জামিন বিচাৰি পুনৰ আদালতত আবেদন জুবিন গাৰ্গ গোচৰৰ মুখ্য অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ

অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ মূল অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাই মঙলবাৰে আদালতত দাখিল কৰে জামিনৰ আবেদন। ৰাজ্যৰ এখন বিশেষ ফাষ্ট ট্ৰেক আদালতে এই গোচৰৰ অভিযুক্তসকলৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতা চমুকৈ বি এন এছৰ অধীনত হত্যা, অপৰাধমূলক ষড়যন্ত্ৰ, ধন দাবী আৰু প্ৰৱঞ্চনাৰ দৰে কেইবাটাও গুৰুতৰ ধাৰাৰ অধীনত অভিযোগ গঠন কৰাৰ পিছতেই এই আইনী প্ৰক্ৰিয়া আৰম্ভ হয়। বিশেষ ফাষ্ট ট্ৰেক আদালতৰ বিচাৰক শৰ্মিলা ভূঞাই ‘ৰাজ্য বনাম সিদ্ধাৰ্থ শৰ্মা আৰু অন্য ছয়জন’ নামৰ এই গোচৰটোৰ শুনানি গ্ৰহণ কৰি সমগ্ৰ বিষয়টো এতিয়া পৰৱৰ্তী বিচাৰ প্ৰক্ৰিয়ালৈ প্ৰেৰণ কৰিছে।

আদালতৰ নথিপত্ৰ অনুসৰি, এই গোচৰত সিদ্ধাৰ্থ শৰ্মাৰ উপৰি শ্যামকানু মহন্ত, শেখৰ জ্যোতি গোস্বামী, অমৃত প্ৰভা মহন্ত, সন্দীপন গাৰ্গ, নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্য নামৰ অন্য ছয়জন লোক অভিযুক্ত হৈ আছে। প্ৰতিজন অভিযুক্তৰ ভূমিকাৰ ওপৰত ভিত্তি কৰি আৰক্ষীয়ে দাখিল কৰা অভিযোগনামাত বি এন এছৰ বিভিন্ন ধাৰা সন্নিৱিষ্ট কৰা হৈছে, য’ত প্ৰমাণ নষ্ট কৰা আৰু বিশ্বাসভংগৰ দৰে অপৰাধো অন্তৰ্ভুক্ত হৈ আছে।

ইফালে, মঙলবাৰে অসম বিধানসভাৰ মজিয়াত এই প্ৰসংগত এক গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। নিৰ্বাচনৰ সময়ত বিৰোধীৰ একাংশই কণ্ঠশিল্পী জুবিন গাৰ্গক লৈ ৰাজনীতি কৰাৰ চেষ্টা চলাইছিল বুলি অভিযোগ উত্থাপন কৰি তেওঁ কয়, “জুবিন গাৰ্গ হৈছে অসমীয়া জাতিৰ এক অমূল্য সম্পদ। যিসকল ৰাজনৈতিক দলে এসময়ত ‘মায়াবিনী’ আৰু ‘দায়াবিনী’ শব্দ দুটাক লৈ বিতৰ্কৰ সৃষ্টি কৰি শিল্পীজনক তীব্ৰ সমালোচনা কৰিছিল, তেওঁলোকেই পৰৱৰ্তী সময়ত নিজৰ ৰাজনৈতিক লাভালাভৰ বাবে তেওঁৰ জনপ্ৰিয়তাক ব্যৱহাৰ কৰিবলৈ উঠি-পৰি লাগিছিল।”

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *