী ব্যক্তিকে জোকাৰি গৈছে। অভিযুক্ত আছিফ খান ওৰফে ৰ’জ আলীয়ে এই ভয়ংকৰ আক্ৰমণ সংঘটিত কৰাৰ পূৰ্বে দীৰ্ঘদিন ধৰি যুৱতীগৰাকীক হাৰাশাস্তি আৰু ভাবুকি প্ৰদান কৰি আহিছিল বুলি অভিযোগ উত্থাপিত হৈছে। ঘটনাৰ সময়ত যুৱতীগৰাকীক ৰক্ষা কৰিবলৈ আগবাঢ়ি অহা মাধুৰ্য বৰ্মনক আছিফ খানে নিৰ্মমভাৱে আক্ৰমণ কৰে আৰু তাৰ ফলতেই তেওঁ প্ৰাণ হেৰুৱাবলগীয়া হয়। এই ধৰণৰ বৰ্বৰ ঘটনাক কেৱল তীব্ৰ ভাষাৰে নিন্দা আৰু গৰিহণা দিয়াই যথেষ্ট নহয় বুলি স্পষ্ট কৰি দিয়ে সভাপতি গগৈয়ে। মহিলাসকলৰ সুৰক্ষা, মৰ্যাদা আৰু স্বাধীনতাৰ সৈতে কোনো ধৰণৰ আপোচ হ’ব নোৱাৰে বুলিও মন্তব্য কৰে তেওঁ।
অসম চৰকাৰক অনুৰোধ জনাই কংগ্ৰেছ সভাপতিগৰাকীয়ে কয় যে যুৱতীসকলৰ বিৰুদ্ধে চলি থকা ধাৰাবাহিক হাৰাশাস্তি আৰু নিৰ্যাতনৰ ঘটনাসমূহক ভৱিষ্যতৰ বাবে এক গুৰুত্বপূৰ্ণ শিক্ষা হিচাপে ল’ব লাগে। মহিলাসকলৰ বিৰুদ্ধে সংঘটিত হাৰাশাস্তি, অনুসৰণ বা ভয়-ভাবুকিৰ প্ৰতিটো অভিযোগক অত্যন্ত গুৰুত্ব সহকাৰে লৈ আৰক্ষী তথা সংশ্লিষ্ট কৰ্তৃপক্ষই তৎকালীনভাৱে ব্যৱস্থা গ্ৰহণ কৰা উচিত। তেনে কৰিলেহে এনে ঘটনাই আগলৈ আৰু ভয়ংকৰ ৰূপ ধাৰণ কৰিব নোৱাৰে। যুৱতী আৰু মহিলাসকলক এনে হাৰাশাস্তিৰ বিৰুদ্ধে স্থানীয় আৰক্ষী থানাত অভিযোগ দাখিল কৰিবলৈ উৎসাহিত কৰাটো প্ৰয়োজনীয় বুলিও তেওঁ মত প্ৰকাশ কৰে। স্থানীয় মহিলা আত্ম-সহায়ক গোট আৰু সমাজৰ নেতৃবৃন্দক আৰক্ষী আৰু ভুক্তভোগীৰ মাজত সমন্বয় স্থাপনৰ সুযোগ দিয়াৰো পোষকতা কৰে তেওঁ। অভিযোগ পোৱাৰ লগে লগে গোচৰ ৰুজু হোৱাটো নিশ্চিত কৰাৰ লগতে মহিলাসকলক যৌন নিৰ্যাতন, হাৰাশাস্তি বা আক্ৰমণ কৰা ব্যক্তিসকলৰ বিৰুদ্ধে ধৰ্ম নিৰ্বিশেষে কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰা উচিত বুলি গৌৰৱ গগৈয়ে পুনৰ উল্লেখ কৰে।
